newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ অপৰূপ মায়াৰে সমৃদ্ধ জম্মু-কাশ্মীৰ বাহিৰৰ পৰা দেখিবলৈ যিমান সুন্দৰ সিমানেই ভয়াবহ ইয়াৰ ভিতৰৰ পৰিৱেশ৷ প্ৰতিদিনে এটা নহয় এটা কুটাঘাত ঘটি থাকে জম্মু-কাশ্মীৰত৷ ৰাজ্যখনত যোৱা দুটা মাহত ১৬ টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে৷ আনহাতে এই ঘটনাত আৰক্ষী-সেনা জোৱান সহ নিহত হৈছে কেইবাজনো স্থানীয় বাসিন্দা৷ 

যদিও ৰাজ্যখনৰ নিৰাপত্তাৰক্ষীয়ে দিনে নিশাই সন্ত্ৰাসবিৰোধী অভিযান চলাই কেইবাজনো ঘাটক সন্ত্ৰাসবাদী নিহত কৰিবলৈ সক্ষম হৈছে, তথাপিও পুনৰ জন্ম হৈয়ে আছে সন্ত্ৰাসবাদৰ৷ যাৰ প্ৰৰিপেক্ষিতত জম্মু-কাশ্মীৰৰ ভিতৰৰ পৰিৱেশ দুষিত হৈ পৰা পৰিলক্ষিত হৈছে৷

জম্মু-কাশ্মীৰৰ চোপিয়াং জিলাত মঙলবাৰে পুনৰ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়৷ জানিব পৰা মতে, জিলাখনৰ কুন্দালন এলেকাত ৩-৪ জনীয়া এটা সন্ত্ৰাসবাদীৰ দলৰ উপস্থিতিৰ খবৰ লাভ কৰি সেনাই সন্ত্ৰাসবাদী কেইজনৰ বিৰুদ্ধে অভিযান চলায়৷

ইয়াৰ পিছতে সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত তুমুল গুলিয়াগুলি চলে৷ জানিব পৰা মতে, সন্ত্ৰাসবাদীৰ গুলিবৰ্ষণত এজন উচ্চ পদস্থ আৰক্ষী বিষয়া সহ দুজন জোৱান আহত হয়৷ 

আৰক্ষীৰ এগৰাকী উচ্চ পদস্থ বিষয়াই জানিবলৈ দিয়া মতে, কুন্দালন এলেকাৰ এখন গাঁৱত মহম্মদ য়াকুব পেৰাই নামৰ এজন লোকৰ ঘৰত সন্ত্ৰাসবাদী কেইজনে আত্মগোপন কৰি আছিল৷ 

মহম্মদ য়াকুব নামৰ স্থানীয় নিৱাসীজনে অভিযোগ কৰা অনুসৰি, সন্ত্ৰাসবাদীৰ দলটোৱে তেওঁৰ পৰিয়ালৰ ৩ জন সদস্যক বন্দী বনাই জোৰ জৱৰদস্তি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল৷ পিছত সন্ত্ৰাসবাদী কেইজনৰ বিষয়ে আৰক্ষীয়ে সূত্ৰৰ জৰিয়তে খবৰ লাভ কৰি অভিযান চলায়৷