ডিজিটেল ডেস্কঃ পৰীক্ষাত অনুত্তীৰ্ণ হ’লে কন্দা ছাত্ৰী দেখিছে৷ কিন্তু তাৰ পৰিৱৰ্তে দুই ছাত্ৰী উঠিল ছাদত৷ উদ্দেশ্য এটাই- পাছ কৰাই দিয়ক, নহ’লে ছাদৰপৰা জপিয়াই আত্মহত্যা কৰিব৷ 

মধ্যপ্ৰদেশৰ মুজ্জফৰ নগৰৰ সনাতন ধৰ্ম ইণ্টাৰ কলেজৰ অৰ্ণিমা আৰু পায়ল নামৰ একাদশ শ্ৰেণীৰ ছাত্ৰী দুগৰাকীয়ে পৰীক্ষাত পাছ নকৰাৰ বাবে কলেজ কৰ্তৃপক্ষক দোষাৰোপ কৰাতে ক্ষান্ত নাথাকিল৷

চৌহদৰ বিল্ডিঙৰ ছাদত উঠি হাতে হাত ধৰি দুয়োগৰাকীয়ে ক’লে- পাছ নকৰালে জপিয়াই আত্মহত্যা কৰিম’৷ নিৰুপায় অধ্যক্ষই কয়- ‘প্লিজ এনেকুৱা নকৰিবা, তোমালোকৰ বহী পুনৰাই চোৱা হ’ব’৷  

শেষত আৰক্ষীৰ হতুৱাই ছাত্ৰী দুগৰাকীক ছাদৰপৰা নমাই থানালৈ লৈ যোৱা হয়৷ তাতে বুজনিৰ পিছতহে মান্তি হয় ছাত্ৰী দুগৰাকী৷