newsnextone.com | শিৱসাগৰঃ শিৱসাগৰৰ শিৱ দৌল চৌহদত ব'ল বমত অংশ লবলৈ অহা এগৰাকী লোকৰ বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিৱসাগৰৰ শিৱ দৌল চৌহদত ব'ল বম উপলক্ষে যাত্ৰা কৰি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ যোৱা বুলি জানিব পৰা গৈছে। 

ব'ল বমত অংশ লবলৈ কৰ পৰা আহিছিল লোকগৰাকী সেই তথা জানিব পৰা হোৱা নাই। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে।