বিগত ৯ বছৰীয়া মোদী চৰকাৰৰ কাৰ্যকালত কিমান বৃদ্ধি পাইছে ভাৰতৰ কূটনৈতিক ক্ষমতা? বিগত প্ৰায় এটা দশকত ৰাজনৈতিকভাৱে চৰ্চিত হৈ আহিছে এই প্ৰশ্ন। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কূটনৈতিক ক্ষমতা বৃদ্ধি কৰি নিজকে বিশ্বৰ শক্তিশালী নেতাসকলৰ মাজৰ এজনৰূপে প্ৰতিষ্ঠা কৰা বুলি বিজেপিয়ে কৰা দাবীৰ বিপৰীতে বিৰোধীয়ে উত্থাপন কৰি আহিছে যে মোদী চৰকাৰৰ কাৰ্যকালত হ্ৰাস পাইছে ভাৰতৰ কূটনৈতিক ক্ষমতা। শেহতীয়াকৈ কানাডাৰ সৈতে ভাৰতৰ সংঘাতে বিৰোধীৰ এই অভিযোগক যেন অধিক সাৰ-পানী যোগাইছিল।

কিন্তু কানাডা-ভাৰত সংঘাতৰ মাজতে এইবাৰ খবৰ আহিছে- কাটাৰত চোৰাংচোৱাৰ অভিযোগত মৃত্যুদণ্ডৰ শাস্তি বিহা হৈছে ভাৰতীয় নৌসেনাৰ ৮ গৰাকী প্ৰাক্তন জোৱানক। এই খবৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰ হোৱাৰ পিছতে প্ৰৱাসী ভাৰতীয়ৰ প্ৰতি মোদী চৰকাৰৰ দায়বদ্ধতাহীনতা আৰু দুৰ্বল ভূমিকাক লৈ সমালোচনাত সৰৱ হৈ পৰিছে বিৰোধী। কাটাৰ আদালতে ভাৰতীয় নাগৰিক কেইজনক মৃত্যুদণ্ডৰ শাস্তি বিহাক লৈ আশ্বৰ্য ব্যক্ত কৰিছে ভাৰত চৰকাৰেও। ইয়াৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে যে কানাডাৰ পিছত এইবাৰ কাটাৰৰ সৈতেও সম্পৰ্কত ফাট মেলিব নেকি ভাৰতৰ?

৮ জন প্ৰাক্তন বিষয়াক মৃত্যুদণ্ড কাটাৰী আদালতৰ

শুকান ভূখণ্ড আৰু সমুদ্ৰ তীৰৰ আৰৱৰ উপকূলীয় দেশ কাটাৰ৷ মাথো ২৭ লাখ ১৬ হাজাৰ জনসংখ্যাৰ পশ্চিম এছিয়াৰ এই ৰাষ্ট্ৰখনৰ জনমূৰি আয়ৰ তালিকাত বিশ্বৰ ভিতৰতে দখল কৰিছে চতুৰ্থ সংখ্যক স্থান। পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সৰ্ববৃহত্ ভাণ্ডাৰ থকা কাটাৰ প্ৰৱাসী শ্ৰমিকৰ সংস্থাপনৰ বাবেও জনাজাত। হিউমেন ৰাইটছ ৱাচৰ ২০২০ চনৰ ৱৰ্ল্ড ৰিপৰ্ট অনুসৰি কাটাৰত ২০ লাখতকৈ অধিক প্ৰব্ৰজিত শ্ৰমিক আছে। এই সংখ্যা হৈছে ক্ষুদ্ৰ ৰাষ্ট্ৰখনৰ মুঠ শ্ৰমিক শক্তিৰ প্ৰায় ৯৫ শতাংশ। তথ্য অনুসৰি ২০১৯ চনত কাটাৰে প্ৰায় ১৫ লাখ ৱৰ্ক ভিছা প্ৰদান কৰিছিল।

কাটাৰৰ বিভিন্ন তৈল তথা আন কোম্পানীত কৰ্মৰত অধিকাংশ শ্ৰমিকেই হৈছে ভাৰতীয়। ইয়াৰ পিছতে আছে নেপাল, বাংলাদেশ, ফিলিপাইনছ, আৰু শ্ৰীলংকাৰ অহা শ্ৰমিক। কাটাৰত থকা ভাৰতীয় দূতাবাসৰ তথ্য অনুসৰি ২০২০ চনৰ জানুৱাৰী মাহলৈকে কাটাৰত প্ৰায় ৭ লাখ ভাৰতীয় নাগৰিকে বাস কৰি কাম কৰি আছিল। অৰ্থাৎ কাটাৰত থকা মুঠ প্ৰব্ৰজিত কৰ্মশক্তিৰ প্ৰায় ৩৫ শতাংশ শ্ৰমিকেই হৈছে ভাৰতীয়। ইয়াৰে অধিকাংশই নিৰ্মাণ, অভিযান্ত্ৰিক, আতিথ্য, খুচুৰা, আৰু স্বাস্থ্য খণ্ডত কৰ্মৰত।

ভাৰতীয় নাগৰিকৰে ভৰি থকা এইখন কাটাৰৰ ৰাজধানী দোহাৰ পৰা অহা এক খবৰেই এতিয়া উদ্বেগ বৃদ্ধি কৰিছে ভাৰতত। ইছলামিক ৰাষ্ট্ৰখনত ভাৰতীয় নৌসেনাৰ ৮ প্ৰাক্তন বিষয়াক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে৷ এই খবৰে এতিয়া ভাৰত চৰকাৰৰ বাবেও সৃষ্টি কৰিছে এক বৃহৎ প্ৰত্যাহ্বানৰ। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নৌসেনাৰ ৮ প্ৰাক্তন বিষয়াক দিয়া শাস্তিক লৈ গভীৰভাবে উদ্বেগ প্ৰকাশ কৰিছে। 

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তাৎক্ষণিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই সিদ্ধান্তত ভাৰত চৰকাৰ হতচকিত হৈ পৰা বুলি মন্তব্য কৰে৷ এই সমস্যাৰ সমাধানৰ বাবে সকলো আইনী পথ লোৱাৰ কথাও উল্লেখ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। কাটাৰী আদালতৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ভাৰতীয় নৌসেনাৰ প্ৰাক্তন কৰ্মীসকলক মৃত্যুদণ্ডৰ পৰা ৰক্ষা কৰাটো ভাৰত চৰকাৰৰ বাবে বৃহৎ কূটনৈতিক প্ৰত্যাহ্বান বুলিও গণ্য কৰা হৈছে।

মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা কোন এইসকল ভাৰতীয় নৌসেনা?

দেশৰ ভূখণ্ডক সুৰক্ষিত কৰিবলৈ নৌসেনাত সেৱা আগবঢ়াই পৰৱৰ্তী সময়ত কাটাৰত সংস্থাপিত হোৱা এইসকল ভাৰতীয় নাগৰিকৰ নাম হৈছে কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰী, কেপ্টেইন নৱতেজ সিং গিল, কেপ্টেইন সৌৰভ বশিষ্ঠ, কেপ্টেইন বীৰেন্দ্ৰ কুমাৰ বাৰ্মা, কমাণ্ডাৰ সুগংকাৰ পাকলা, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা, কমাণ্ডাৰ অমিত নাগপাল আৰু নাবিক ৰাগেশ। বাতৰি অনুসৰি নৌ সেনাৰ পৰা অৱসৰ গ্ৰহণৰ পিছত ভাৰতীয় নাগৰিক কেইগৰাকীয়ে কাটাৰৰ এটা প্ৰতিৰক্ষা সেৱা কোম্পানীত কাম কৰিছিল। 

কিন্তু কোম্পানীত কৰ্মৰত হৈ থকা সময়তে ২০২২ চনৰ ৩০ আগষ্টত আটাই কেইগৰাকী ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰিছিল কাটাৰৰ চোৰাংচোৱা সংস্থা ষ্টেট ছিকিউৰিটি ব্যুৰ'ৱে। তেতিয়াৰ পৰাই কাৰাবন্দী হৈ থকা নৌ সেনাৰ প্ৰাক্তন বিষয়াকেইগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা চোৰাংচোৱাৰ গোচৰৰ আদালতত শুনানি আৰম্ভ হয় ২০২৩ চনৰ ২৯ মাৰ্চৰ পৰা। আদালতৰ দীৰ্ঘ শুনানিৰ পিছতে অৱশেষত আটাইকেইগৰাকী ভাৰতীয় নাগৰিকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে কাটাৰী আদালতে।   

কাটাৰ চৰকাৰে মৃত্যুদণ্ডৰ শাস্তি বিহাৰ কাৰণ এতিয়াও ৰাজহুৱা কৰা নাই যদিও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চোৰাংচোৱাৰ অভিযোগত দোষী সাব্যস্ত কৰি বিহা হৈছে এই মৃত্যুদণ্ডৰ শাস্তি। অন্যহাতে সংবাদ সংস্থা 'দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভাৰতৰ প্ৰাক্তন নৌসেনা বিষয়াসকলৰ পৰিয়ালক অভিযোগৰ বিষয়ে অৱগত কৰা হোৱা নাই৷ কি তথ্য বা অভিযোগৰ ভিত্তিত গোচৰ চলোৱা হৈছিল সেই কথাও পৰিয়ালক জনোৱা হোৱা নাই।

মোদী চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰাক লৈ বিতৰ্ক

নৰেন্দ্ৰ মোদী চৰকাৰে এই বিষয়ত হস্তক্ষেপ কৰাৰ বিষয়টোক লৈ বিতৰ্কৰ সূচনা হৈছে। ভাৰত চৰকাৰে যেনেদৰে তৎপৰতাৰে ৮ ভাৰতীয়ক ৰক্ষা কৰিবলৈ কূটনৈতিক তৎপৰতা আৰম্ভ কৰিব লাগিছিল তেনে তৎপৰতা আৰম্ভ নকৰাৰ অভিযোগ উঠিছে৷ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ছ'চিয়েল মিডিয়া এক্সযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ জয়ৰাম ৰমেশে কয় যে ভাৰতীয় জাতীয় কংগ্ৰেছে কাটাৰত ভাৰতীয় নৌসেনাৰ ৮ প্ৰাক্তন বিষয়াৰ সৈতে সম্পৰ্কিত দুখজনক খবৰক লৈ মৰ্মাহত হৈ পৰিছে। 'আমি আশা কৰো যে ভাৰত চৰকাৰে কাটাৰ চৰকাৰৰ সৈতে কূটনৈতিক আৰু ৰাজনৈতিক প্ৰভাৱ যিমান সম্ভৱ ব্যৱহাৰ কৰিব। বিষয়াসকলে সম্পূৰ্ণ সমৰ্থন পোৱাটো নিশ্চিত কৰিব চৰকাৰে। একে সময়তে যিমান সম্ভৱ ৮ প্ৰাক্তন বিষয়াক সোনকালে মুকলি কৰাৰ বাবে সকলো প্ৰয়াস কৰিব লাগে।’-জয়ৰাম ৰমেশে কয়। 

ইফালে, এআইএমআইএমৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ৱেছিয়ে এক্সত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আছাদুদ্দিন ৱেছিয়ে কয়, 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো প্ৰাক্তন সৈনিকক ঘূৰাই অনা উচিত। আজি মৃত্যুদণ্ড দিয়া হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ইছলামিক দেশখনক কিমান ভাল পায় সেই বিষয়ে ডাঙৰ ডাঙৰ কথা কয়। গতিকে প্ৰাক্তন বিষয়াসকলক ঘূৰাই আনিব লাগে। এইটো অতি দুৰ্ভাগ্যজনক যে বিষয়াসকল মৃত্যুদণ্ডৰ সন্মুখীন হৈছে।’ 

জ্যেষ্ঠ সাংবাদিক শীলা ভট্টয়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ শীলা ভট্টই কৈছে যে যেতিয়া ভাৰত চৰকাৰে এটা ব্যক্তিগত কোম্পানীত কাম কৰা প্ৰাক্তন নৌ সেনা বিষয়াসকলক সহায় কৰিবলৈ চেষ্টা কৰি আছিল৷ কাটাৰে সেও মানিবলৈ সাজু হোৱা নাছিল৷ কিয়নো কাটাৰে ইয়াৰ জৰিয়তে দৰদাম কৰিব বিচাৰিছিল। কাটাৰে এই ক্ষেত্ৰত তুৰস্ক আৰু ইৰাণৰ সৈতে এটা ডাঙৰ খেল খেলি আছে। চৌদি আৰৱৰ সৈতে ভাৰতৰ স্থিৰ দ্বিপাক্ষিক সম্পৰ্কক কাটাৰে পচন্দ নকৰে বুলিও কয় জ্যেষ্ঠ সাংবাদিক শীলা ভট্টই৷

কি কয় প্ৰাক্তন নৌ সেনাৰ বিষয়া কেইগৰাকী কৰ্মৰত প্ৰতিৰক্ষা কোম্পানীটোৱে?

মৃত্যুদণ্ড প্ৰাপ্ত ভাৰতীয় বিষয়াসকলে প্ৰতিৰক্ষা সেৱা প্ৰদানকাৰী আল দাহৰা গ্লোবেল টেকন'লজিছ এণ্ড কনচাল্টেন্সি চাৰ্ভিচেছৰ বাবে কাম কৰি আছিল। এই কোম্পানীটো ওমানী নাগৰিক খামিছ আল-আজমীৰ। খামিছ আল-আজমী ৰয়েল ওমান বায়ু সেনাৰ এজন অৱসৰপ্ৰাপ্ত স্কোয়াড্ৰন লিডাৰ। খামিছ আল-আজমীকো ৮ ভাৰতীয়ৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে খামিছ আল-আজমীক ২০২২ চনৰ নৱেম্বৰত মুক্তি দিয়া হৈছিল। কোম্পানীটোৱে কাটাৰী এমিৰি নেচনেল ফ'ৰ্চৰ (কিউইএনএফ) বাবে প্ৰশিক্ষণ, লজিষ্টিক আৰু তত্বাৱধান সেৱা প্ৰদান কৰে৷ 

কোম্পানীটোৰ ৱেবছাইট মতে, দাহৰা গ্লোবেল কোম্পানীৰ নাম কাটাৰী এমিৰি নেচনেল ফ'ৰ্চক সেৱা প্ৰদানৰ কথা কোনো উল্লেখ নাই। গ্ৰেপ্তাৰ কৰা প্ৰাক্তন নৌ সেনা বিষয়াসকলৰ কথাও উল্লেখ কৰা হোৱা নাই৷ যিসকল গ্ৰেপ্তাৰ হোৱা বিষয়াই কোম্পানীটোক নেতৃত্বত আছিল সেইসকল লোকৰ কথা ৱেবছাইটত উল্লেখ নাই। একাংশ সংবাদ মাধ্যমে নিজ নিজ প্ৰতিবেদনত দাবী কৰিছে যে কোম্পানীটোৱে কাটাৰী চৰকাৰক সামৰিক চাবমেৰিন ক্ৰয় কৰাত সহায় কৰি আছিল। অৱশ্যে, এতিয়ালৈকে কোনো দৃঢ় প্ৰমাণ পোৱা হোৱা নাই।

কেনেদৰে কোম্পানীৰ সৈতে জড়িত হৈছিল ভাৰতীয়সকল?

মৃত্যুদণ্ড প্ৰাপ্ত ভাৰতীয়ৰ মাজৰ এজন কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰী এই কোম্পানীটোৰ পৰিচালনা সঞ্চালক আছিল। পূৰ্ণেন্দু তিৱাৰীৰ দ্বাৰা আন আন বিষয়াসকলক আল দাহৰা গ্লোবেল টেকন'লজিছ এণ্ড কনচাল্টেন্সি চাৰ্ভিচেছত নিয়োগ কৰা হৈছিল৷ ভাৰত আৰু কাটাৰৰ মাজৰ সম্পৰ্ক উন্নত কৰাত অৱদানৰ বাবে পূৰ্ণেন্দু তিৱাৰীক ২০১৯ চনত প্ৰৱাসী ভাৰতীয় সন্মান প্ৰদান কৰা হৈছিল। 

কাটাৰৰ তদানীন্তন ভাৰতীয় ৰাষ্ট্ৰদূত আৰু কাটাৰৰ প্ৰতিৰক্ষা বাহিনীৰ আন্তঃৰাষ্ট্ৰীয় সামৰিক সহযোগিতাৰ প্ৰাক্তন প্ৰধান পি. কুমাৰনে সন্মানিত কৰিছিল পূৰ্ণেন্দু তিৱাৰীক। কাটাৰৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত অনুষ্ঠানত ভাৰতীয় দূতাবাসৰ ডিফেন্স এটাচি কেপ্টেইনো উপস্থিত আছিল। দণ্ডিত হোৱা ভাৰতীয়সকলে গ্ৰেপ্তাৰ হোৱাৰ আগতে ৪ৰ পৰা ৬ বছৰ দাহৰাত কাম কৰিছিল।

কেনেকৈ আৰু কিয় গ্ৰেপ্তাৰ কৰা হৈছিল?

মৃত্যুদণ্ড বিহা ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়াসকলক কাটাৰৰ চোৰাংচোৱা সংস্থা ষ্টেট চিকিউৰিটি ব্যুৰোয়ে গ্ৰেপ্তাৰ কৰিছিল। ভাৰতীয় দূতাবাসে প্ৰথমে ২০২২ চনত ছেপ্টেম্বৰ মাহত বিষয়াসকলৰ গ্ৰেপ্তাৰৰ বিষয়ে জানিব পাৰিছিল। ৩০ ছেপ্টেম্বৰত বিষয়াসকলক পৰিয়ালৰ সৈতে অলপ সময়ৰ বাবে টেলিফোনত কথা পাতিবলৈ অনুমতি দিয়া হৈছিল। এমাহৰ অন্তত প্ৰথমবাৰৰ বাবে কনচুলাৰৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰা হৈছিল। 

সেই সময়ছোৱাত ভাৰতীয় দূতাবাসৰ এজন বিষয়াই বিষয়াসকলক সাক্ষাৎ কৰিছিল৷ এই সাক্ষাতৰ পিছতে কেইমাহমানৰ বাবে প্ৰতি সপ্তাহত পৰিয়ালৰ সদস্যসকলৰ সৈতে বিষয়াসকলক কথা পাতিবলৈ অনুমতি দিয়া হৈছিল। কিন্তু আজিলৈ কাটাৰে বিষয়াসকলৰ বিৰুদ্ধে আৰোপ কৰা অভিযোগ ৰাজহুৱা কৰা নাই। ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এই কথা নিশ্চিত কৰিছিল। ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে জনোৱা মতে অভিযোগ বিচাৰৰ অংশ হিচাপে বিষয়াসকলক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে প্ৰাক্তন নৌ সেনা বিষয়াসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ কি সেয়া এতিয়ালৈকে স্পষ্টকৈ ৰাজহুৱা কৰা নাই।

পৰিয়ালে কি কয়?

বিষয়াসকল যোৱা বছৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত এটা ভাৰতীয় নিউজ ৱেবছাইটে গ্ৰেপ্তাৰ হোৱা কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰীৰ ভগ্নী ড০ মিতু ভাৰ্গৱ আৰু কেপ্টেইন নৱতেজ সিং গিলৰ ভাতৃ নৱদীপ গিলৰ সৈতে কথা পাতিছিল। ড০ মিতু ভাৰ্গৱে মোদী চৰকাৰক এই লোকসকলক মোকলাই আনিবলৈ আহ্বান জনাইছিল। কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰীৰ ভগ্নী ড০ মিতু ভাৰ্গৱে কৈছিল যে ভাতৃ এজন জ্যেষ্ঠ নাগৰিক আৰু বহু ৰোগৰ সৈতে যুঁজি আছে। ৬৩ বছৰ বয়সত পৃথক কাৰাবাসত ৰখা হৈছে। অনুমান কৰিব পৰা নাই যে কি অৱস্থাৰ মাজেৰে দিন পাৰ কৰিছে। 

পূৰ্ণেন্দু তিৱাৰীয়ে ৮৩ বছৰীয়া মাতৃৰ সৈতে কাৰাগাৰৰ পৰা কথা পাতিছিল। পুত্ৰৰ সুৰক্ষাক লৈ ৮৩ বছৰীয়া মাতৃ বহু চিন্তিত। কেপ্টেইন নৱতেজ সিং গিলৰ ভাতৃ নৱদীপ গিলে কৈছিল যে ভাতৃয়ে ৬ ছেপ্টেম্বৰত জন্মদিনত প্ৰেৰণ কৰা হোৱাটছএপ বাৰ্তাৰ সঁহাৰি নিদিয়াত সন্দেহ হৈছিল। পিছত, ফোনত যোগাযোগ বন্ধ কৰিছিল। কোম্পানীৰ সৈতে যোগাযোগ কৰা হৈছিল৷ কোম্পানীয়ে কাটাৰৰ নিৰাপত্তা সেৱাই গ্ৰেপ্তাৰ কৰা বুলি অৱগত কৰিছিল। নৱদীপ গিলে কৈছিল যে ভাতৃৰ চিকিৎসাজনিত সমস্যা আছে। ভাতৃয়ে অৱসৰৰলৈকে ভাৰতীয় নৌসেনাক সেৱা আগবঢ়াইছিল। ভাতৃক উদ্ধাৰ কৰা আৰু ভাৰতলৈ অনাটো চৰকাৰৰ দায়িত্ব। যোৱা বছৰৰ ডিচেম্বৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰে কৈছিল যে গ্ৰেপ্তাৰ কৰা ভাৰতীয়সকলক ঘূৰাই অনাটো চৰকাৰৰ অগ্ৰাধিকাৰ।

নৰেন্দ্ৰ মোদী চৰকাৰৰ বাবে বৃহৎ প্ৰত্যাহ্বান

ভাৰতৰ বাবে এয়া বৃহৎ ৰাজনৈতিক প্ৰত্যাহ্বান৷ কিয়নো বিগত ৯ বছৰত বিশ্বৰ বিভিন্ন দেশৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক উন্নত হোৱা বুলি দাবী কৰি অহা হৈছে৷ যদি ভাৰত চৰকাৰে প্ৰাক্তন নৌ সেনা বিষয়াসকলক মুকলি কৰি আনিব নোৱাৰে তেন্তে এয়া চৰকাৰৰ ব্যৰ্থতা বুলি প্ৰমাণিত হ’ব৷ এই বিষয়ত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ৱেষ্ট এছিয়ান ষ্টাডিজৰ সহযোগী অধ্যাপক মুদাছাৰ কামাৰে কয় যে বিষয়টো কূটনৈতিক পৰ্যায়ত আলোচনা নোহোৱালৈকে বিষয়টোৱে কি স্থিতি ল'ব সেয়া কোৱা কঠিন। কিন্তু বিষয়টোৱে নিশ্চিতভাৱে ভাৰতত জনমতক প্ৰভাৱিত কৰিব। ভাৰত বা কাটাৰে প্ৰাক্তন নৌ সেনা বিষয়াসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ৰাজহুৱা কৰা নাই। অৱশ্যে, ইয়াৰ কাৰণ কি? 

কামাৰে আৰু কয় যে এইটো এটা সংবেদনশীল বিষয়। বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা দেশবোৰে এনে এক সংবেদনশীল বিষয়ৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰে। যিদৰে দুয়োখন দেশে তৎক্ষণাৎ সঁহাৰি দিয়া নাই৷ এনে লাগিছে যেন এইটো এটা অতি সংবেদনশীল বিষয় নহয়। যিহেতু কোনো পক্ষই আনুষ্ঠানিকভাৱে একো কোৱা নাই৷ ই এক সংবেদনশীল বিষয় নহয় বুলি কোৱাৰ সম্ভাৱনা নাই। যিহেতু মৃত্যুদণ্ড ঘোষণা কৰা হৈছে৷ এইটো নিশ্চিত যে যিসকলক শাস্তি দিয়া হৈছে তেওঁলোকৰ বিৰুদ্ধে কাটাৰৰ আইনমতে অতি গুৰুতৰ অভিযোগ আছে। অথবা তেওঁলোকে এক গুৰুতৰ অপৰাধ কৰিছে।

ভাৰতৰ বাবে বৃহৎ কূটনৈতিক প্ৰত্যাহ্বান?

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ৱেষ্ট এছিয়ান ষ্টাডিজৰ সহযোগী অধ্যাপক মুদাছাৰ কামাৰে এই ঘটনাক কূটনৈতিক প্ৰত্যাহ্বান বুলিও কয়। কিয়নো যিসকল কোম্পানীলৈ গৈছিল সেইসকল লোক হৈছে ভাৰতীয় নৌসেনাৰ প্ৰাক্তন সৈনিক। কিন্তু কোনো চৰকাৰী কামৰ বাবে যোৱা নাছিল। এটা ব্যক্তিগত কোম্পানীৰ বাবে কাম কৰি আছিল। সেয়েহে কূটনৈতিক প্ৰত্যাহ্বান বুলি কোৱাটো কঠিন। কিছু ৰাজনৈতিক আৰু কূটনৈতিক প্ৰভাৱ থাকিব পাৰে, কিন্তু এতিয়া কোৱা কঠিন। 

যিহেতু বিষয়টো আদালতত আছে আৰু কোনো তথ্য প্ৰকাশ ৰাজহুৱা কৰা হোৱা নাই। সেয়েহে বৈদেশিক নীতি অনুসৰি সংযতভাৱে সমাধান কৰাৰ চেষ্টা কৰা হৈছে। ভাৰত চৰকাৰে প্ৰথমে সিদ্ধান্তটোৰ বিৱৰণ দিব লাগিব। চাব লাগিব যে আবেদন কৰাৰ সম্ভাৱনা আছে নেকি? যদি কাটাৰত আপীল কৰাৰ সম্ভাৱনা আছে, তেন্তে সৰ্বাধিক লাভালাভ ল'ব পাৰি নেকি সেয়া চাব লাগিব। এইটোও চাব লাগিব যে গোচৰটো আন্তৰ্জাতিক ন্যায়ালয়লৈ লৈ যাব পাৰি নে? এই ঘটনাৰ বহু দিশ আছে যিবোৰ চাব লাগিব। দুয়ো চৰকাৰে আলোচনাৰ জৰিয়তে ইয়াক সমাধান কৰিব পাৰিবনে নাই সেয়াও চাব লাগিব বুলিও কয় অধ্যাপক মুদাছাৰে৷

চেষ্টা অব্যাহত ৰাখিছে ভাৰত চৰকাৰে!

কাটাৰত ৮ ভাৰতীয় নৌসেনাৰ জোৱানক মৃত্যুদণ্ড বিহাক লৈ শেহতীয়াকৈ মন্তব্য কৰিছে ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰে৷ সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা বাৰ্তালাপত এডমিৰেলগৰাকীয়ে আইনী প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ ভাৰত চৰকাৰে যথাসম্ভৱ প্ৰচেষ্টা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে৷ তেওঁ কয় যে প্ৰাক্তন জোৱানকেইগৰাকীক সকাহ দিবলৈ চৰকাৰে চেষ্টাৰ কোনো ক্ৰুটি কৰা নাই৷

‘‘প্ৰাক্তন জোৱানকেইগৰাকীক সকাহ দিবলৈ আইনী প্ৰক্ৰিয়াৰ জৰিয়তে ভাৰত চৰকাৰে যথাসম্ভৱ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷’-এইদৰে কয় এডমিৰেল হৰি কুমাৰে৷ উল্লেখ্য যে সোমবাৰে বিদেশ মন্ত্ৰী এছ জয়শংকৰে কাটাৰত গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা ৮ ভাৰতীয়ৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰিছিল৷

কেনে সম্পৰ্ক ভাৰত-কাটাৰৰ?

ভাৰত আৰু কাটাৰৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক বাহাল আছে। কিন্তু এই সম্পৰ্কলৈ প্ৰথম প্ৰত্যাহ্বান আহিছিল ২০২২ চনৰ জুন মাহত৷ বিজেপিৰ মুখপাত্ৰ নুপূৰ শৰ্মাই এটা টিভি অনুষ্ঠানত পয়গম্বৰ মহম্মদৰ বিষয়ে অপমানজনক মন্তব্য কৰিছিল। সেই সময়ছোৱাত ভাৰতৰ পৰা ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা দাবী কৰা প্ৰথমখন ইছলামিক দেশ আছিল কাটাৰ। ইছলামিক দেশত ক্ষোভৰ বহিঃপ্ৰকাশ হোৱাত বিজেপিয়ে নুপূৰ শৰ্মাক দলৰ পৰা তৎক্ষণাৎ বৰ্খাস্ত কৰিছিল।

উল্লেখ্য যে, ভাৰতে কাটাৰৰ পৰা প্ৰাকৃতিক গেছ আমদানি কৰে। কাটাৰ হৈছে ভাৰতলৈ প্ৰাকৃতিক গেছ ৰপ্তানি কৰা সৰ্ববৃহৎ ইছলামিক দেশ। আনহাতে, পেলেষ্টাইন-ইজৰাইলৰ যুদ্ধ অব্যাহত থকাৰ সময়ত কাটাৰে লোৱা এই সিদ্ধান্তই সকলোকে ভবাই তুলিছে৷ বিশেষজ্ঞসকলে অনুমান কৰিছ যে কাটাৰে ইজৰাইল আৰু পেলেষ্টাইনৰ সৈতে মধ্যস্থতা কৰিব খুজিছে৷ সেয়ে যিমান সম্ভৱ আমেৰিকান বন্দীসকলক হামাছৰ বন্দীত্বৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰি নিজৰ প্ৰতিচ্ছৱি শক্তিশালী কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে কাটাৰে।

ইফালে, ৮ প্ৰাক্তন ভাৰতীয় নৌসেনাৰ মৃত্যুদণ্ডক ভাৰত-কাটাৰ সম্পৰ্কৰ দ্বিতীয় প্ৰত্যাহ্বান হিচাপে গণ্য কৰা হৈছে। যিহেতু কাটাৰত প্ৰায় ৮-৯ লাখ ভাৰতীয়ই কাম কৰে৷ ভাৰত চৰকাৰে কাটাৰত থকা ভাৰতীয়ৰ স্বাৰ্থক ক্ষতি হ’ব পৰা যিকোনো পদক্ষেপ নল’বলৈ চেষ্টা কৰিব। অনাগত দিনত কিধৰণে ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ লগতে আন আন্তৰ্জাতিক বিষয়বোৰত দেশ দুখনে কূটনৈতিকভাৱে সমাধানৰ চেষ্টা চলাই তাৰ ওপৰত নিৰ্ভৰ কৰিব ভাৰত আৰু কাটাৰ সম্পৰ্কৰ ভৱিষ্যত৷