উচ্চতম ন্যায়ালয়ত পুনৰ এবাৰ মেৰু পোনাই থিয় হ’ল ভাৰতৰ গণতন্ত্ৰ। বিগত আঠ বছৰ ধৰি চলি থকা এক বিতৰ্কৰ অৱসান ঘটাই অৱশেষত এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ডৰ বৈধতা সন্দৰ্ভত ৰায়দান প্ৰদান কৰি ৰাজনৈতিক দলসমূহে লাভ কৰা নিৰ্বাচনী বণ্ডৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। সমান্তৰালভাৱে ইয়াক অসাংবিধানিক বুলিও অভিহিত কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। 

উচ্চতম ন্যায়ালয়ে এই গোচৰৰ ৰায়দান কৰি কয় যে নিৰ্বাচনী বণ্ডসমূহ বেনামী কৰি ৰখাৰ অৰ্থ হৈছে তথ্যৰ অধিকাৰ আৰু ১৯ (১) (ক) অনুচ্ছেদ উলংঘা। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে ৰাজনৈতিক দলসমূহক প্ৰদান কৰা এনে ‘গোপন’ আৰ্থিক সাহায্যই অনিয়মৰ বাবে উৎসাহিত কৰিব পাৰে।

২০১৮ চনত ইলেক্টৰেল বণ্ড বা নিৰ্বাচনী বণ্ড আনি মোদী চৰকাৰে ইয়াৰ দ্বাৰা ক’লা ধন হ্ৰাস কৰাৰ যুক্তি আগবঢ়াইছিল। সেই সন্দৰ্ভত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে নিৰ্বাচনী বণ্ড ক’লা ধন নিয়ন্ত্ৰণৰ একমাত্ৰ উপায় হ’ব নোৱাৰে। ক’লা ধন নিয়ন্ত্ৰণৰ বাবে আন বহুতো বিকল্প আছে।

বৃহস্পতিবাৰে এই বিতৰ্কিত বিষয়ৰ ৰায়দান কৰি ৰাজনৈতিক দলসমূহে লাভ কৰা নিৰ্বাচনী বণ্ডৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ ভাৰতীয় ষ্টেট বেংকক নিৰ্দেশ দিয়ে ন্যায়াধীশ চন্দ্ৰচুড়ে। উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছে যে এছ বি আইয়ে নিৰ্বাচন আয়োগক তথ্য প্ৰদান কৰিব আৰু এই তথ্য নিৰ্বাচন আয়োগে ৩১ মাৰ্চৰ ভিতৰত নিজৰ ৱেবছাইটত প্ৰকাশ কৰিব লাগিব।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে প্ৰদান কৰে এই গুৰুত্বপূৰ্ণ ৰায়। বিচাৰপীঠত মুখ্য ন্যায়াধীশৰ লগতে আছিল ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গভাই, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰ।

ইফালে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে আনন্দ ব্যক্ত কৰিছে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে। জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে ন্যায়ালয়ৰ এই ৰায়ৰ প্ৰশংসা কৰি কয় যে এই সিদ্ধান্তই গণতান্ত্ৰিক প্ৰক্ৰিয়াক শক্তিশালী কৰি তুলিব।

উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত কিয় গুৰুত্বপূৰ্ণ?

জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষনে কয়, “নিৰ্বাচনী বণ্ডৰ গোচৰত উচ্চতম ন্যায়ালয়ে যি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, তাৰ ফলত আমাৰ গণতন্ত্ৰত দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব। বণ্ড আঁচনি নাকচ কৰিছে আদালতে। এই আঁচনিখনত কোনে কিমান টকাৰ বণ্ড কিনিছিল আৰু কাক দিছিল সেই কথা জানিব পৰা হোৱা নাছিল। উচ্চতম ন্যায়ালয়ে ইয়াক তথ্যৰ অধিকাৰ উলংঘা বুলি গণ্য কৰিছে। এই সন্দৰ্ভত যি সংশোধনী কৰা হৈছিল, যাৰ অধীনত যিকোনো কোম্পানীয়ে যিকোনো ৰাজনৈতিক দলক যিকোনো পৰিমাণৰ ধন দিব পাৰে, সেই সংশোধনীও আদালতে বাতিল কৰিছে।”

প্ৰশান্ত ভূষণে কয় যে, আদালতে কয় যে এই নিৰ্বাচন গণতন্ত্ৰৰ বিৰোধী কাৰণ ইয়াৰ দ্বাৰা বৃহৎ কোম্পানীসমূহক সমতাপূৰ্ণ ৰণাঙ্গন শেষ কৰাৰ সুযোগ দিয়া হয়। উচ্চতম ন্যায়ালয়ে কয় যে এই আঁচনিৰ অধীনত যি ধন জমা হৈছে, ভাৰতীয় ষ্টেট বেংকে সেই ধন নিৰ্বাচন আয়োগক দিব লাগে আৰু ইয়াৰ তথ্য আয়োগে সাধাৰণ ৰাইজৰ বাবে উপলব্ধ কৰাব।

স্বচ্ছতাৰ বাবে কাম কৰা সমাজ কৰ্মী অঞ্জিল ভৰদ্বাজে উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক ঐতিহাসিক বুলি অভিহিত কৰে। অঞ্জলি ভৰদ্বাজে কয়, “উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত তথ্যৰ অধিকাৰৰ জয়। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তত নিৰ্বাচনী বণ্ডৰ জৰিয়তে অপ্ৰকাশিত সীমাহীন কৰ্পৰেট পুঁজি নিষিদ্ধ কৰা হৈছে। ২০১৯ চনৰ অন্তৱৰ্তীকালীন আদেশৰ পিছত ক্ৰয় কৰা নিৰ্বাচনী বণ্ডৰ সবিশেষ ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।”
 
ইলেক্টৰেল বণ্ডৰ বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা দুখনকৈ আবেদনৰ শুনানি সম্পন্ন কৰি ৰায়দানৰ সময়ত ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে আদালতে সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত প্ৰদান কৰিছে। তেওঁ কয় যে এই সন্দৰ্ভত তেওঁৰ এটা পৃথক মতামত আছিল আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ অন্য এটা মতামত আছিল যদিও সিদ্ধান্তত সকলোৱে সহমত পোষণ কৰে।

উল্লেখ্য যে, নিৰ্বাচনী বণ্ডৰ বিৰুদ্ধে যিবোৰ আবেদন দাখিল কৰা হৈছিল, সেইবোৰত কোৱা হৈছিল যে ই তথ্যৰ অধিকাৰ উলংঘা কৰে। ইয়াৰ লগতে এইটোও কোৱা হৈছিল যে কৰ্পৰেট ফাণ্ডিং মুক্ত আৰু নিকা নিৰ্বাচনৰ বিৰোধী। নিৰ্বাচনী খৰচ আৰু স্বচ্ছতা নিৰীক্ষণ কৰা সংস্থা এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদন অনুসৰি ২০২২-২৩ চনত বিজেপিয়ে ৯০ শতাংশ কৰ্পৰেট অনুদান লাভ কৰিছিল। একদৰে ২০২২-২৩ চনত ৰাষ্ট্ৰীয় দলসমূহে ৮৫০.৪৩৮ কোটি টকা অনুদান লাভ কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰে বিজেপিয়েই কেৱল ৭১৯.৮৫ কোটি অনুদান লাভ কৰে আৰু কংগ্ৰেছে  লাভ কৰে মাত্ৰ ৭৯.৯২ কোটি টকা।

উল্লেখ্য যে, যোৱা আঠ বছৰতকৈও অধিক সময় উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছিল এই গোচৰ। এই গোচৰৰ শুনানি আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতৰ এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণীয়ে এই আঁচনিখনক সমৰ্থন কৰি উচ্চতম ন্যায়ালয়ক জনাইছিল যে এই আঁচনিখনে ৰাজনৈতিক দলসমূহক দিয়া অনুদানত "স্বচ্ছ ধন"ৰ ব্যৱহাৰক প্ৰসাৰিত কৰে। লগতে এটৰ্নী জেনেৰেলে উচ্চতম আদালতৰ সন্মুখত যুক্তি দিছিল যে যুক্তিসংগত নিষেধাজ্ঞাৰ অধীন নোহোৱাকৈ নাগৰিকৰ একো আৰু সকলো কথা জনাৰ সাধাৰণ অধিকাৰ থাকিব নোৱাৰে।

বেনামী প্ৰতিশ্ৰুতিপত্ৰ

নিৰ্বাচনী বণ্ড হৈছে ৰাজনৈতিক দলসমূহক অনুদান আগবঢ়োৱাৰ এক আৰ্থিক মাধ্যম। এয়া এক প্ৰতিশ্ৰুতিপত্ৰৰ দৰে, যিখন ভাৰতৰ যিকোনো নাগৰিক বা কোম্পানীয়ে ভাৰতীয় ষ্টেট বেংকৰ নিৰ্বাচিত শাখাৰ পৰা ক্ৰয় কৰি নিজৰ পছন্দৰ যিকোনো ৰাজনৈতিক দলক বেনামীভাৱে আৰ্থিক অনুদান বা বৰঙণি প্ৰদান কৰিব পাৰে।

ভাৰত চৰকাৰে ২০১৭ চনত প্ৰথম ঘোষণা কৰিছিল এই নিৰ্বাচনী বণ্ড আঁচনি। ইয়াৰ পিছতে এই আঁচনিখন চৰকাৰে ২০১৮ চনৰ ২৯ জানুৱাৰীত আইনৰূপে ৰূপায়ণ কৰিবলৈ সক্ষম হয়। এই আঁচনিৰ অধীনত ভাৰতীয় ষ্টেট বেংকে বণ্ড জাৰি কৰি ৰাজনৈতিক দলসমূহক ধন যোগান ধৰিব পাৰে।

কে ৱাই চি উপলব্ধ বেংক একাউণ্ট থকা যিকোনো লোকেই ষ্টেট বেংকৰ নিৰ্বাচিত শাখাৰ পৰা এই বণ্ড ক্ৰয় কৰি নিজৰ পচন্দৰ ৰাজনৈতিক দলক ধন অনুদান হিচাপে প্ৰদান কৰিব পাৰে। এই অনুদান প্ৰদান কৰাৰ সময়ত নিৰ্বাচনী বণ্ডত দাতাৰ নাম উল্লেখ নাথাকে বাবেই কোনে সেই ধন প্ৰদান কৰিছে সেয়া অজ্ঞাত হৈয়ে ৰৈ যায়। 

এই আঁচনিৰ অধীনত ভাৰতীয় ষ্টেট বেংকৰ নিৰ্দিষ্ট শাখাসমূহৰ পৰা এহাজাৰ, ১০ হাজাৰ , ১ লাখ, ১০ লাখ আৰু ১ কোটি টকাৰ ভিতৰত যিকোনো মূল্যৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰিব পাৰে যিকোনো লোকে। কিন্তু এই নিৰ্বাচনী বণ্ডৰ ম্যাদ হৈছে মাত্ৰ ১৫ দিনৰ। এই সময়ছোৱাৰ ভিতৰত দাতাই বণ্ড ব্যৱহাৰ কৰি কেৱল জনপ্ৰতিনিধিত্ব আইনৰ অধীনত পঞ্জীয়নভুক্ত ৰাজনৈতিক দলসমূহলৈ অনুদান আগবঢ়াব পাৰে।

তথ্য অনুসৰি, লোকসভা বা বিধানসভাৰ বাবে বিগত সাধাৰণ নিৰ্বাচনৰ সময়ত প্ৰতিদ্বন্দ্বিতা কৰা কমেও এক শতাংশ ভোট লাভ কৰা ৰাজনৈতিক দলসমূহলৈহে নিৰ্বাচনী বণ্ডৰ জৰিয়তে অনুদান আগবঢ়াব পাৰে যিকোনো দাতাই। এই আঁচনিৰ অধীনত জানুৱাৰী, এপ্ৰিল, জুলাই আৰু অক্টোবৰ মাহত ১০ দিনৰ বাবে নিৰ্বাচনী বণ্ড ক্ৰয়ৰ বাবে উপলব্ধ কৰা হয়।

ইয়াৰোপৰি লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱা বছৰটোত কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰি ৩০ দিনৰ অতিৰিক্ত সময়সীমাৰ বাবেও এই বণ্ড জাৰি কৰিব পাৰে।

নিৰ্বাচনী বণ্ডক লৈ কিয় উদ্বেগ প্ৰকাশ কৰি আহিছিল বহুতে?

এই আঁচনিখন আৰম্ভ কৰাৰ সময়ত ভাৰত চৰকাৰে মন্তব্য কৰিছিল যে নিৰ্বাচনী বণ্ডে দেশৰ ৰাজনৈতিক পুঁজিৰ ব্যৱস্থা স্পষ্ট আৰু স্বচ্ছ কৰিব। কিন্তু বাস্তৱক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা পোৱাত বিগত কেই বছৰমানত বাৰাম্বাৰ এই অভিযোগ উত্থাপন হৈছে যে নিৰ্বাচনী বণ্ডৰ জৰিয়তে দাতাৰ পৰিচয় গোপন কৰি ৰখাৰ ফলত ইয়াৰ দ্বাৰা ক’লা ধনৰ প্ৰবাহক উৎসাহিত কৰাৰ সম্ভাৱনাও বৃদ্ধি পাইছে। তদুপৰি ডাঙৰ ডাঙৰ কৰ্পৰেট হাউছসমূহে নিজৰ পৰিচয় প্ৰকাশ নকৰাকৈয়ে যাতে নিৰ্দিষ্ট এটা দলক ধন দান কৰিব পাৰে, তাৰ বাবেই এই আঁচনিখন প্ৰস্তুত কৰা বুলিও সমালোচনা কৰি আহিছে বহুতে।

এই আঁচনিখনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দুখন আবেদন দাখিল কৰা হৈছিল। প্ৰথমখন আবেদন ২০১৭ চনত এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ চমুকৈ এডিআৰ আৰু স্বেচ্ছাসেৱী সংস্থা কমন ক’জে যৌথভাৱে দাখিল কৰিছিল। তাৰ পিছতে নিৰ্বাচনী বণ্ডৰ বিৰুদ্ধে ২০১৮ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে (মাৰ্ক্সবাদী) দাখিল কৰিছিল দ্বিতীয়খন আবেদন।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনসমূহত কোৱা হৈছিল যে এই আঁচনিখনে ভাৰতীয় আৰু বিদেশী কোম্পানীসমূহে ৰাজনৈতিক দলসমূহক সীমাহীন ৰাজনৈতিক অনুদান প্ৰদান কৰি বেনামী পুঁজিৰ ব্যৱহাৰৰ বাবে দুৱাৰ মুকলি কৰি দিছে। আৰু ইয়াৰ জৰিয়তে বৃহৎ পৰিসৰৰ নিৰ্বাচনী দুৰ্নীতিক বৈধতা প্ৰদান কৰা হোৱা বুলিও অভিযোগ উত্থাপন কৰিছল আবেদনকাৰীয়ে।

এই আবেদনসমূহত উল্লেখ কৰা হৈছিল যে নিৰ্বাচনী বণ্ড আঁচনিত দাতাৰ নাম প্ৰকাশ নকৰা কাৰ্যই এজন সাধাৰণ নাগৰিকৰ ‘তথ্য জনাৰ অধিকাৰ’ উলংঘা কৰিছে। নাগৰিকক তথ্য জনাৰ অধিকাৰ পূৰ্বৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানসমূহে সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদৰ অধীনত প্ৰদান কৰিছে। নাগৰিকৰ এই অধিকাৰক স্বাধীনতাৰ এটা দিশ বুলিও গণ্য কৰা হৈ আহিছে।

উচ্চতম ন্যায়ালয়ৰ সন্মুখত আবেদনকাৰীয়ে ব্যক্ত কৰা আন এটা উদ্বেগ আছিল- ভাৰতত সহযোগী কোম্পানী থকা বিদেশী কোম্পানীসমূহে যাতে ভাৰতীয় ৰাজনৈতিক দলসমূহক অনুদান আগবঢ়াব পাৰে, তাৰ বাবে এফচিআৰএ সংশোধন কৰা হৈছে। আবেদনকাৰীয়ে অভিযোগ উত্থাপন কৰা মতে, ইয়াৰ বাবেই নিজা এজেণ্ডা থকা আন্তঃৰাষ্ট্ৰীয় লবীসমূহে ভাৰতীয় ৰাজনীতি আৰু গণতন্ত্ৰত হস্তক্ষেপ কৰাৰ সুযোগ লাভ কৰিছে।

কোম্পানী আইন, ২০১৩ত কোম্পানীসমূহে বাৰ্ষিক লাভ-লোকচানৰ হিচাপত ৰাজনৈতিক অৱদানৰ ৰিপৰ্ট দিয়াৰ পৰা ৰেহাই দিয়া সংশোধনীৰ ওপৰতো আবেদনকাৰীসকলে আপত্তি উত্থাপন কৰে। আবেদনকাৰীসকলে কয় যে ইয়াৰ ফলত ৰাজনৈতিক পুঁজিৰ ক্ষেত্ৰত অস্বচ্ছতা বৃদ্ধি পাব আৰু ৰাজনৈতিক দলসমূহে এনে কোম্পানীক অযথা সুবিধা দিবলৈ উৎসাহিত কৰিব।

নিৰ্বাচনী বণ্ড আঁচনিখন বাজেটত সংযোজন কৰা হৈছিল আৰু যিহেতু বাজেটখন ধন বিল, গতিকে ৰাজ্যসভাই ইয়াত কোনো সালসলনি কৰিব নোৱাৰে। এই কথাও বাৰে বাৰে উত্থাপন কৰা হৈছে যে যিহেতু চৰকাৰৰ ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নাছিল, গতিকে এই বিষয়টো ধন বিলত অন্তৰ্ভুক্ত কৰা হৈছিল যাতে ইয়াক সহজে গৃহীত কৰিব পৰা যায়।

নিৰ্বাচনী বণ্ডৰ বাবে কাৰ কিমান লাভ?

নিৰ্বাচনী পৰ্যবেক্ষক সংস্থা এছ’চিয়েশ্যন অৱ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ এক প্ৰতিবেদন অনুসৰি ২০১৬-১৭ৰ পৰা ২০২১-২২ চনৰ ভিতৰত পাঁচ বছৰত মুঠ ৭টা ৰাষ্ট্ৰীয় দল আৰু ২৪টা আঞ্চলিক দলে নিৰ্বাচনী বণ্ডৰ পৰা মুঠ ৯,১৮৮ কোটি টকা লাভ কৰে।

এই ৯,১৮৮ কোটি টকাৰ ভিতৰত কেৱল ভাৰতীয় জনতা পাৰ্টিৰ অংশ আছিল প্ৰায় ৫২৭২ কোটি টকা। অৰ্থাৎ নিৰ্বাচনী বণ্ডৰ জৰিয়তে দিয়া মুঠ অনুদানৰ প্ৰায় ৫৮ শতাংশ বিজেপিয়ে লাভ কৰিছিল। একে সময়ছোৱাত কংগ্ৰেছে নিৰ্বাচনী বণ্ডৰ পৰা প্ৰায় ৯৫২ কোটি টকা লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে ৭৬৭ কোটি টকা লাভ কৰে।

এডিআৰৰ প্ৰতিবেদন অনুসৰি ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৰাষ্ট্ৰীয় দলসমূহে লাভ কৰা অনুদান ৭৪৩ শতাংশ বৃদ্ধি পাইছে। আনহাতে, একে সময়ছোৱাত আঞ্চলিক দলসমূহলৈ কৰ্পৰেট অনুদান বৃদ্ধি পাইছে মাত্ৰ ৪৮ শতাংশ।

এডিআৰে নিজৰ বিশ্লেষণত এই কথা প্ৰকাশ কৰে যে এই পাঁচ বছৰৰ ভিতৰত ২০১৯-২০ বৰ্ষত (যিটো লোকসভা নিৰ্বাচনৰ বছৰ আছিল) সৰ্বোচ্চ ৩৪৩৯ কোটি টকাৰ অনুদান নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহে লাভ কৰিছিল। একেদৰে ২০২১-২২ বৰ্ষত (য’ত ১১টা বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল) ৰাজনৈতিক দলসমূহে নিৰ্বাচনী বণ্ডৰ জৰিয়তে প্ৰায় ২৬৬৪ কোটি টকাৰ অনুদান লাভ কৰিছিল।

নিৰ্বাচন আয়োগ আৰু আৰ বি আইৰ মত

২০১৯ চনত উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত নিৰ্বাচন আয়োগে কৈছিল যে নিৰ্বাচনী বণ্ডে ৰাজনৈতিক পুঁজিৰ স্বচ্ছতাৰ অন্ত পেলাব আৰু ইয়াৰ ব্যৱহাৰ ভাৰতীয় ৰাজনীতিত প্ৰভাৱ পেলাবলৈ বিদেশী কৰ্পৰেট ক্ষমতাক আমন্ত্ৰণ জনোৱাৰ সমান হ’ব। সেই সময়ত নিৰ্বাচন আয়োগে লগতে কয় যে কেইবাটাও গুৰুত্বপূৰ্ণ আইনত কৰা সংশোধনীৰ বাবে এনে শ্বেল কোম্পানী খোলাৰ সম্ভাৱনা বৃদ্ধি পাব, যিবোৰ কেৱল ৰাজনৈতিক দলক অনুদান দিয়াৰ উদ্দেশ্যেৰেহে গঠন কৰা হ’ব।

এডিআৰৰ আবেদন অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংকেও বাৰে বাৰে সকীয়াই দিছিল যে নিৰ্বাচনী বণ্ডৰ সহায়ত ক’লা ধনৰ প্ৰচলন বৃদ্ধি, ধন সৰবৰাহৰ, সীমা অতিক্ৰম কৰি জালিয়াতি বৃদ্ধি কৰিব পৰা যাব। নিৰ্বাচনী বণ্ডক ‘অস্বচ্ছ বিত্তীয় যন্ত্ৰ’ বুলি অভিহিত কৰি আৰ বি আইয়ে কৈছিল যে যিহেতু এই বণ্ডসমূহে মুদ্ৰাৰ দৰে বহুবাৰ হাত সলনি কৰে, সেয়েহে ইয়াৰ নামহীনতাক ধন সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিবও পাৰি।

ইয়াৰ উপৰিও এই আঁচনিখনৰ বিৰোধিতা কৰা  সমালোচকসকলে কয় যে নিৰ্বাচনী বণ্ড সম্পূৰ্ণৰূপে বেনামী নহয়, কাৰণ ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ হাতত বণ্ড কোনে ক্ৰয় কৰিছিল আৰু কোনটো দলক দান কৰা হৈছে তাৰ সম্পূৰ্ণ ৰেকৰ্ড আছে। এনে পৰিস্থিতিত শাসকীয় পক্ষই এই তথ্যসমূহ সহজে সংগ্ৰহ কৰি তাৰ পিছত ‘ব্যৱহাৰ’ কৰি দাতাসকলক প্ৰভাৱিত কৰিব পাৰে। এডিআৰৰ সহ-প্ৰতিষ্ঠাপক জগদীপ ছ’কৰে কয়, ‘এইদৰে নিৰ্বাচনী বণ্ডে শাসকীয় দলটোক অন্যায়ৰ সুবিধা প্ৰদান কৰে।’

‘বিজেপিয়ে নিৰ্বাচনী বণ্ডক উত্কোচ আৰু কমিচনৰ মাধ্যম কৰি তুলিছিল!’

উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ডক অসংবিধানিক আখ্যা দি সম্পূৰ্ণৰূপে বাতিল কৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকলে। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বিজেপি আৰু নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ‘দুৰ্নীতি’ৰ অভিযোগ উত্থাপন কৰি আক্ৰমণৰ লক্ষ্য কৰি লয়। ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছতে এক্সত এটা পোষ্ট কৰি ৰাহুল গান্ধীয়ে লিখে, "নৰেন্দ্ৰ মোদীৰ দুৰ্নীতিগ্ৰস্ত নীতিৰ আন এক প্ৰমাণ আপোনালোকৰ সন্মুখত। বিজেপিয়ে নিৰ্বাচনী বণ্ডক উৎকোচ আৰু কমিচন লোৱাৰ মাধ্যম কৰি দিছিল। আজি এই কথাটো সত্য প্ৰমাণিত হ’ল।"

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাই কয়, “ন্যায়ালয়ৰ এই ৰায়ে মোদী চৰকাৰৰ এই ক’লা ধন ৰূপান্তৰ আঁচনিখনক ভেঙুচালি কৰিছে”। তেওঁ লগতে কয়, "আমি আশা কৰিছো যে ভৱিষ্যতে মোদী চৰকাৰে এনে অসত্ ধাৰণাৰ আশ্ৰয় লোৱা বন্ধ কৰি উচ্চতম ন্যায়ালয়ৰ কথা শুনিব, যাতে গণতন্ত্ৰ, স্বচ্ছতা আৰু সমতাপূৰ্ণ ৰণাঙ্গন অটুট থাকে।”

ইফালে ৰাজ্যসভাৰ সাংসদ কপিল ছিব্বালে কয়, ‘এই ৰায়ে বিজেপিক বিশেষকৈ মোক্ষম আঘাত দিছে। ২০১৭ চনৰে পৰা বিজেপি এই নিৰ্বাচনী বণ্ড আঁচনিৰ প্ৰধান হিতাধিকাৰী হৈ আহিছিল। এতিয়া উচ্চতম ন্যায়ালয়ে আঁচনিখন বাতিল কৰাত বিজেপি শ’লঠেকত পৰিছে।”

উচ্চতম ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বিয়ে কয়, ‘যোৱা ৫-৭ বছৰত আমি উচ্চতম ন্যায়ালয়ৰ পৰা পোৱা আটাইতকৈ ঐতিহাসিক ৰায়। গণতন্ত্ৰৰ বাবে ই এক বৃহৎ আশীৰ্বাদ। আমি সকলোৱে যোৱা ইমান বছৰে ইয়াক লৈ চিন্তিত আছিলো...গণতন্ত্ৰ ভালপোৱা সকলোৱে ইয়াৰ প্ৰতিবাদ কৰিছিল। মই নিজেও কেইবাটাও লেখা লিখি সংবাদ মাধ্যমৰ লগত বহুবাৰ কথা পাতিছিলো। আৰু আমি উত্থাপন কৰা প্ৰতিটো বিষয়, এই ৰায়দানত মোকাবিলা কৰা হৈছে।”


প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!


শিৱসেনাৰ নেতা আনন্দ ডুবেয়ো এই ৰায়ক ঐতিহাসিক বুলি অভিহিত কৰে। তেওঁ কয়, ‘আগতে নিৰ্বাচনী বণ্ড আঁচনিৰ অধীনত লুকুৱাই ৰখা হৈছিল যে ক’ৰ পৰা ৰাজনৈতিক দল আৰু চৰকাৰে ধন লাভ কৰিছে, অৱশ্যে আজিৰ পৰা নিৰ্বাচন আয়োগে সকলো কথা কোৱাৰ প্ৰয়োজন হ’ব। ই এক বৃহৎ ৰায়।”

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে এই ৰায়দানৰ ফলত নোটৰ ওপৰত ভোটৰ ক্ষমতা অধিক শক্তিশালী হ’ব। তেওঁ কয়, ‘উচ্চতম ন্যায়ালয়ে মোদী চৰকাৰৰ বহুল চৰ্চিত ইলেক্টৰেল বণ্ড আঁচনিখন সংসদে গৃহীত দুয়োখন আইনৰ লগতে ভাৰতৰ সংবিধান উলংঘা কৰা বুলি অভিহিত কৰিছে। বহু প্ৰত্যাশিত এই ৰায়দান বিপুলভাৱে আদৰণীয় আৰু ই নোটৰ ওপৰত ভোটৰ শক্তিক আৰু অধিক শক্তিশালী কৰিব। মোদী চৰকাৰে চান্দা দাতাসকলক বিশেষ সুবিধা প্ৰদান কৰাৰ লগতে অন্নদাতাসকলৰ ওপৰত অন্যায় কৰি আহিছিল। আমি এইটোও আশা কৰোঁ যে উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিব যে নিৰ্বাচন আয়োগে ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল (ভিভিপিএটি) বিষয়ত ৰাজনৈতিক দলসমূহক সাক্ষাৎ কৰিবলৈও ধাৰাবাহিকভাৱে অস্বীকাৰ কৰি আহিছে। যদি ভোটদান প্ৰক্ৰিয়াত সকলো স্বচ্ছ হয় তেন্তে এই হঠকাৰীতা কিয়?”

কংগ্ৰেছ নেতা মনীষ তিৱাৰীয়ে কয় যে এই ৰায়ক “ৰাজহুৱা জীৱনত সততাত বিশ্বাস কৰা” সঠিক মনোভাৱৰ লোকে আদৰণি জনোৱা উচিত। তেওঁ কয়, “নিৰ্বাচনী বণ্ড আঁচনিৰ পৰিচালক এছ বি আইক নিৰ্বাচন আয়োগক সকলো তথ্য প্ৰদান কৰিবলৈ আৰু নিৰ্বাচন আয়োগক নিজৰ ৱেবছাইটত প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়াটো আদৰণীয় সিদ্ধান্ত।”

ইফালে, এই আইনখন বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা ড০ জয়া ঠাকুৰে কয়, “তথ্যৰ অধিকাৰ আইনখনে আমাক অনুদান (পুঁজি)ৰ ধনৰ বিষয়ে সুধিবলৈ অধিকাৰ দিয়ে আৰু যদি ইয়াৰ কথা প্ৰকাশ নহয় তেন্তে ই নিশ্চিতভাৱে উলংঘা। আমাৰ বাবে এয়া এক ডাঙৰ জয়। নিৰ্বাচনী বণ্ড বাতিল কৰাৰ আমাৰ দাবী আজি পূৰণ হ’ল।”