দুলীয়াজানঃ উজনিৰ তৈল নগৰী দুলীয়াজান বন্ধ ঘোষণা কৰিছে ৭টাকৈ জনগোষ্ঠীয় সংগঠনে৷ ৰাইজৰ দাবীক গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ অহা ১২ ফেব্ৰুৱাৰীৰ পৰা ৪৮ ঘন্টীয়া অইলৰ বিৰুদ্ধে দুলীয়াজান বন্ধ কাৰ্যসূচী ঘোষণা কৰে সংগঠনকেইটাই।

জানিব পৰা মতে, দুলীয়াজানৰ টিপলিং তিনিআলি-ষ্টেছন পথ নিৰ্মাণ হৈ আছে যদিও ব্যাপক দুৰ্নীতি, অনিয়ম সংঘটিত হোৱাৰ লগতে শামূকীয়া গতিৰে পথটো নিৰ্মাণ কৰাত ৰাইজে ব্যাপক সমস্যাত পৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনসমূহে৷ এক বিবৃতি যোগে জনগোষ্ঠীয় সংগঠন সমূহৰ ঐক্যমঞ্চই অইলে ৰাইজৰ দাবীক গুৰুত্ব প্ৰদান নকৰাৰ লগতে দুলীয়াজানৰ উন্নয়নত কিঞ্চিত পৰিমাণেও গুৰুত্ব নিদিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

জনগোষ্ঠীয় সংগঠন সমূহৰ ঐক্যমঞ্চ সভাপতি ৰূপম গগৈ আৰু কাৰ্যকৰী সভাপতি ৰতন থাপাই চিপলিং তিনিআলি-ৰেল ষ্টেছনৰ পথটো নিৰ্মাণৰ বাবে অইলে ২০১২-২০১৩ চনত ধনৰ আৱন্টন দিছিল যদিও গড়কাপ্তানী বিভাগৰ বাবে আজিলৈকে পথ নিৰ্মাণ সমাপ্ত নোহোৱাৰ অভিযোগ উত্থাপন কৰি ৭টাকৈ সংগঠনে বন্ধৰ দৰে কাৰ্যসূচী ঘোষণা কৰিব লগা হোৱা বুলি কয়৷