লক্ষৌঃ অকল বি জে পিয়েহে হিন্দুত্বৰ ৰাজনীতি কৰিব পাৰে নেকি? গেৰুৱা দলটোৱে বিকাশ আৰু দুৰ্নীতিৰ শ্ল’গানেৰে ২০১৪ৰ লোকসভাৰ নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাত জয়লাভ কৰি পৰৱৰ্তী সময়ত হিন্দুত্ববাদৰ এজেণ্ডাহে আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হ’ল৷

ধৰ্মৰ ক্ষেত্ৰত অতি আবেগিক ভাৰতীয় ভোটাৰক বি জে পিয়ে মোহাচ্ছন্ন কৰি ৰাখিব পৰা দেখি এতিয়া একেই হিন্দুত্বৰ কাৰ্ডখন খেলিবলৈ লৈছে কংগ্ৰেছে৷ 

কিছুদিনৰ পূৰ্বে ৰাহুল গান্ধীৰ ভগ্নী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাক এ আই চি চিৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব প্ৰদান কৰি উত্তৰ প্ৰদেশৰ পূব খণ্ডৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল৷ 

ইয়াকে লৈ কংগ্ৰেছ দলৰ ভিতৰত উছাহৰ অন্ত নাই৷ প্ৰিয়ংকাৰ টুইটাৰ সক্ৰিয় কৰাৰ লগে লগে হাজাৰ হাজাৰ ফল’ৱাৰছে তেওঁক ফ’ল’ কৰিবলৈ আৰম্ভ কৰিছে৷ 

ইপিনে দলৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে তেওঁ সোমবাৰে উত্তৰ-প্ৰদেশত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছে৷ দেখা গৈছে দলীয় কৰ্মীৰ মাজত উছাহ৷ ইয়াৰ মাজতে এখন বৃহৎ প’ষ্টাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ প’ষ্টাৰখনত দুৰ্গতিনাশিনী দুৰ্গাৰ ছবি অংকন কৰা হৈছে আৰু তাত লিখা আছে ‘মা দুৰ্গাৰ ৰূপত প্ৰিয়ংকা’৷

এতিয়া প্ৰশ্ন উঠিছে প্ৰিয়ংকা গান্ধী যদি দুৰ্গা, তেন্তে মহিষাসুৰ কোন?