ডিজিটেল ডেস্কঃ আৰক্ষীৰ বাবে হঠাতে আশীৰ্বাদ স্বৰূপ হৈ পৰিল ফেচবুক। ৰাজস্থান আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা এগৰাকী অপৰাধী যুৱতীক যোৱা ৫ মাহ ধৰি বিচাৰি ফুৰা আৰক্ষীক সহায় কৰিলে ফেচবুকে। 

মুম্বাইৰ এখন হোটেলত ডিস্ক’ জকীৰ কাম কৰা শিখা তিৱাৰী ওৰফে ডিজে আদা নামৰ যুৱতীগৰাকীয়ে হোটেলৰপৰা ১ কোটি টকা লৈ উধাও হৈছিল ডিচেম্বৰ মাহত। 

এই ২১ বৰ্ষীয় অপৰাধী শিখাক ধৰা পোলোৱাত সহায় কৰিলে ফেচবুকে। আচলতে শিখাই ফেচবুকযোগে অলপতে লাইভ কৰিছিল। সেই সূত্ৰেই শিখাৰ স্থানাংক উলিওৱাত সহজ হৈ পৰিল ৰাজস্থানৰ স্পেচিয়েল অপাৰেশ্যনছ গ্ৰুপৰ বাবে। 

ৰাজস্থানৰ চিকিৎসা বিষয়া সুনিত চনীক হানীট্ৰেপিঙৰ জালত পেলাই তেঁওৰপৰা ২ কোটি টকা দাবী কৰিছিল শিখাই। তাৰপিছতে ১ কোটি টকা লৈ উধাও হয় শিখা। তেতিয়াৰেপৰা স্পেচিয়েল অপাৰেশ্যনছ গ্ৰুপে শিখাৰ সন্ধানত আছিল।