দুলীয়াজানঃ সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান আঞ্চলিক সমিতিয়ে বুধবাৰে পুৱাৰে পৰা চকা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে।

সংগঠনটোৱে দীৰ্ঘদিন ধৰিড় প্ৰদূষণ নিয়ন্ত্ৰণ, বাঁট-পথৰ উন্নয়ন, বিশুদ্ধ খোৱাপানী যোগান, থলুৱাক নিযুক্তি দিয়াৰ দাবীত প্ৰতিবাদ কৰি অহাৰ পিছতো অইল ইণ্ডিয়াই গুৰুত্ব প্ৰদান নকৰাত বুধবাৰৰ পুৱাৰে পৰা ৩৬ ঘণ্টীয়া চকাবন্ধ কাৰ্যসূচী ঘোষণা কৰে।

সংগঠনটোৱে আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত অইল ইণ্ডিয়াৰ বিভিন্ন তৈলক্ষেত্ৰলৈ আহ-যাহ কৰা বিষয়া আৰু কৰ্মচাৰীৰ গাড়ী সমূহৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে।

দীৰ্ঘদিনে ৰাজহুৱা স্বাৰ্থত দাবী সমূহ পূৰণ কৰাৰ বাবে প্ৰতিবাদ কৰি আহিছে যদিও বুধবাৰৰ পুৱা ৫ বজাৰ পৰা বন্ধ ঘোষণা কৰি অইল ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ যাৰ ফলত খনন আৰু উৎপাদনত প্ৰভাৱ পৰা দেখা যায়৷