ডিজিটেল ডেক্সঃ আপোনাৰ ম'বাইলত নৰেন্দ্ৰ মোডী এপটো ডাউনলোড কৰা আছে নেকি? যদি আছে তেন্তে আপোনাৰ ব্যক্তিগত তথ্য ইতিমধ্যে চুৰি হৈছে! এনে এক বিস্ফোৰক কথাই ফাদিল কৰিছে ফৰাচী নিৰীক্ষক হেকাৰ এলিয়ট এল্ডাৰছনে। খোদ টুইট কৰি হেকাৰ এলিয়ট এল্ডাৰছনে কৈছে কয় যে, নৰেন্দ্ৰ মোডী এপ ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য অনুমতি অবিহনে তৃতীয় পক্ষৰ ডমেইনলৈ প্ৰৰণ কৰা হৈছে। 

এপ ব্যৱহাৰকাৰীৰ ই-মেইল, ফটো, লিংগ আৰু নাম জি-ডেটা নামৰ কোম্পানীৰ ফিছিং লিংক ছাইটলৈ প্ৰেৰণ কৰা হৈছে। এই কামৰ বাবে যিটো ডমেইন ব্যৱহাৰ কৰা হৈছে, সেইটো আকৌ আমেৰিকান কোম্পানী ক্লেভাৰ টেপৰ। 

মন কৰিবলগীয়া যে ফিছিং হৈছে এনে ডমেইন আৰু ইয়াক এনেদৰে প্ৰস্তুত কৰা হৈছে যাতে ই ব্যৱহাৰকাৰীৰ ইউজাৰনেম, পাছৱৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ সকলো তথ্য অসৎ কাৰ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

এলিয়ট এলভাৰছনে কয়, "মই জানো যে ব্যক্তিগত গোপনীয়তাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী হিচাপে আপোনাৰ কৰিবলগীয়া একো নাই। কিন্তু এপ ব্যৱহাৰকাৰীৰ বিনা অনুমতিত ব্যক্তিগত তথ্য তৃতীয় পক্ষক দিয়াৰ ক্ষেত্ৰত কি ক'ব?"

উল্লেখ্য, এলডাৰছনেই মাৰ্চৰ প্ৰথম ভাগত ৪৭৬৯ টা আধাৰ ফাইল ফাদিল কৰি চৰকাৰী ব্যৱস্থটো যে সুৰক্ষিত নহয় প্ৰমাণ কৰিছিল। নৰেন্দ্ৰ মোদী এপৰ এনে তথ্য 'চুৰি'ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল। 

কিছুদিনৰ পূৰ্বে ৰাহুল গান্ধীক তথ্য চুৰি অভিযোগ  অভিযোগ উত্থাপন কৰিছিল তথ্য-প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে৷ পুনৰ কংগ্ৰেছ নেতা দলটোৰ মুখপাত্ৰ ৰনদীপ সূৰ্যৱালাই কয় যে, এতিয়া মন্ত্ৰীজনে সংবাদ মেল অনুষ্ঠিত কৰিবনে? এই বিষয়ত সংবাদ মাধ্যমে প্ৰশ্ন কৰিবলৈ সাহস কৰিবনে? ব্যক্তিগত তথ্যৰ অবৈধ ব্যৱহাৰকাৰীক চৰকাৰে চমন জাৰি কৰাৰ হুংকাৰ দিবনে?

দেশৰ ১৫ লাখ এনচিচি কেডাৰক বাধ্যতামূলকভাৱে 'নমো' এপ ডাউনলোড কৰোৱাৰ পাছত এতিয়া তেওঁলোকৰ ব্যক্তিগত গোপনীয়তা কি হ'ব বুলিও কংগ্ৰেছে প্ৰশ্ন কৰে।