ডিজিটেল ডেস্কঃ খোজতেই সৃষ্টি হ’ব পোহৰৰ৷ পুণেৰ ছাই বাবা মন্দিৰত ভক্তৰ খোজতেই সৃষ্টি হ’ব বিদ্যুতৰ৷ মন্দিৰৰ কৰ্তৃপক্ষই এক ব্যক্তিগত প্ৰতিষ্ঠানৰ সহযোগত 'ফুট এনাৰ্জী’ উৎপাদনৰ বাবে এক অভিনৱ কৌশল হাতত লৈছে৷

এই প্ৰকল্পৰ সহায়ত মন্দিৰলৈ অহা দৰ্শনাৰ্থীৰ খোজৰ সহায়ত বিদ্যুত উৎপাদন কৰিব পৰা যাব৷ এই বিদ্যুতৰ সহায়ত ২০০ ভল্ট আৰু ৫০ খন ফেন চলাব পৰা যাব৷

তদুপৰি মন্দিৰৰ জাবৰ-জোঁথৰৰ পৰাও বিদ্যুত উৎপাদন কৰিব পৰা যাব৷ দৈনিক প্ৰায় ৫০ হাজাৰতকৈ অধিক ভক্তৰ প্ৰবেশ ঘটে এই মন্দিৰলৈ৷

ভক্তসকলে অহা পথত ২০০ টা বিশেষ বিদ্যুত উৎপাদনৰ মেচিন থাকিব৷ উক্ত মেচিনত ভৰি দিয়াৰ লগে লগে উৎপাদন হ’ব বিদ্যুত৷ আগন্তুক ২ মাহৰ ভিতৰতে এই পদ্ধতি আৰম্ভ হ’ব বুলি মন্দিৰ কতৃপক্ষই প্ৰকাশ কৰিছে৷