“জাপানত যদি আপুনি আছে, তেন্তে ভূমিকম্পক লৈ অভ্যস্ত হৈ পৰাতো স্বাভাৱিক। জাপানত প্ৰথমবাৰৰ বাবে যেতিয়া মই ভূমিকম্পৰ সন্মুখীন হৈছিলো, তেতিয়া সম্ভৱতঃ নিশা ২ বাজিছিল। টোপনিৰ পৰা সাৰ পাই কঁপি থকা অট্টালিকাটোৰ ভিতৰৰ মোৰ বিচনাখনৰ ওপৰত বহি মই কেৱল ঈশ্বৰৰ নাম লৈছিলো। এনে লাগিছিল যেন এইমাত্ৰ গোটেই বিল্ডিংটো খহি মোক হেঁচা মাৰি ধৰিব। কিন্তু সময়ৰ লগে লগে বুজি উঠিছো যে যদি জাপানত আপুনি ভূমিকম্পৰ সন্মুখীন হোৱা নাই, তেন্তে আপুনি জাপানলৈ অহাই নাই।”

জাপানত বিগত ১০ বছৰ ধৰি বাস কৰি অহা এগৰাকী ভাৰতীয়ৰ মুখৰ কথা এয়া। প্ৰযুক্তিৰ উন্নত দেশ জাপানত বাৰে বাৰে অনুভূত হোৱা ভূমিকম্পৰ জোকাৰণিক লৈ এইদৰে তেওঁ ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া। মুম্বাইৰ নিৱাসী আশুতোশ বাৰ্মাৰ মতে জাপানৰ পৰিচয়েই হৈছে ভূমিকম্প। তেওঁৰ মতে জাপানত বাস কৰা প্ৰতিজন লোকেই সঘনাই অনুভূত হোৱা ভূমিকম্পৰ প্ৰতি আসক্ত। 

আশুতোষ বাৰ্মাই কয়, “জাপানৰ সঘন ভূমিকম্পন জীৱনৰ অংশ হৈ পৰে। এটা সময়ত এই কম্পনৰ প্ৰতি আপুনি আসক্ত হৈ পৰিব। কিন্তু তথাপিও মনত এটা শংকা থাকেই। ভৱা হয়- ইয়াৰ পিছত ইয়াতকৈ ডাঙৰ জোকাৰণি আহিব নেকি? তেতিয়া আমাৰ অট্টালিকাটো এনেদৰে থিয় হৈ থাকিব পাৰিব নে?”

প্ৰায় ১৩ বছৰ পূৰ্বে এবাৰ জাপানত ভূমিকম্পই বিভীষিকা নমাই আনিছিল। সেই ভূমিকম্পৰ ফলত সৃষ্টি হোৱা চুনামীয়ে সকলো ঢাহি মুহি নিছিল। আৰু ইয়াৰ বাবেই ফুকচিমাৰ পাৰমাণৱিক প্লাণ্টত সংঘটিত হৈছিল দুৰ্ঘটনা। সেই ঘটনা আজিও জাপানৰ স্থানীয় জনতাৰ মাজত ভয়াবহ স্মৃতিৰ দৰে সজীৱ হৈ আছে।  ২০১১ চনৰ ১১ মাৰ্চত অহা প্ৰলয়ংকাৰী চুনামীত প্ৰাণ হেৰুৱাইছিল ১৯৭০০ৰো অধিক লোকে। বিভীষিকাময় পৰিস্থিতিত আহত হৈছিল ৬,২৪২ জন লোক আৰু নিখোজ হৈ পৰিছিল প্ৰায় ২৫০০ নিৰীহ জনতা। 

জাপানৰ সেই বিভীষিকাময় দিনৰ স্মৃতিয়ে আজিও আঘাত হানে দেশখনৰ নিৱাসীসকলক। কিন্তু নতুন বছৰৰ আৰম্ভণিতে পুনৰ এবাৰ যেন সতেজ হৈ পৰিছে সেই দুঃসহ স্মৃতি।  সোমবাৰে ইছিকাৱাত প্ৰচণ্ড ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ পাছতে পুনৰ এবাৰ জাপানত বাজিবলৈ আৰম্ভ কৰে বিধ্বংসী চুনামীৰ এলাৰ্ম।  মঙলবাৰে জাপান চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে এই ভূমিকম্প আৰু চুনামী পৰিস্থিতিত ২৭ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হৈছে ১৪৯ জন লোক। ইফালে ১২ জন লোকৰ সন্ধান বিচাৰি এতিয়া অব্যাহত আছে প্ৰশাসনৰ উদ্ধাৰ অভিযান।

২০১১ চনত যেতিয়া ২ মিনিটৰ বাবে কঁপি উঠিছিল সমগ্ৰ পৃথিৱী

এটা শতিকাৰ চতুৰ্থটো সৰ্ববৃহত্ ভূমিকম্পই ২০১১ চনত জাপানত নমাই আনিছিল মৃত্যুৰ আতংক।  সেই বছৰৰ ১১ মাৰ্চত সম্পূৰ্ণ ২ মিনিটৰ বাবে যেন কঁপি উঠিছিল সমগ্ৰ পৃথিৱী। ক্ৰমাগতভাৱে ইটোৰ পিছত সিটোকৈ অনুভূতি হোৱা জোকাৰণিয়ে ক্ৰমান্বয়ে মৃত্যুৰ গহ্বৰলৈ ঠেলি দিছিল জাপানৰ উত্তৰ-পূব অঞ্চলক। ভূমিকম্পৰ ৪০ মিনিটৰ ভিতৰতে প্ৰথম চুনামীটো উপকূলৰ ফালে আহি জাপানৰ উত্তৰ-পূব উপকূলত শ শ কিলোমিটাৰ সাগৰৰ চাৰিওফালে থকা দেৱাল ভাঙি চহৰ আৰু গাঁও বুৰাই পেলায়। চেণ্ডাই চহৰৰ ওপৰত উৰি থকা এখন হেলিকপ্টাৰে তেতিয়া এই ঘটনা লাইভ টিভিত দেখুৱাইছিল।

কিন্তু কেৱল চুনামীৰ বিভীষিকাই সকলো নাছিল! পাৰমাণৱিক শক্তি কেন্দ্ৰত সংঘটিত দুৰ্ঘটনাৰ খবৰ অহাৰ পিছতে আতংকত শিঁয়ৰি উঠে জাপানৰ লগতে সমগ্ৰ বিশ্ব। ফুকচিমাত সংঘটিত হোৱা এই দুৰ্যোগৰ ফলত লাখ লাখ লোকক ঘৰৰ পৰা সুৰক্ষিত স্থানলৈ ওলাই যাবলৈ নিৰ্দেশ দিয়া হয়। আনকি সেই সময়ত নিৰাপদ বুলি গণ্য কৰা হোৱা নাছিল টকিঅ’কো। 

২০১১ৰ সেই ভূমিকম্প আৰু ছুনামীৰ ফলত আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১৯,৭৫৯ জন। আহত হৈছিল ৬,২৪২ জন আৰু নিৰুদ্দেশ হৈ পৰিছিল ২,৫৫৩ জন লোক। এই দুৰ্যোগক গ্ৰেট ইষ্ট জাপান ভূমিকম্প আৰু ছুনামী বা কেৱল ৩.১১ বুলিও অভিহিত কৰা হয়। সেয়া আছিল জাপানত এতিয়ালৈকে হোৱা আটাইতকৈ শক্তিশালী ভূমিকম্প, আৰু ১৯০০ চনৰ পিছত বিশ্বৰ চতুৰ্থ শক্তিশালী ভূমিকম্প।

জাপানত ভূমিকম্প তেনেই সাধাৰণ

২০১১ চনৰ পিছত পুনৰ এবাৰ আতংকই বিৰাজ কৰিলে জাপানত। পুনৰ এবাৰ সৃষ্টি হ’ল ছুনামীসদৃশ পৰিস্থিতিৰ! সোমবাৰৰ ভূমিকম্পত ৪৭ জন লোকৰ মৃত্যু ঘটা বুলি চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে। বিপৰীতে আন দেশত এনে প্ৰলয়ংকৰী ভূমিকম্প বাদেই ৬.৫ প্ৰাৱল্যৰ জোকাৰণিতে ১০০০ৰো অধিক লোক নিহত হৈ আহিছে।

সোমবাৰে নিশা ভূমিকম্পৰ পিছত প্ৰায় ২০ লাখ ঘৰত বিদ্যুত সংযোগ ব্যাহত হৈ পৰে। অৱশ্যে পুৱাৰ ভাগত অধিকাংশই পুনৰ বিদ্যুত সেৱা লাভ কৰিবলৈও সক্ষম হয়। সমগ্ৰ দেশতে অনুভূত হোৱা এই ভূমিকম্পৰ ফলত ব্যাপক ক্ষতিসাধন আৰু বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ লগতে ২০১১ চনৰ পাৰমাণৱিক দুৰ্যোগ সংঘটিত হোৱা ফুকুশ্বিমা প্ৰিফেকচাৰত এখন বুলেট ট্ৰেইন ৰেলপথৰ পৰা বাগৰি পৰে। অৱশ্যে এইবাৰ পাৰমাণৱিক প্লাণ্টটোত কোনো প্ৰভাৱ পৰা নাই বুলি ইতিমধ্যেই বিষয়াসকলে অৱগত কৰিছে। 

প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডাই কয় যে চৰকাৰে এতিয়াও ক্ষতিৰ পৰিসৰৰ মূল্যায়ন কৰি আছে, আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহক সহায় কৰিবলৈ উপলব্ধ সকলো সম্পদ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। লগতে আন্তঃৰাষ্ট্ৰীয় সমাজে সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ বাবেও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয়, "এই সংকট দূৰ কৰাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰিম আৰু অতি সোনকালে স্বাভাৱিক অৱস্থা ঘূৰাই আনিম।”
 
জাপানৰ সফলতাৰ কাহিনী

“সোমবাৰৰ ভূমিকম্পই পুনৰ এবাৰ ২০১১ চনৰ বিভীষিকালৈ মনত পেলাই দিছিল যদিও এইবাৰ ভূমিকম্পই জাপানৰ সফলতাৰ কাহিনী বৰ্ণনা কৰিছে। সেয়ে ভূ কম্পন অনুভূত হোৱাৰ পিছতো এইবাৰ ভীতিগ্ৰস্ত হোৱা নাছিলো।” – ২০১১ চনৰ প্ৰলয়ংকাৰী ভূমিকম্প আৰু ছুনামীৰ সৈতে সোমবাৰৰ ভূমিকম্পৰ তুলনা কৰি এইদৰে কয় মিয়াগি প্ৰিফেকছাৰৰ এগৰাকী বিষয়াই।  তেওঁ কয় যে জাপানে দেশখনত হোৱা ভূমিকম্প তীব্ৰতাৰ ভিত্তিত জুখিব নোৱাৰে। কিমান কম্পন অনুভূত হৈছে সেয়াহে হিচাব কৰা হয়। এই সময়ছোৱাত ভূমিকম্পৰ তীব্ৰতা ১ৰ পৰা ৭লৈকে হয়। আৰু সোমবাৰে ইছিকাৱাত সৰ্বাধিক ৭ বাৰ ভূমিকম্প সংঘটিত হয়।

সোমবাৰৰ এই ভূমিকম্পৰম ফলত বৃহৎ পৰিসৰত পথ আৰু দলং ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ফলত ব্যাপক ভূমিস্খলন হয় যদিও বেছিভাগ অট্টালিকা এতিয়াও থিয় হৈয়ে আছে। ভূমিকম্পৰ পিছতো এক প্ৰকাৰে টয়মা আৰু কানাজাৱাৰ দৰে ডাঙৰ চহৰত স্বাভাৱিক জীৱন একেদৰেই চলি আছে।

কাশীৱাজাকিৰ সমীপৰ এগৰাকী স্থানীয় নাগৰিকে কয়, “আচলতে বৰ ভয়ংকৰ আছিল।” তেওঁ পুনৰ কয়, “এতিয়ালৈকে ইয়াতকৈ ডাঙৰ ভূমিকম্প মই কেতিয়াও অনুভৱ কৰা নাই। আমি ঘৰ এৰি আঁতৰি যাবলগীয়া হৈছিল যদিও এতিয়া আমি ঘৰলৈ উভতি আহিছো আৰু সকলো ঠিকেই আছে।”

অভিযান্ত্ৰিক সফলতাই হ্ৰাস কৰিছে ক্ষতি

জাপানত ভূমিকম্প অস্বাভাৱিক নহয়। কিন্তু সময়ৰ সৈতে খোজ মিলাই ভূমিকম্পপ্ৰৱণ জাপানে নিজৰ অভিযান্ত্ৰিক ক্ষমতাৰে প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ। জাপানৰ এই অভিযান্ত্ৰিক সফলতাৰ কাহিনী আৰম্ভ হৈছিল প্ৰায় এশ বছৰ পূৰ্বে। ১৯২৩ চনত টকিঅ’ত বিভীষিকা নমাই অনা ভূমিকম্পৰ পিছতে অভিযান্ত্ৰিক দিশেৰে ক্ষয়-ক্ষতি হ্ৰাস কৰাৰ লক্ষ্যত নামি পৰিছিল জাপান। 

গ্ৰেট কান্টো ভূমিকম্প নামেৰে জনাজাত এই ভূমিকম্পৰ সময়ত চহৰখনৰ এক বৃহৎ অংশ সমতল হৈ পৰিছিল। ইউৰোপীয় শৈলীত নিৰ্মিত আধুনিক ইটাৰ অট্টালিকাবোৰ ভাঙি চুচূৰ্মৈ হৈ পৰিছিল। এই দুৰ্ঘটনাৰ পিছতে জাপানৰ প্ৰথমটো ভূমিকম্প প্ৰতিৰোধী বিল্ডিং ক’ড তৈয়াৰ কৰা হয়। তেতিয়াৰ পৰাই নিৰ্মাণ কৰা সকলো নতুন অট্টালিকাৰ বাবে তীখা আৰু কংক্ৰিটৰ ব্যৱহাৰ বাধ্যতামূলক হৈ পৰে। একে সময়তে কাঠৰ অট্টালিকাৰ বাবে ডাঠ বীম থকাটোও অতি প্ৰয়োজনীয় আছিল।

প্ৰতিবাৰেই দেশখনত অনুভূত হোৱা বৃহৎ ভূমিকম্পৰ পিছত জাপান চৰকাৰে ক্ষতিৰ মূল্যায়ন কৰে আৰু সেই অনুসৰি ভূমিকম্প প্ৰতিৰোধী নিয়মবোৰ সাল-সলনি কৰে। ১৯৮১ চনত সৰ্ববৃহত্ পৰিৱৰ্তন আনিছিল জাপানে। সেই বছৰটোত দেশখনে সকলো নতুন অট্টালিকাৰ বাবে নতুন ভূমিকম্পৰ ব্যৱস্থা ৰূপায়ণ কৰিছিল। পৰৱৰ্তী সময়ত ১৯৯৫ চনৰ কোবে ভূমিকম্পৰ পিছত আৰু অধিক ব্যৱস্থা সংযোজন কৰা হৈছিল।

এই ব্যৱস্থাসমূহৰ সফলতা ২০১১ চনত ৯.০ প্ৰাবল্যৰ ভয়ানক ভূমিকম্পৰ পিছত দেখা গৈছিল। ১৯২৩ চনত জাপানৰ ৰাজধানীত বিভীষিকা নমাই অনা সমান প্ৰাবল্যৰে ভূমিকম্প আছিল এইটোও। ১৯২৩ চনত চহৰখন সমতল কৰি ভূমিকম্পই প্ৰাণ কাঢ়িছিল  ১.৪ লাখ লোকৰ। আনহাতে ২০১১ চনত পূৰ্বৰ তুলনাত বাসগৃহৰ ক্ষয়-ক্ষতিৰ পৰিমাণ যথেষ্টই কম আছিল। ২০১১ চনত ছুনামীৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল যদিও স্থলভাগত হোৱা ভূমিকম্পৰ বাবে কোনো লোকৰ মৃত্যু হোৱা নাছিল।

এইবাৰো তেনে এক ছবিয়েই পোহৰলৈ আহিছে। ইছিকাৱাত ভূমিকম্পৰ ফলত কাঠৰ ঘৰ ভাঙিছে আৰু এটা আধুনিক অট্টালিকাও খহি পৰিছে। কিন্তু সংবাদ মাধ্যমে স্পষ্ট কৰা মতে, সেই অট্টালিকাটো ১৯৭১ চনতে নিৰ্মাণ কৰা হৈছিল। এইবাৰ ভূমিকম্পত পূৰ্বৰ তুলনাত মাত্ৰ কিছুসংখ্যক লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱাৰ বিপৰীতে বহু লোক আহত হৈছে।

বিশেষজ্ঞসকলে দাবী কৰা মতে, ক্ষতিৰ পৰিমাণ হ্ৰাস হোৱাটো সম্ভৱ হৈছে জাপানৰ আধুনিক আৰু দূৰদৰ্শী চিন্তাৰ বাবে। বাৰে বাৰে প্ৰবল ভূমিকম্পৰ কবলত পৰে জাপান। কিন্তু তাৰ পিছতো দেশখনে প্ৰকৃতিৰ এই ৰুদ্ৰৰূপৰ বিৰুদ্ধে নিজকে শক্তিশালী ৰূপত গঢ়ি তুলিছে।