ডিজিটেল ডেস্কঃ বিশ্বৰ সকলো প্ৰান্ততে জনপ্ৰিয় ছ’চিয়েল মিডিয়া ছাইট ফেচবুকক সকিয়নি দিয়া স্বত্বেও থাইলেণ্ডৰ নিৰ্দেশ কোনো কাৰণতে মানি লোৱা নাই ফেচবুকে। চ’ছিয়েল নেটৱৰ্ক ছাইটটোৰ পৰা বিভিন্ন আপত্তিজনক কন্টেন্ট আঁতৰবাৰ বাবে ফেচবুকক সময়সীমা ধৰি দিছিল থাইলেণ্ড চৰকাৰে৷

যদিহে ফেচবুকে এই সময়ৰ ভিতৰত কন্টেন্টবোৰ আঁতৰাই নিদিয়ে, তেন্তে ফেচবুকৰ ওপৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰিছিল থাইলেণ্ড চৰকাৰে৷

মংগলবাৰে পুৱা ১০ বজালৈ বান্ধি দিছিল এই সময়সীমা৷ আনহাতে ফেচবুকৰ এজন উৰ্ধতম কৰ্তৃপক্ষই বিষয়টো সন্দৰ্ভত বিচাৰ কৰি থকা হৈছে বুলি প্ৰকাশ কৰিছে৷

আনহাতে দেশখনৰ আগশাৰীৰ সংবাদ মাধ্যম বেংকক প’ষ্টে থাই ইন্টাৰনেট চাৰ্ভিছ প্ৰভাইডাৰে ফেচবুক সেৱা বন্ধ কৰাৰ সম্ভাৱনীয়তাৰ কথা প্ৰকাশ কৰিছে৷