ডিজিটেল ডেক্সঃ বৰফ বগা।এয়াই চিৰন্তন সত্য বুলি আমি জানি আহিছো। কিন্তু পূব ইউৰোপৰ পৰ্বতত দেখা গৈছে কমলা ৰঙৰ বৰফ। অতি বিৰল এনে ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে পূব ইউৰোপৰ ৰাছিয়া, বুলগেৰিয়া, ৰোমানিয়া, মালডোভা আদি দেশত। এই দেশসমূহৰ বৰফ আবৃত্ত পৰ্বতসমূহ আশ্বৰ্যজনকভাৱে কমলা ৰঙৰ হৈ পৰিছে।

এই পৰিৱৰ্তনে সকলোকে আকৰ্ষিত কৰিছে। এনে বৰফৰ ফটো ছ'চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। ভূবিজ্ঞানীসকলে এনে ঘটনা অস্বাভাবিক যদিও বিৰল নহয় বুলি মন্তব্য কৰিছে। প্ৰতি পাঁচ-ছবছৰৰ মূৰে মূৰে এনে ঘটনা দেখা যায়। আফ্ৰিকা মহাদেশৰ ছাহাৰা মৰুভূমিৰ পৰা বতাহে কঢ়িয়াই অনা বালিৰ কণিকাৰ বাবে এনে ঘটনা সংঘটি হয়। এই বালিকণা যুক্ত বৰষুণৰ বাবেই বৰফৰ ৰং কমলা হৈ পৰিছে। 

এইবছৰ বায়ুমণ্ডলত এনে বালিকণাৰ পৰিমাণ বৃদ্ধি পোৱাত ৰঙটো অধিক গাঢ় হৈ পৰিছে। ভূবিজ্ঞানী ষ্টিভেন কেটে জানিবলৈ দিয়া মতে, বায়ুমণ্ডলৰ উপৰিভাগত বালিকণাৰ এক আচ্ছাদন নাছাৰ উপগ্ৰহৰ ফটোত ধৰা পৰিছে। ইয়াৰ পৰা হোৱা বৰষুণে বৰফত বালিকণা মিহলি কৰিছে।