ওদালগুৰিঃ ওদালগুৰি চহৰৰ খাউৰাং গোৰ্খা নাট্যৰঙ্গ মঞ্চ অনুষ্ঠিত হোৱা ৬৯তম অসম গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ সোমবাৰে প্ৰথম বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰে।

দেওবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিষ্ঠা দিৱস তথা অধিৱেশনৰ সোমবাৰে অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত গাঁওৰক্ষী বাহিনীৰ পতাকা উত্তোলন কৰে অসম গাঁওৰক্ষী বাহিনীৰ ওদালগুৰি জিলা সমন্বয় সমিতিৰ সভাপতি মতিলাল ৰাভাই, পুৱা ৮:৪৫ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভণী কৰে গাঁওৰক্ষী বাহিনীৰ ৰাজ্যিক সমন্বয় সমিতিৰ উপসভাপতি গঙ্গাৰাম শৰ্মাই ।

 পুৱা ৯ বজাত স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে গাঁওৰক্ষী বাহিনীৰ ওদালগুৰি জিলা সমন্বয় সমিতিৰ সাধাৰণ সম্পাদক ৰোহিত চেত্ৰীয়ে, ৯:৩০ বজাত বৃক্ষৰোপন কাৰ্যসূচী, ১০ বজাত উলিওৱা বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শনেৰে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ওদালগুৰি ৰাজহ চক্ৰ বিষয়া পিঙ্কী বৰগয়াৰীয়ে ৷ দিনৰ ১:৩০ বজাত আৰম্ভ হোৱা মুকলি সভা উদ্বোধন কৰে ওদালগুৰিৰ অৱসৰ প্ৰাপ্ত চক্ৰ সংগঠক মোহনচন্দ্ৰ ভট্টৰাইয়ে ৷

মতিলাল ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গাওঁৰক্ষী বাহিনী অসম ৰাজ্যিক সমন্বয় সমিতিৰ সম্পাদক যতীন বাঢ়ৈয়ে তেওঁৰ ভাষণ প্ৰসঙ্গত কয় যে, জনসাধাৰণে প্ৰশাসনৰ ওপৰত বিশ্বাস ৰাখিব লাগে। প্ৰশাসনে সদায় আইনৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ কৰ্তব্যসমূহ সম্পাদন কৰে।

বিভিন্ন সময়ত কিছু ঘটনাৰ ক্ষেত্ৰত ৰাইজে আৰক্ষীক গালি অথবা মাৰধৰ কৰে যদিও এয়া কৰা অনুচিত। ইফালে তেওঁ ৰাজ্য চৰকাৰৰ কৰ্মকাণ্ডত ক্ষোভ ব্যক্ত কৰি কয় যে গাঁওৰক্ষী বাহিনীয়ে নিজৰ প্ৰাপ্য মজুৰি পাঁচ হাজাৰ টকালৈ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছিল। সেই অনুসৰি অসমৰ মূখ্যমন্ত্ৰীগৰাকীয়ে ৩ হাজাৰ টকাকৈ দিম বুলি ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত সেই ঘোষণা কাৰ্যকৰী নহ'ল। কিন্তু তেওঁলোকে এতিয়াও পৰিবৰ্তনকামী চৰকাৰখনৰ ওপৰত বিশ্বাস ৰখা বুলি জানিবলৈ দিয়ে।

উক্ত মুকলি সভাৰ মাজতেই অধিৱেশনখনিৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ "জাগ্ৰত প্ৰহৰী" উন্মোচন কৰে জিলা আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙে। ভাষণ প্ৰসঙ্গত আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে গাঁওৰক্ষী বাহিনীয়ে প্ৰশাসনক বিভিন্ন দিশত সহায় কৰি আহিছে। গাঁওৰক্ষী বাহিনীৰ বাবে প্ৰশাসন যথেষ্ট উপকৃত হোৱা দেখা গৈছে।

এই বাহিনীৰ পৰিসৰ অধিক পৰিমাণে বৃদ্ধি কৰা উচিত। জনসাধাৰণে স্থানীয় প্ৰশাসনৰ ওপৰত বিশ্বাস তথা নিৰ্ভৰ কৰি প্ৰশাসনক নিৰপেক্ষভাৱে কাম কৰিবলৈ সহযোগ কৰিব লাগে। উক্ত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে উপআৰক্ষী অধীক্ষক মহ. মইদুল ইছলাম, আইন শৃংখলাৰ উপআৰক্ষী অধীক্ষক হেমেন দাস, এমচিএলএ ৰিপেন দৈমাৰী, ওদালগুৰি উকীল সন্থাৰ কাৰ্যকৰী সভাপতি জয়ন্ত কুমাৰ ব্ৰহ্মৰ লগতে বহুতো বিশিষ্ট লোক।