নতুন দিল্লীঃ ৰাজনীতিৰ প্ৰত্যাহ্বানৰ সন্মুখত ছ’চিয়েল মিডিয়া ফেচবুকে এক নতুন পদক্ষেপ গ্ৰহণ কৰে৷ ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনীৰ পূৰ্বে ফেচবুকে ৰাজনীতিৰ লগত জড়িত থকা প্ৰায় ৬৮৭ টা পেজৰ একাউন্ট আঁতৰাই পেলায়৷ 

অৰ্থাৎ বৰ্তমান ছ’চিয়েল মিডিয়া ফেচবুক, টুইটাৰে ৰাজনীতিৰ দিশত যথেষ্ট প্ৰভাৱ পেলাই আহিছে৷ যিহেতু ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনীৰ কাষ চাপিছে, সিমানেই ফেচবুকত জনসাধাৰণক ভুলুৱাবলৈ বিভিন্ন ধৰণৰ পোষ্ট আপডেট কৰা দেখা গৈছে৷

এক বিশেষ প্ৰতিবেদনৰ সূত্ৰে ছ’চিয়েল নেটৱৰ্কিঙ ৱেবচাইট ফেচবুকে এই সন্দৰ্ভত কয় যে আগন্তুক ভাৰতত হ’বলগীয়া লোকসভা নিৰ্বাচনীত কোনোধৰণৰ প্ৰভাৱ নপৰিবলৈ এনে পদক্ষেপ হাতত ল’বলগীয়া হয়৷ গুৰুত্বপূৰ্ণ বিষয় যে ফেচবুকৰপৰা আঁতৰাই দিয়া অধিকতৰ পেজৰ একাউন্ট কংগ্ৰেছৰ লগত জড়িত থকা বুলি জানিব পৰা গৈছে৷ 

এনেধৰণৰ ফেচবুক পেজত স্থানীয় বা-বাতৰি, প্ৰত্যাৰ্শীৰ বিচাৰ, আগন্তুক নিৰ্বাচনীৰ বাবে বিভিন্ন ধৰণৰ পোষ্ট কৰা হয়৷ য’ত ৰাজনৈতিক দলে বিপক্ষ দলক সমোলোচনা কৰা দেখা যায়৷ আনহাতে, এই একাউন্ট ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ আই টি চেলৰ লগত জড়িত থকা লোক আছিল বুলি ফেচবুকৰ লোকে প্ৰকাশ কৰে৷

উল্লেখ্য যে, ৰাজনীতি নিৰ্বাচনীৰ বাবে নিৰ্বাচনী আয়োগে ফেচবুক, টুইটাৰ, ইউটিউবৰ দৰে ছ’চিয়েল ৱেৱচাইটৰ বাবে নিৰ্বাচনত কোনোধৰণৰ প্ৰভাৱ নপৰিবলৈ চোকা দৃষ্টিৰে পৰীক্ষণ কৰিছে৷ বিজ্ঞাপন, ভুৱা বাতৰি প্ৰচাৰ নহ’বলৈ এনেধৰণৰ মিডিয়াক সকিয়নী প্ৰদান কৰিছে নিৰ্বাচনী আয়োগে৷ লগতে বিজ্ঞাপনৰ বাবে নিৰ্বাচনত খৰচ কৰা সকলোবোৰ নিৰ্বাচনৰে অংশ ধৰা হ’ব বুলিও প্ৰকাশ কৰিছে৷