নতুন দিল্লীঃ দুমাহৰ পূৰ্বে হৈছিল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-সংঘৰ নিৰ্বাচন৷ এই নিৰ্বাচনত সভাপতি পদত নিৰ্বাচিত হৈছিল এ ভি বি পিৰ প্ৰাৰ্থী অংকিভ বাইছোয়া৷ কিন্তু নিৰ্বাচিত হোবাৰ দুমাহৰ পাছতে তেওঁক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰনেতাজনক বিশ্ববিদ্যালয়ৰপৰাই বহিষ্কৰ কৰিছে৷ 

অংকিভৰ বহিষ্কৰণৰ সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মুখ বন্ধ ৰাখিলেও এই বিষয়ে নিশ্চিত কৰিছে দিল্লী আৰক্ষীয়ে৷ 

মন কৰিবলগীয়া যে এ ভি বি পি নেতাজন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-সংঘৰ নিৰ্বাচনত সভাপতি পদত জয়লাভ কৰাৰ পাছতে তেওঁৰ ডিগ্ৰী ভুৱা বুলি অভিযোগ উঠিছিল৷ পৰৱৰ্তী সময়ত থিৰুভল্লুভাৰ বিশ্ববিদ্যালয়ে ছাত্ৰজনৰ প্ৰমাণ-পত্ৰ ভুৱা বুলি ঘোষণা কৰিছিল৷

ইয়াৰ ভিত্তিতে দিল্লী বিশ্ববিদ্যালয়ে অনুসন্ধান কৰি অৱশেষত ১৫ নৱেম্বৰত ছাত্ৰজনক বহিষ্কাৰ কৰে৷