দৰংঃ অসমীয়া সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ শাখা সাহিত্য সভা সমূহৰ অৱদান অতুলনীয় ৷ য’ত সৃষ্টি হয় অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা সুপ্ত প্ৰতিভাৰ ন-ন বীজ ৷ অসমীয়া সাহিত্যলৈ অৰিহণা যোগাই অহা তেনে এখন ক্ষেত্ৰ হ’ল দৰং সাহিত্য সভা ৷ যিখন সাহিত্য সভাই গৰকিলে ৪৪ বছৰ ৷ 

ঐতিহাসিক লক্ষীমপুৰ পুখুৰী পাৰত অনুষ্ঠিত হোৱা ৪৪ সংখ্যক দৰং সাহিত্য সভাৰ পুৰ্ণাংগ অধিৱেশনৰ সোমবাৰে সামৰণি পৰে। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে দৰং জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ৰামচন্দ্র ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি পুনুৰাম কলিতাই।

নিৰ্দিষ্ট বক্তা হিচাপে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি পৰমানন্দ ৰাজবংশীৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মংগলদৈ আৰু ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়কদ্বয় গুৰুজ্যোতি দাস আৰু বিনন্দ শইকীয়াই। সভাত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক পদুম ৰাজখোৱা, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি অধ্যাপক ইদ্ৰিছ আলি, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভাৰত ভূষণ মহন্ত লগতে কেইবাগৰাকীও আমন্ত্রিত অতিথি উপস্থিত থাকে।

আনহাতে উক্ত অনুষ্ঠানতে ডঃ নৃপেন্দ্ৰ ডেকা আৰু ডঃ অজিত কুমাৰ শৰ্মাই সম্পাদনা কৰা ‘লখিমী’ নামৰ স্মৃতি গ্রন্থ খন উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তৰুণ আজাদ ডেকাই। নিৰ্দিষ্ট বক্তা ৰাজবংশীয়ে ভাষণ প্ৰসংগত নতুন প্ৰজন্মক সাহিত্য সভাৰ মজিয়ালৈ অনাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

জয়ন্ত ৰাজবংশীৰ ‘চাইকেল আৰোহীৰ মিঠা সংলাপ’ৰ লগতে দ্বীপেন্দ্ৰ শৰ্মা আৰু জয়ন্ত ৰাজবংশীয়ে একেলগে প্ৰকাশ কৰি উলিওৱা ‘বৰপুখুৰীৰ ঢৌত এজাক শৰালি’ নামৰ গ্ৰন্থ দুখন উন্মোচন কৰাৰ মাজতে নিৰ্দিষ্ট বক্তা পৰমানন্দ ৰাজবংশীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অসম সাহিত্য সভাই সাহিত্যৰ বাবে কাম কৰি যাওঁতে দৰং জিলাই বহুতো সহায়-সহযোগিতা আগবঢ়াই গৈছে।

উল্লেখ্য যে,অধিৱেশনৰ মুকলি সভাতেই ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কৃতি শিক্ষক ভাৰত ভূষণ মহন্ত, ৰাজ্যিক বঁটা প্ৰাপক কৃতি শিক্ষক যতীন ভট্ট আৰু শিৱপ্ৰসাদ শৰ্মাক সম্বৰ্ধনা জনোৱা হয়। অধিৱেশনৰ সামৰণি দিনটোতেই সন্ধিয়া মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত কেইবাগৰাকীও আমন্ত্রিত শিল্পীয়ে অংশগ্ৰহণ কৰে।