ডিজিটেল ডেস্কঃ মাহাৰাষ্ট্ৰত মাওবাদীৰ বিৰুদ্ধে বৃহৎ অভিযান অব্যাহত আছে৷ ২২ এপ্ৰিলৰ পুৱাৰে পৰা চলা অভিযানত এতিয়ালৈ ৩৩ গৰাকী মাওবাদী নিহত হৈছে৷ আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হৈছে আটাইকেইজন মাওবাদী৷ মহাৰাষ্ট্ৰৰ গাঢ়চিৰোলি জিলাত এই পৰ্যন্ত অভিযান অব্যাহত আছে৷ 

সোমবাৰে একেটা এলেকাৰে ঝিমলাগদ্দাৰ ৰাজাৰাম কনহিলা গাঁৱত নিৰাপত্তৰক্ষীৰ সৈতে সংঘৰ্ষত ৬গৰাকী মাওবাদী নিহত হয়৷ প্ৰথমে দিনটোত অৰ্থাৎ দেওবাৰে দিনৰ ভাগত চিআৰপিএফ আৰু কমাণ্ডুৱে যুটীয়া অভিযান চলােৱাৰ কালত ১৬ গৰাকী মাওবাদী নিহত হয়৷ ১৬ গৰাকীৰ ভিতৰত মাওবাদীৰ শীৰ্ষ নেতা কমাণ্ডাৰ চাইনাথ, চিনু আৰু মহিলাও আছিল৷

নিহত মাওবাদীৰ পৰা ৪৭টা ৰাইফল আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয়৷ দেওবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ ইন্দ্ৰাৱতী নদীত ভাহি অহা ১১টা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷ প্ৰায় ২৪ ঘণ্টা পানীত পৰি থকাত মৃতদেহ সমূহ ফুলিবলৈ আৰম্ভ হয়৷ গাঢ়চিৰোলি জিলাক ঘেৰি লৈ এই অভিযান চলাইছিল৷ মাওবাদীক পুলিয়ে পোখাই উঘালিবলৈ পাহাৰ-জংঘলত নিৰপত্তাৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ সফল অভিযানৰ পিছতে সেনাই নাচি-বাগি স্ফুৰ্তি কৰাও দেখা যায়৷ ইতিমধ্যে অভিযানৰ অন্তত নাচি-বাগি ধেমালি কৰাৰ এটি ভিডিঅ’ ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়া৷ 

মাওবাদিৰ বিৰুদ্ধে এয়া বৃহঁ অভিযান আখ্যা দিয়া হৈছে৷ মহাৰাষ্ট্ৰৰ আৰক্ষী সঞ্চালক প্ৰধান সতীশ মাধুৰে জনোৱা মতে, আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত অতৰ্কিতে অভিযান চলাই ৰাজ্যখনৰ ভামৰাগঢ়ৰ টাওগাঁৱৰ অটব্য জংঘলত অভিযান চলাই৷ অভিযানৰ সময়তে এটি অস্ত্ৰধাৰী মাওবাদীৰ দলৰ সৈতে মুখামুখি হয় আৰক্ষীৰ৷ তাৰ পিছতে সংঘৰ্ষ লাগে দুয়োদলৰ৷