খেৰণিঃৰাজ্যৰ বন বিভাগ বৰ্তমানেও কুম্ভকৰ্ণ নিদ্ৰাত৷ সাৰসুৰ নাই বনজ সম্পদ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত৷ লাহে লাহে নাইকিয়া হৈ আহিব ধৰিছে অসম গৌৰৱ এশিঙীয়া গঁড়কে ধৰি বিভিন্ন পশু-পক্ষী৷ একাংশ চোৰাংচিকাৰীয়ে চলাই আহিছে জীৱ-জন্তুৰ নিধনযজ্ঞ৷ সফল হ’ব পৰা নাই প্ৰতিশ্ৰুতিৰে ঢল বোৱাই অহা ৰাজ্য চৰকাৰৰ বনবিভাগ৷

 নিৰ্বাচনৰ পূৰ্বে বৰ বৰ কথা কৈ অগপ, বিজেপি আৰু বিপিএফ মিত্ৰজোঁটে ভোট ভিক্ষা কৰিছিল৷ বিশেষকৈ গঁড় হত্যা-হাতীৰ মৃত্যু সন্দৰ্ভত কংগ্ৰেছ দলক ব্যাপক সমালোচনা কৰিছিল মিত্ৰ জোঁটে ৷ নিৰ্বাচনত গঁড়-হাতী হত্যা নিৰ্বাচনৰ ইচ্ছ্যু কৰি ব্যাপক প্ৰচাৰ চলাইছিল ৰাজপাট দখলৰ বাবে৷

আসনৰ গাদীত বহাৰ পাছৰে পৰা ৰাজ্যত যে এটা বন বিভাগ আছে তাক ক’ব পৰা নাযায়৷ বন বিভাগৰ মন্ত্ৰীগৰাকীয়ে সময়ে সময়ে বৰ কথা কয় যদিও কামত তেনে পাৰ্গতালি দেখা নাযায়৷ মাথো বৰ বৰ কথা কৈ বনজ সম্পদ ৰক্ষা কৰিব নোৱাৰি সেই কথা আকৌ এবাৰ প্ৰমাণিত হ’ল পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলত৷

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত খেৰণি সংৰক্ষিত বনাঞ্চলত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই পুনৰ উদঙাই দিছে ৰাজ্যৰ বনবিভাগটোৰ ফোঁপোলা স্বৰূপ৷ বনকৰ্মী থকা সত্বেও অকাৰণত এটা হাতীৰ কেনেকৈ মৃত্যু হ’বলৈ পালে সি বৰ্তমানেও ৰহস্যৰ আৱৰ্তত৷ 

গভীৰ নিদ্ৰাত থকা বনকৰ্মীসকলে সুৰক্ষা দিয়াৰ নামত চৰকাৰৰ পৰা লাভ কৰে মোটা অংকৰ ধন৷ কিন্তু ৰক্ষণাৱেক্ষণৰ নামত নাই কোনোধৰণৰ ফচল ৷ যাৰ ফলত ৰাজ্যত নিতৌ মৃত্যু হ’ব ধৰিছে বনৰীয়া হাতীৰ৷  জানিব পৰা মতে বুধবাৰে এজন খৰিকটিয়াই বনাঞ্চলখনৰ ঘন জংঘলৰ পৰা শুকান খৰি সংগ্ৰহ কৰি থাকোতেই মৃত অৱস্থাত পৰি থকা বনৰীয়া হাতীটো প্ৰত্যক্ষ কৰে। লগে লগে খৰিকটিয়া জনে বনাঞ্চলখনৰ পৰা উভতি আহি ঘটনা সন্দৰ্ভত বন বিভাগক অৱগত কৰে।

হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি সপ্তাহ দিন পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে৷ বন বিভাগে হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰুণোত্তৰ পৰীক্ষা কৰে।কিন্তু বৰ্তমানেও হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছত মৃত্যুৰ কাৰণ স্পষ্ট হব বুলি জানিবলৈ দিয়ে খেৰণি বন বিভাগৰ বনকৰ্মীয়ে।