newsnextone.com | গুৱাহাটীঃ জাতি, মাটি, ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি, অগপ আৰু বিপিএফ মিত্ৰজোঁটৰ চৰকাৰে জাতি, মাটি, ভেটি ৰক্ষা কৰিবলৈ সক্ষম নহলেও নিজৰ নিজৰ ক্ষমতাৰ স্বাৰ্থত তিনিওটা দলেই কাম কৰি গৈছে সেয়া অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে৷ এতিয়া নিজৰ নিজৰ ক্ষমতাৰ অংকত ব্যস্ত দল তিনিটাৰ নেতা৷

জাতিক সুৰক্ষিত কৰাৰ কথা কৈ ভোট লৈ চৰকাৰ গঠন কৰা দল তিনিটাই এতিয়া পাভলুটি মৰাৰ ফলত ৰাইজে ৰাজপথলৈ ওলাই আহিব লগা হৈছে৷ 

বিদেশী খেদিম বুলি চৰকাৰ গঠন কৰি এতিয়া বিদেশী সংস্থাপনৰ বাবে চক্ৰান্ত কৰা পৰিলক্ষিত হৈছে৷ যাৰ ফলত এতিয়া প্ৰতিদিনে উত্তাল হ’ব ধৰিছে অসম৷ ৰাজ্যজুৰি জাতীয় দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে সুযোগ লৈছে কংগ্ৰেছ দলে৷ কংগ্ৰেছ দলে নতুন সংজ্ঞা উলিয়াই অবিজেপি চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে ৰাজ্যত৷ বিজেপি বিৰোধীয়ে চৰকাৰ গঠন কৰিলে কংগ্ৰেছে সহায় কৰিম বুলি ঘোষণা কৰাৰ লগতে অতুল বৰা, প্ৰফুল্ল মহন্ত, হাগ্ৰামা মহিলাৰীক এখন বিকল্প চৰকাৰ গঠন কৰাৰ বাবে নেতৃত্ব লবলৈ কয় কংগ্ৰেছে৷

কংগ্ৰেছৰ এই প্ৰস্তাৱৰ পিছতে ৰাজ্যৰ নিউজ লাইভ নামৰ নিউজ চেনেলটোত দিয়া এটি সাক্ষাতকাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক প্ৰফুল্ল কুমাৰ মহন্তই কংগ্ৰেছৰ প্ৰস্তাৱক একপ্ৰকাৰ সমৰ্থনেই কৰি আক্ৰমণ কৰে মিত্ৰজোঁটৰ চৰকাৰ খনক৷

নিউজ চেনেলটোত দিয়া সাক্ষাতকাৰত মহন্তই ৰাইজৰ গালি খাব লগা হোৱা বুলি কয়৷ প্ৰফুল্ল কুমাৰ মহন্তই কয় যে ‘‘ৰাজনীতিত অসম্ভৱ বুলি একো নাই৷ এখন চৰকাৰক কাম কৰিবৰ বাবে সময় আৰু সুবিধা লাগিব৷ মই মুখ্যমন্ত্ৰী থাকোতে চিফ মিনিষ্টাৰ ভাঙিব লাগে বুলি পাৰ্টিৰ ভিতৰৰ মানুহেই স্মাৰক পত্ৰ দিবলৈ গৈছিল ৰাজ্যপালক৷ তেওঁলোক এতিয়া বিজেপিত আছে কেইবাজনো৷ ৰাজনীতিত অসম্ভৱ বুলি কোনো কথা নাই৷ সুবিধা বাদী শ্ৰেণী এটা থাকে৷ কিন্তু ৰাইজে পৰিৱৰ্তন, ৰাইজৰ সপক্ষে কাম যদি কৰা নাযায় তেন্তে ৰাইজে পৰিৱৰ্তন বিচাৰিব৷ যোৱা দুটা বছৰত মই সকলোকে অনুৰোধ কৰিছিলো বঢ়মপুৰ সমষ্টিৰ ৰাস্তা-ঘাটৰ কাম কৰাৰ বাবে ব্যৱস্থা হাতত লব লাগে৷ কিন্তু সেইটো লোৱা পৰিলক্ষিত নহ’ল৷ শেষত মই উপায় নাপায় প্ৰধানমন্ত্ৰী আৰু গড়কাপ্তানী মন্ত্ৰীক লগ পায় বঢ়মপুৰ সমষ্টিৰ গুৰুত্বপূৰ্ণ পথ সমূহ মেৰামতি কৰিবলৈ অনুৰোধ জনাও৷ মিত্ৰগোষ্ঠীৰ চৰকাৰ হিচাপে আমি গালি আছোঁ বহু ঠাইত৷’’ 

এয়াই আছিল প্ৰফুল্ল কুমাৰ মহন্তৰ মন্তব্য৷ মহন্তৰ এই মন্তব্যই তাৎপৰ্য বহন কৰিছে৷ প্ৰফুল্ল কুমাৰ মহন্তই মিত্ৰজোঁটৰ চৰকাৰৰ পৰা এলাগী হৈছে নেকি৷ অগপৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে নিজ দলৰ পৰা এলাগী হৈছে নেকি৷ যাৰ ফলতে কংগ্ৰেছৰ সুৰতে সুৰ মিলাই কথা কব লগা হৈছে৷ গোপনে আন কিবা পৰিকল্পনা কৰি আছে নেকি অগপ দলে৷ এনে বহু প্ৰশ্নই এতিয়া উত্থাপন হৈছে৷
 
কংগ্ৰেছৰ বাঘবৰৰ বিধায়ক আব্দুল খালেকে দুদিন পূৰ্বে অতুল বৰা, প্ৰফুল্ল মহন্ত, হাগ্ৰামা মহিলাৰীয়ে যদি নেতৃত্ব লয় তেন্তে অসমত এখন অবিজেপি চৰকাৰ হ’ব পাৰে বুলি কৈছিল৷ যদি তেওঁলোকৰ সদিচ্ছা আছে তেন্তে তেওঁলোকে এখন বিকল্প চৰকাৰ গঠন কৰিব পাৰে৷ মই কংগ্ৰেছ নেতৃত্বক আনুৰোধ কৰিছো যাতে এই চৰকাৰখনক সমৰ্থন কৰে বুলি কৈছিল কংগ্ৰেছৰ বিধায়কে৷ 

উল্লেখ্য যে, অসমত বৰ্তমান অগপৰ হাতত ১৪, বিপিএফৰ হাতত ১২, কংগ্ৰেছৰ হাতত ২৬, এআইডিএফৰ হাতত ১৩গৰাকী বিধায়ক আৰু নিৰ্দলীয়া এগৰাকী বিধেয়ক আছে৷ সোণোৱাল চৰকাৰৰ দুবছৰ সমাপ্ত হোৱাৰ দিনটোতে কংগ্ৰেছে এনেদৰে বিজেপিক ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰে কংগ্ৰেছে৷ অবিজেপি বিধায়কেৰে চৰকাৰ গঠনৰ বাবে  অতুল বৰা, প্ৰফুল্ল কুমাৰ মহন্তক নেতৃত্ব লবলৈ কংগ্ৰেছৰ বিধায়ক আব্দুল খালেকে আহ্বান জনােৱাৰ পিছতে অগপৰ প্ৰতিষ্ঠাপক সভাপতি মহন্তই নিজ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷