ডিজিটেল ডেস্কঃ শিশু চুৰিক লৈ সৃষ্টি হোৱা আতংকই এতিয়া প্ৰাণ লৈছে ৭ জনকৈ লোকৰ। শুকুৰবাৰে ঝাৰখণ্ডৰ জমছেদপুৰত শিশু চুৰিৰ সন্দেহতে ৩ জনকৈ লোকক মৰিয়াই হত্যা কৰাৰ পিছতেই পৰিস্থিতি আজি আৰু অৱনতিৰ দিশে গতি কৰিছে। 

জমছেদপুৰত এতিয়ালৈ ৪ জন আৰু চৰাইকেলাত ৩ জন লোকে এই হিংসাত্মক ঘটনাত প্ৰাণ হেৰুৱাইছে। আজি মানগো এলেকাত ভিৰ কৰা উত্তেজিত লোকক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰিব লগা হয়।

আৰক্ষীয়ে উত্তেজিত লোকে শিল দলিওৱাৰ ফলত আৰক্ষীয়ে উপায়ন্তৰ হৈ লাঠীচাৰ্জো কৰে।