কোকৰাঝাৰঃ বিটিএডিৰ সদৰ কোকৰাঝাৰত শনিবাৰে পুৱাই সেনা-আৰক্ষীৰে এনডিএফবিৰ সংঘৰ্ষ লগাৰ ফলত এগৰাকী এনডিএফবিৰ সদস্য নিহত হয়৷ অভিযানত কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত ৰিপু সংৰক্ষিত বনাঞ্চলত শনিবাৰে পুৱা সেনা আৰক্ষীৰে সতে হোৱা সংঘৰ্ষত এনডিএফবিৰ (এচ) এজন দুধৰ্ষ সদস্য নিহত হয়।

নিহত এনডিএফবি সদস্যগৰাকীক গোসাইগাঁও থানাৰ অন্তৰ্গত দুই নং কুসুমবিল গাঁৱৰ বাসিন্দা বিজয় হাজোৱাৰীৰ পুত্ৰ ৰিকাৰ্ডো হাজোৱাৰী (২৬) ওৰফে ৰেখাই বুলি চিনাক্ত কৰা হৈছে৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা নাইন এম এম পিস্তল, এটা মেগজিন, চাৰি ৰাউণ্ড সজীৱ গুলী, দুটা মোবাইল হেণ্ডছেট, ১৭ খন ধনদাবী পত্ৰ, ২৩ টা খালী কাৰ্টিজ, তিনি খন কম্বল আৰু বহু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

প্ৰাপ্ত বাতৰি মতে সেনা আৰু আৰক্ষীয়ে এক গোপন সু্ত্ৰৰ পমখেদি পুৱা প্ৰায় ৫-৩০ বজাত জিলাখনৰ গোসাইগাঁও থানাৰ অন্তৰ্গত তথা ৰঙাপাৰা গাঁৱৰ ৰিপু সংৰক্ষিত বনাঞ্চলত যুটীয়া অভিযান চলায়৷ যুটীয়া অভিযানকাৰী দলটোৱে অঞ্চলটোত ২/৩ গৰাকী এনডিএফবি সদস্য আশ্ৰয় লৈ থকা বুলি অঞ্চলটোত অভিযান চলাওঁতেই এনডিএফবিৰ দলটোৱে পলাবলৈ চেষ্টা চলায়৷

এনডিএফবিৰ দলটোক নিৰাপত্তাৰক্ষীয়ে আত্মসমৰ্পণ কৰাৰ সুবিধা দিছিল যদিও নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰি পলাবলৈ চেষ্টা চলাওঁতেই অভিযানকাৰী দলটোৱে আত্মৰক্ষাৰ স্বাৰ্থত গুলীচালনা কৰাত এনডিএফবি সদস্য ৰিকাৰ্ডো হাজোৱাৰী (২৬) ওৰফে ৰেখাই ঘটনাস্থলেতে নিহত হয় যদিও বাকী কেইজন পলাই সাৰে বুলি আৰক্ষীয়ে সদৰি কৰে৷ পলায়ন কৰা এনডিএফৰবিৰ দলটোক বিচাৰি অঞ্চলটোত সেনা আৰু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।