newsnextone.com | ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনে বৃদ্ধি হৈ অহা ধৰ্ষণৰ ঘটনাই সভ্য সমাজকৰ লজ্জানত কৰাৰ সময়তে এগৰাকী বিজেপি বিধায়কে ধৰ্ষণ প্ৰতিৰোধক লৈ কৰা মন্তব্যই চৰ্চা লাভ কৰিছে৷ বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙে ধৰ্ষণ সন্দৰ্ভত মন্তব্য কৰি কয়, ‘মই দাবী কৰি কব পাৰো যে স্বয়ং ৰাম ভগৱান আহিলেও ধৰ্ষণৰ ঘটনা নিয়ন্ত্ৰণ কৰা তেওঁৰ বাবে সম্ভৱ নহ’ব৷ এয়া সমাজৰ স্বাভাৱিক প্ৰদূষণ হয় আৰু ইয়াৰ পৰা কোনেও সাৰি যাব নোৱাৰে৷’

উত্তৰ প্ৰদেশৰ বেৰিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে কয় যে, সকলো ধৰ্মতে কোৱা হৈছে সমাজখন একেখন পৰিয়াল বুলি ভাৱিব লাগে৷ সকলো নাৰীকে নিজৰ ভগ্নী ভাৱি নিজৰ ধৰ্মৰ পালন কৰিব লাগে৷ সংস্কাৰৰ বলতহে ধৰ্ষণ নিয়ন্ত্ৰণ কৰিব পৰা যাব৷ কিন্তু সংবিধানৰ শক্তি দেখুৱাই এয়া নিয়ন্ত্ৰণ কৰা অসম্ভৱ৷

বিবাদস্পষ্ট মন্তব্য কৰি প্ৰায়ে চৰ্চাৰ বিষয় হৈ পৰা উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ বেৰিয়া সমষ্টিৰ বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙে শেহতীয়াকৈ এখন জনসভাত অংশ লৈ ‘চৰকাৰী বিষয়াতকৈ বেশ্যাৰ চৰিত্ৰ বেছি ভাল’ বুলি বিতৰ্কিত মন্তব্য কৰিছিল৷ তেওঁ কৈছিল, ‘বেশ্যাই ধন লৈ অন্ততঃ নিজৰ কাম কৰে৷ কিন্তু চৰকাৰী বিষয়াই ধন লৈও আপোনাৰ কাম যে কৰিব, তাৰ কোনো গেৰেন্টি নাই৷’

তেওঁ সতৰ্ক দিৱস পালন কৰি ভ্ৰষ্ট চৰকাৰী বিষয়াক সতৰ্ক কৰি দি কৈছিল যে যদি কোনো বিষয়াই আপোনাৰ পৰা উৎকোচ বিচাৰে তেন্তে প্ৰথমে তেওঁক ঘোচা দিয়ক, যদি তাৰ পিছতো বিষয়াজন সৎ পথলৈ ঘুৰি নাহে তেন্তে তেওঁৰ মুখত জোতাৰে কোবাওক৷ আনহাতে, যোৱা মাহত বিজেপি বিধায়কগৰাকীয়ে যোগী চৰকাৰৰ মন্ত্ৰী তথা চুহলদেৱ ভাৰতীয় সমাজ পাৰ্টীৰ অধ্যক্ষ ওমপ্ৰকাশ ৰাজভৰক বেশ্যাৰ সৈতে তুলনা কৰি বিতৰ্কত সোমাই পৰিছিল৷ বিজেপি বিধায়কগৰাকীয়ে ৰাজভৰৰ বিৰুদ্ধে পৰিয়ালৰ বাবে ধন আৰু ভৱিষ্যত গঢ়াৰ বাবে দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল৷

মন্ত্ৰী ওমপ্ৰকাশ ৰাজভৰে বিজেপিৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে তাৰ প্ৰত্যুত্তৰ দি বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙে কৈছিল, ‘বেশ্যাই গোটেই দুনীয়াখনকে বেশ্যাৰ দৰেই দেখে৷’ ইয়াৰ পূৰ্বে এপ্ৰিল মাহত তেওঁ গণ ধৰ্ষণৰ অভিযুক্ত উন্নাও সমষ্টিৰ বিধায়ক কুলদ্বীপ সিঙ চেংগৰক সমৰ্থন জনাই বিতৰ্কত সোমাই পৰিছিল৷ তেওঁ কৈছিল যে কোনো ব্যক্তিয়েই ৩ সন্তানৰ মাতৃৰ সৈতে ধৰ্ষণ সংঘটিত নকৰে৷