newsnextone.com | তামুলপুৰঃ বৃহস্পতিবাৰে পুৱাই বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ কুমাৰিকাটা বগাজুলিৰ গণেশগুৰীত এটি বনৰীয়া হাতীৰ মৃতদেহ উদ্ধা হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কুমাৰিকাটা বনাঞ্চলিক কাৰ্যালয়ৰ বগাজুলিৰ গণেশগুৰীৰ এখন পথাৰত পৰি থকা অৱস্থাত ৰাইজে হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে। হাতীটোৰ জাকৰ মাজৰ পৰা ফালৰি কাটি আহি অঞ্চলটোত দীৰ্ঘ সময়ৰ পৰা থিতাপি লৈ ৰাইজক হাৰাশাস্তি কৰি অহা বুলি জানিব পৰা গৈছে। একাংশ লোকে হাতীটোক হত্যা কৰাৰ সন্দেহ কৰে।

জানিব পৰা মতে, বিগত কেইবাহ মাহ ধৰি ভাৰত-ভূটান সীমান্তৰ তামুলপুৰ বনসংমণ্ডলৰ কাউলি, কুমাৰীকাটা, নাগ্ৰীজুলি অঞ্চলত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ দলে অঞ্চলটোৰ লোকৰ নিদ্ৰাহৰণ কৰাৰ লগতে লোকৰ ঘৰ-দুৱাৰ ভাঙি, খেতি পথাৰত উপদ্ৰৱ কৰি আহিছে। খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে বিগত বহু বছৰ ধৰি খাদ্য বিচাৰি জনাঞ্চলত প্ৰৱেশ কৰি মানুহৰ লগত সংঘাতত লিপ্ত হৈ আহিছে।