মাৰ্ঘেৰিটাঃ ৰাজ্যত আজিও অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ৷ খাদ্যৰ সন্ধানত পাহাৰ-জংঘলৰ পৰা নামি অহা হাতীৰ জাকে ৰাজ্য খনৰ কেইবা খনো জিলাত ঘৰ-দুৱাৰ, খেতি পথাৰ নষ্টি কৰি ৰাজ্য হাজাৰ হাজাৰ লোকক বিপদত পেলাই আহিছে৷

বিন বিভাগ তথা চৰকাৰে জনসাধৰণক হাতীৰ জাকৰ পৰা নিৰাপত্তা দুয়াত বিফল হৈছে বুলি অভিোগ উত্থাপন হৈ সময়তে এইবাৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰা বিদ্যালয় ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰে বনৰীয়া হাতীৰ জাকে৷

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ অন্তৰ্গত কাষৰণী প্ৰাথমিক বিদ্যালয়ত শুকুৰবাৰে নিশা এজাক বনৰীয়া হাতীৰ তাণ্ডৱত বিদ্যালয়ৰ পকী দেৱাল, শ্ৰেণীকোঠা, ৰান্ধনী ঘৰৰ লগতে ছাত্ৰী-ছাত্ৰীৰ বাবে মজুত কৰি ৰখা প্ৰায় ৩ কুইণ্টল চাউল হাতীয়ে ভক্ষণ কৰে৷ ইপিনে বিদ্যালয়ৰ শ্ৰেণী কোঠা, ডেক্স-বেঞ্চ হাতীয়ে লণ্ড-ভণ্ড কৰাত ছাত্ৰ-ছাত্ৰীসকলে পাঠদান কৰাত সমস্যাত পৰে৷