newsnextone.com | তামুলপুৰঃ বানৰ কবলত পৰি ৰাজ্যৰ কেইবাখনো জিলাৰ লোক ককবকাই থকাৰ সময়তে খেতি পথাৰত পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে৷ কেইবাখনো জিলাৰ পথাৰ পানীয়ে বুৰাই পেলোৱাৰ সময়তে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা হৈছে বাক্সা জিলাৰ তামুলপুৰৰ কৃষকে।

পানীৰ অভাৱত অঞ্চলটোৰ অধিকাংশ কৃষকে ভূঁই ৰুব পৰা নাই ৷ জিলাখনৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দৰঙামেলাৰ হাতীদুবা অঞ্চলৰ দৰিদ্ৰ কৃষকে পানীৰ অভাৱত মূৰে-কপালে হাত দিব লগা হৈছে।

ভৰ বাৰিষা ভূঁই ৰোৱাৰ সময়তে প্ৰখৰ ৰ'দত মাটি শুকাই যাবলৈ আৰম্ভ কৰিছে। উপায়ন্তৰ হৈ কৃষকসকলে পাৱাৰ পাম্পৰ জৰিয়তে পানী সিঁচি ভূঁই ৰোৱাৰ চেষ্টা চলাইছে যদিও সফল হ'ব পৰা নাই ৷ অঞ্চলটোৰ কৃষকসকলৰ বাবে এতিয়া পানী সিঁচা মেচিনেই  হৈ পৰিছে একমাত্ৰ ভৰসা৷ সেয়া হ'লেও ধনৰ অভাৱত মেচিন ভাৰা কৰিবলৈ মহাজনৰ পৰা ঋণ ল'বলৈ বাধ্য হৈ পৰিব অঞ্চলটোৰ বহু কৃষক। 

বানপানীৰ কৱলত পৰি ককবকাই থকা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আকৌ বৰষুণ বিচাৰি হাহাকাৰ কৰিব লগা হৈছে৷ দিনৰ পাছত দিন ধৰি বৰষুণ নিদিয়াৰ ফলত খৰাঙৰ কৱলত পৰিছে ৰাজ্যৰ একাংশ কৃষক৷

পথাৰত ছিৰাল ফাট আৰু কঠিয়া নষ্ট হোৱাৰ উপক্ৰম হোৱাত মূৰে-কপালে হাত দিছে ৰাজ্যৰ কৃষকে৷ বছৰি খেতি পথাৰত পানী যোগান ধৰাৰ নামত কোটি কোটি টকা খৰছ কৰা বিয়াগোম জলসিঞ্চন বিভাগে কৃষকক এটুপিও পানী ধৰিব নোৱাৰাৰ ফলত বৰষুণৰ বাবে ভগৱানক কাকুতি-মিনতি কৰিব লগা হৈছে৷

কিয়নো কোটি কোটি টকা খৰছ কৰি পুৰণি আঁচনি মেৰামতি কৰাৰ লগতে জলসিঞ্চনৰ নতুন আঁচনি নিৰ্মাণ কৰে যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হয়৷ অৱশেষত ভগৱানেৰ ওচৰত হাতযোৰ কৰি কাকুতি-মিনতি কৰিব লগা বৰষুণৰ বাবে৷

মূৰৰ ঘাম মাটিত পেলাই ৰোৱা কঠিয়াতলি খৰাঙৰ জুয়ে পুৰিছে। এতিয়া শৰণাপন্ন হ’ব লাগিব ভগৱানৰ। খেতি ডৰাৰ বাবে এজাক বৰষুণে শেষ ভৰষা হৈ পৰিব। সেয়ে চৰকাৰৰ আশা বাদ দি ভগৱানকে কাকুতি-মিনতি কৰে কৃষকে।

জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্যত এখন চৰকাৰ থকাৰ পিছতোঁ কৃষকে পথাৰত পানী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে৷ কৃষকৰ সমস্যা সমাধানৰ কথা কৈ গাদী দখল কৰা চৰকাৰখনে কেইখনমান ট্ৰেক্টৰ বিতৰণ কৰি ব্যাপক প্ৰচাৰ চলাইছে যদিও যিটো কাম বেছি প্ৰয়োজন সেই কাম কৰি দেখুৱাব পৰা নাই৷ 

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দৰঙামেলাৰ হাতীদুবাত শাওনৰ ভৰ বাৰিষাৰ খেতি পথাৰত গৰুৰ চৰণীয়া পথাৰত পৰিণত হৈছে। পানীৰ অভাৱত শ-শ বিঘা মাটি ছন পৰি ৰৈছে। খেতিয়কসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ৫ বছৰে পূৰ্বেই ভাৰত ভূটান সীমান্তৰ দৰঙা নৈৰ জলসিঞ্চনৰ  বান্ধ ভাঙি যোৱাৰ ফলত হাতীদুবা অঞ্চলৰ খেতিয়ক ৰাইজৰ খেতি পথাৰ সমূহ পানীৰ অভাৱত শুকাই  পৰে। 

বৰষুণৰ পানীৰেও খেতিয়ক ৰাইজ খেতি কৰিব নোৱাৰে। এনেদৰে যোৱা ৫ বছৰ ধৰি হাতীদুবা অঞ্চলৰ কৃষকে খেতিয়কৰ শ শ বিঘা মাটি ছন পৰি ৰোৱাত অঞ্চলৰ খেতিয়কসকল এতিয়া বহিঃ ৰাজ্যলৈ কৰ্ম সংস্থাপন বিছাৰি গমন কৰা পৰিলক্ষিত হৈছে। অসমৰ মানৱসম্পদ এতিয়া আবদ্ধ হৈ আছে মেট্ৰ'পলিটান চহৰৰ অভিজাত শ্বপিং মল, শ্বৰূম নতুবা ব্যক্তিগত উদ্যোগত কাম কৰিব লগা হৈছে। 

পৰিৱৰ্তিত সময়ৰ পাকচক্ৰত বিভ্ৰান্ত হৈ চৰকাৰৰ আঁচনিৰ নামত থলুৱা যুৱকক সৰ্বপ্ৰকাৰৰ সহায় কৰিব নোৱাৰা বাবেই পথাৰৰ মায়া এৰি সম্প্ৰতি অসমৰ গ্ৰামাঞ্চলৰ উদীয়মানে থিতাপি লৈছে বাংগালুৰু, হায়দৰাবাদ, গুজৰাট, মুম্বাই আদি মহানগৰত। দৰাচলতেই অভিজাত বিপনীৰ আঢ়্যৱন্ত গ্ৰাহকক সামগ্ৰীৰ গুণাগুণ বুজোৱা আৰু সচেতন দ্বাৰৰক্ষীৰ ভংগীত থিয় হৈ থকাতে ব্যয় হৈছে যৌৱন। এককথাত ভৰি পৰিছে শ্বৰূম, খালী হৈছে পথাৰ। তথাপিও কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম জলসিঞ্চন বিভাগ।