শিক্ষকৰ দালালগিৰি, নামভৰ্তিৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ 

 

চাবুৱাঃ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ বহু উন্নয়ণৰ কথা কৈ ঢাক-ঢোল বজাই থকাৰ সময়তে চাবুৱাত ছাত্ৰ মুক্তিৰ অভিযানত পোহৰলৈ আহিছে শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰাৰ ঘটনা।

গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহৰ গুণগত মানদণ্ড নিৰূপন কৰি শিক্ষা ব্যৱস্থাত নতুনত্বৰ সূচনা কৰিবলৈ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিলেও শিক্ষা বিভাগৰ একাংশ শিক্ষক-কৰ্মচাৰীয়ে  হেঙাৰ হৈ থিয় দিয়া দেখা যায়। মন্ত্ৰীগৰাকীয়ে সংস্কাৰ সাধন কৰিবলৈ যিমানেই অহোপুৰুষাৰ্থ চেষ্টা চলাই আহিছে, সিমানেই উন্মোচিত হ’ব ধৰিছে একাংশ বিদ্যালয়ৰ ফোঁপোলা স্বৰূপ ৷

বিদ্যালয়তো দালালগিৰি চলাবলৈ লোৱা এচাম দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী-শিক্ষকৰ বাবে শিক্ষা বিভাগটোত লাহে লাহে ঘূণে ধৰিবলৈ আৰম্ভ কৰা দেখা যায়৷ শিক্ষা বিভাগৰ একাংশ শিক্ষক আৰু বিষয়া-কৰ্মচাৰীয়ে অনৈতিকতাৰ আশ্ৰয় লৈ শিক্ষা বিভাগটোক ধ্বংসৰ পথলৈ লৈ যাব ধৰিছে৷

শিক্ষামন্ত্ৰীজনে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰিছে যদিও একাংশ দুৰ্নীতিগ্ৰস্থ শিক্ষকে সেই নীতি নিৰ্দেশনাক অমান্য কৰি ছাত্ৰ ছাত্ৰীৰ পৰা মাচুল সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ উল্লেখ্য যে, ছাত্ৰ মুক্তি সংগ্ৰহাম সমিতিৰ  চাবুৱা আঞ্চলিক সমিতিয়ে যোৱা কেইদিনমানৰ পৰা পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত চৰকাৰী বিদ্যালয়সমূহ নিৰীক্ষণ কৰি আহিছে।

নিৰীক্ষণ কালত সংগঠনটোৱে ডিকম পাৰ্ৱতী দেৱী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক লক্ষীনন্দন শৰ্মাই চলিত বৰ্ষৰ নামভৰ্তিৰ নামত ছাত্ৰ-ছাত্ৰীৰ ওপৰত চলাই আহিছে লুণ্ঠনৰাজ৷ জানিব পৰা মতে শিক্ষকজনে বিদ্যালয়খনৰ মুঠ ৪৪৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা মুঠ ১,১৪,১২০ টকাৰো অধিক ধন সংগ্ৰহ কৰিছে । ইয়াৰে ষষ্ঠ শ্ৰেণীত নতুনকৈ নামভৰ্তি কৰা ১৮৭ জন ছাত্ৰ-ছাত্ৰীৰ পৰা ২৬০ টকাকৈ ৪২,৬২০ টকা আৰু বাকী সপ্তম আৰু অষ্টম শ্ৰেণীৰ ২৬২ গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা ২৫০ টকাকৈ মুঠ ৬৫,৫০০ টকা সংগ্ৰহ কৰে।

এনেদৰে ছাত্ৰ-ছাত্ৰীৰ পৰা ব্যাপক হাৰত নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক কোনো ৰচিদ প্ৰদান কৰা নাই বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে।

সংগঠনটোৱে বিবৃতিটোত লগতে কয় যে যি সময়ত শিক্ষা মন্ত্ৰীগৰাকীয়ে চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ কথা কৈ দম্ভালি মাৰি আছে ঠিক সেই সময়তেই প্ৰধান শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰা কাৰ্যই শিক্ষা বিভাগৰ লগতে শিক্ষা মন্ত্ৰীগৰাকীৰ দায়িত্বহীনতাৰ কথাই প্ৰতিফলিত কৰিছে বুলি সংগঠনটোৱে ক্ষোভ ব্যক্ত কৰি অতি সোনকালে শিক্ষা বিভাগক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই।