লালুকঃ ডাম্পাৰৰ অতপালিয়ে নিদ্ৰা হৰণ কৰিছে ৰাজ্যবাসীয়ক ৰাজপথত এতিয়া মানুহ ওলাবলৈ ভয় কৰা হৈছে ডাম্পাৰৰ বাবে৷ গুৰু গোঁসাই নমনা চালকে যিকোনো মুহূৰ্তত প্ৰাণ লব পাৰে মানুহৰ৷ ৰাজপথত এতিয়া ডাম্পাৰৰ বাবে মৃত্যুৰ কিৰিলি শুনা যায়৷ ৩০ জানুৱাৰীৰ নিশা কামৰূপৰ ৰঙিয়াত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈছিল মানস প্ৰতীম ডেকা নামৰ যুৱকজন।

ৰঙিয়াত আৰক্ষীয়ে ট্ৰাক-ডাম্পাৰক নাকী লগাব নোৱাৰাৰ ফলতেই এনে দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰি ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। তাৰ মাজতে, বৃহস্পতিবাৰে এহাল দম্পত্তৰি প্ৰাণ ললে ডাম্পাৰে৷ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ অধিবক্তা তথা বিশিষ্ট ব্যৱসায়ী টুৱা নাথ উপাধ্যায় দাহাল আৰু পত্নী মিনতি দাস উপাধ্যায়ৰ পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক আকোৱালি লয় বৃহস্পতিবাৰে৷

জানিব পৰা মতে, নিজৰ বলেৰ’ গাড়ীৰে গুৱাহাটীৰ পৰা গৃহ অভিমুখে আহি থকা অৱস্থাত মৰিগাঁও জিলাৰ জাগীৰোডত দুৰ্ঘটনাত পতিত হৈ দম্পত্তি হালৰ মৃত্যু হয়৷ পত্নী মিনতি দাসক দিল্লীত চিকিৎসা কৰি গুৱাহাটীত উপস্থিত হোৱাৰ পিছতেই উপাধ্যায় দম্পত্তিয়ে বলেৰ’ গাড়ীৰে গৃহ অভিমুখে আহি থকা অৱস্থাত জাগীৰোডৰ ক্ষেত্ৰীত এখন তীব্ৰ বেগী ডাম্পাৰে খুন্দা মৰাৰ ফলত বলেৰ’ খনৰ সন্মুখ ভাগ চেপেতা হয়৷

ফলত নিহত হয় স্বামী-স্ত্ৰী হাল৷ দিল্লীত পত্নীৰ চিকিৎসা কৰি বৃহস্পতিবাৰে পুৱা নিজা ব’লেৰ’ গাড়ীৰে বিহপুৰীয়া অভিমুখে আহি থকা অৱস্থাত এখন ডাম্পাৰৰ খুন্দাত ভাৰত গেছ এজেন্সিৰ গৰাকী হালৰ মৃত্যু হোৱাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতেই শোকৰ ছাঁ পৰে বিহপুৰীয়াত৷