newsnextone.com | ডিব্ৰুগড়ঃ পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ মন্তব্যৰ বিৰুদ্ধে ৰাজ্যুজুৰি ক্ষোভৰ সৃষ্টি হৈছে। অসমত গৃহযুদ্ধৰ পৰিবেশ সৃষ্টি হোৱা বুলি কোৱাৰ লগতে অসমলৈ তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি আহি অসমত অশান্তিৰ পৰিবেশ সৃষ্টি কৰিব বিচৰাৰ অভিযোগ উত্থাপন হৈছে মমতা বেনাৰ্জী আৰু দলৰ বিৰুদ্ধে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে দুলীয়াজানত অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতি অাৰু গোৰ্খা ছাত্র সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে মমত বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

দুলীয়াজানৰ অইল মাৰ্কেটৰ সমীপত মমতা বেনাৰ্জীৰ প্ৰতিমূতি দাহ কৰি মমতাই অসমৰ এনঅাৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে প্ৰকাশ কৰি অহা মন্তব্য সন্দৰ্ভত  তীব্ৰ বিৰোধিতা কৰে সংগঠনদুটাই।

কাৰ্যসূচীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মানস জ্যোতি বৰুৱাই অংশ লৈ অসমৰ অসমীয়াৰ ধৰ্ম যিয়েই নহওক, ভাষা যিয়েই নহওক, জাতীয় চিনাকি যিয়েই নহওক সকলোৱে পৰস্পৰে-পৰস্পৰক সম্পূৰ্ণ বিশ্বাস কৰি ভাতৃবোধেৰে ঐক্যবদ্ধ হৈ আছো বুলি কয়।

এই সমস্যা অামাৰ সমস্যা। খিলঞ্জীয়া ৰাইজৰ বাবে এনআৰচি অস্তিত্ব ৰক্ষাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। বিদেশী সমস্যাৰ সমাধান শীঘ্ৰে হ'বই লাগিব। আনহাতে এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ দিন ২০১৮ চনৰ ৩০ জুলাই অসমৰ ইতিহাসৰ এটা চিৰস্মৰণীয় দিন হৈ ৰ'ব বুলি কয়। ঐতিহাসিক দিনটোতেই দীৰ্ঘদিন ধৰি চলা আন্দোলন ফলস্বৰূপে অসমে পূৰ্ণাংগ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা লাভ কৰা বুলি কৈ চূড়ান্ত খচৰা প্ৰকাশৰ লগে লগেই বৈধ অসমীয়াৰ জয়যাত্রা আৰম্ভ হোৱা বুলি কয় মানস জ্যোতি বৰুৱাই।