গুৱাহাটীঃ গুৱাহাটীৰ মহানগৰীৰ পাৰ্শ্বৱৰ্তী বহু জনজাতি অধ্যুষিত ঠাই ‘ইক’ ছেনছিটিভ জ’ন’ হিচাপে ৰাজ্য চৰকাৰে ঘোষণা কৰাত ক্ষোভত ফাটি পৰিছে জনগোষ্ঠীয় লোকসকল৷ এই খবৰ বহু পলমকৈ লাভ কৰি ক্ষোভিত হৈ চৰকাৰে তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমিৰ ওপৰত থকা অধিকাৰ নোহোৱা কৰিলে বুলি কৈ প্ৰতিবাদ কৰাৰো সিন্ধান্ত লয়৷

মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰ, পানীখাইতি, বীৰকুছি, নাৰেংগী, সোণাপুৰত এতিয়া ‘ইক’ ছেনছিটিভ জ’ন’ক লৈ সৰৱ চৰ্চা অব্যাহত আছে৷ জনজাতীয় ভূমিপুত্ৰক সুৰক্ষা দিয়াৰ পৰিবৰ্তে চৰকাৰে ‘ইক’ চেনছিটিভ জ’ন’ত বসবাস কৰা বুলি হাৰাশাস্তি কৰাৰ হে পথ মুকলি কৰা বুলি কয় অঞ্চলসমূহৰ লোকসকলে৷

ভূমিপুত্ৰক ‘ইক’ ছেনছিটিভ জ’ন’ত থাকিবলৈ বাধ্য কৰায় ভৱিষ্যতে উচ্ছেদ কৰাৰো আশংকা ব্যক্ত কৰি জনজাতীয় লোকসকলে বহি নথকাৰ ভাবুকি প্ৰদান কৰে চৰকাৰক। চন্দ্ৰপুৰ, পানীখাইতি, বীৰকুছি, নাৰেংগী, সোণাপুৰৰৰ বিভিন্ন অঞ্চল সামৰি প্ৰায় ৪০-৫০ খন গাঁৱৰ ৰাইজৰ অজ্ঞাতে চৰকাৰে লোৱা এই সিদ্ধান্ত উঠাই ল'বলৈ দাবী জনাইছে।

আনহাতে বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰে ভূমিৰ অধিকাৰ খৰ্ব কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে ভূমি অধিকাৰ সংগ্ৰাম সমিতি, অসমে। চৰকাৰৰ এই একপক্ষীয় জনবিৰোধী কাৰ্যক তীব্ৰ সামলোচনা কৰে ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ চন্দ্ৰপুৰ অাঞ্চলিক সমিতিয়ে।

উল্লেখ্য যে, ২০১৬ চনৰ ১৮ মাৰ্চত ৰাজ্য চৰকাৰে এক অধিসূচনা যোগে অামসিং অভয়াৰণ্য এলেকাৰ চাৰিওফালে ১৭০ মিটাৰৰ পৰা ৮.১ বৰ্গ কিলিমিটাৰলৈকে বিস্তীৰ্ণ অঞ্চলক সংবেদনশীল এলেকা হিচাপে ঘোষণা কৰে। এই এলেকাৰ অন্তৰ্গত ৪০-৫০খন গাঁৱত যুগ যুগ ধৰি জনজাতীয় লোকসকলে বসবাস কৰি অাহিছে।

অামসিং অভয়াৰণ্যখন ৰক্ষাণাবেক্ষন কৰিব নোৱাৰা চৰকাৰে এতিয়া ইয়াৰ দাঁতিকাষৰীয়া লোকৰ সাতমপুৰুষীয়া ভূমিৰ অধিকাৰ কাঢ়ি লোৱাত উপায়ান্তৰ হৈ পৰিছে অঞ্চলবাসী। সংবেদনশীল এলেকাত জীৱ-জন্তুৰ লগতে মানুহৰ বসবাস কিদৰে হ'ব এই বিষয়ত প্ৰশ্ন উত্থাপন কৰিছে অঞ্চলবাসীয়ে।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল যোগে চন্দ্ৰপুৰ অাঞ্চলিক সমিতিৰ সভাপতি বাবুল ইংহী অাৰু সম্পাদক ঘনশ্যাম শইকীয়াই এই কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰি চৰকাৰৰ এনে কাৰ্য্ক ষড়যন্ত্ৰ অাখ্যা দিয়ে। সকলো দল-সংগঠনক একগোট হৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে অাহ্বান জনাই অহা ৩১ জুলাইত দিনৰ ১১ বজাত দীঘলীপুখুৰীপাৰত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি প্ৰকাশ কৰে সংগঠনটোৱে।