ডিজিটেল ডেস্কঃ বিশ্বজুৰি বিভিন্ন দেশে ছ'চিয়েল মিডিয়াৰ উৰাবাতৰিৰ পৰিপ্ৰেক্ষিতত আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ’বপৰা বিষয়টোক  লৈ চিন্তিত হৈ পৰাৰ সময়তে ভাৰততো উমান পোৱা গৈছে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ আগজাননী।

দেশত সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাই লাভ আদায়ৰ বাবেই হওক বা ৰাজনৈতিক লাভা-লাভৰ অংকতেই হওক, ফেচবুক-টুইটাৰৰ দৰে প্ৰচুৰ সম্ভাৱনাপুৰ্ণ সামাজিক গণ্যমাধ্যমক ৰাজনৈতিক বা কট্টৰপন্থী সাম্প্ৰদায়িক গোটে ন্যস্তস্বাৰ্থত ব্যৱহাৰ কৰিবলৈ উঠিপৰি লাগিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত ভিত্তিহীন উৰাবাতৰিৰ শেষ নাই। সেয়া লাগিলে যোগীক লৈয়ে হওক বা তেজ বাহাদুৰক লৈয়ে হওক, দেশৰ শান্তি-সম্প্ৰীতি বিনস্ত কৰিবপৰা এনে ভুৱা বাতৰিয়ে জনজীৱন হঠাৎ বিধ্বস্ত কৰি তুলিব পাৰে।  শেহতীয়কৈ এনে ধৰণৰ হিংসা উদ্ৰেককাৰী ভিডিঅ' ভাৰতত ছ'চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰিছে।

ভাৰতত হিন্দুৰ ওপৰত মুছলমানৰ অত্যাচাৰ বুলি হোৱাটছ এপ, ফেচবুকত চৰ্চা লাভ কৰা এই ভিডিঅ’টোত কেইজনমান লোকে লগ লাগি নিষ্ঠুৰভাবে আন এজন লোকক ৰাজহুৱা স্থানত মাৰ-ধৰ কৰি থকা দেখা গৈছে৷

ধৰ্মীয় অনুভূতিৰে সমৰ্থন লাভৰ উদ্দেশ্যেৰে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা হোৱা এই ভিডিঅ’টো দৰাচলতে বাংলাদেশৰহে৷ বাংলাদেশৰ আৱামী লীগৰ নেতা শ্বেইখ মনিৰৰ হত্যাৰ অভিযুক্ত পলাতক আচামী আবু ছইদ আৰু মহম্মদ আলীক দুৰ্বৃত্তই আক্ৰমণ কৰা ভিডিঅ’টো বাংলাদেশৰ কম্মিলাত ৰেকৰ্ডিং কৰা হৈছিল আৰু ফেচবুকত আপলোড কৰা হৈছিল ২ এপ্ৰিলত৷

সেই ভিডিঅ’টোকে বিহাৰৰ নৱাদা অঞ্চলত হিন্দু এজনক মুছলমান লোকে মৰিয়াই মৰিয়াই হত্যা কৰা বুলি ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে কেতবোৰে৷ সঁচা হিন্দু হ’লে এই ভিডিঅ’টো সম্প্ৰচাৰ কৰক বুলি হোৱাটছ এপত ভিডিঅ’টোৰ লগত লিখা হৈছে৷

বিমুদ্ৰাকৰণৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰা নতুন ২০০০ টকীয়া নোটত জিপিএছ থকা, নৱেম্বৰ মাহত দেশজুৰি নিমখৰ নাটনি আদি বাতৰিয়ে দেশৰ বিশেষ ক্ষতি নকৰিলেও এনেধৰণৰ সাম্প্ৰদায়িক হিংসাজনিত উৰাবাতৰিয়ে দেশৰ সম্প্ৰীতি বিনষ্ট কৰিব পাৰে বুলি আশংকা কৰা হৈছে৷