newsnextone.com | মঙলদৈঃ আপুনি অনলাইন যোগে নিশ্চয় চাকৰিৰ বাবে আবেদন কৰাৰ কথা শুনিছে, নতুবা নিজেই আবেদনো কৰিছে। একেদৰে Quiker, OLX, flipkartত আপুনি বিভিন্ন সামগ্ৰী অনলাইনযোগে ক্ৰয়-বিক্ৰয় কৰাৰ কথাও শুনিছে। হয়তো নিজেও ক্ৰয়-বিক্ৰয় কৰিছে।

কিন্তু শুনি আচৰিত হ’ব এতিয়াৰ পৰা আপুনি অনলাইন যোগে ক্ৰয় কৰিব পাৰিব হাঁহ, মুৰ্গী, জাপানীজ কুৱেল নামৰ চৰাই ৷ হয়, এতিয়াৰ পৰা আপুনি পোহনীয়া হাঁহ, মুৰ্গী ক্ৰয় কৰিব পাৰিব অনলাইন যোগে৷

Quiker, OLX, flipkart দেশৰ লোকৰ মাজত জনপ্ৰিয় হৈ পৰিছে৷ তালৈ চাই হাঁহ, মুৰ্গী বিক্ৰীৰ বাবেও তেনে এটা এপ নতুবা ৱেবচাইট মুকলি কৰিছে অসমৰ এজন যুৱকে। এনে ৱেবছাইট মুকলি কৰিছে মঙলদৈৰ কুশল ডেকাই।

বিক্ৰীৰ বাবে তেনে এটা ৱেবচাইট মুকলি কৰি ব্যৱসায় আৰম্ভ কৰিছে। ৰাইজৰ সহায়ক হোৱাকৈ এনে  ৱেবছাইট মুকলি কৰি ব্যৱসায় চলাই গৈছে কুশল ডেকাই নামৰ মঙলদৈৰ যুৱকজনে।

দৰঙৰ জিলাৰ অসমীয়া যুৱক কোনো চৰকাৰী সুবিধা লাভ নকৰাকৈয়ে অনলাইন যোগে হাঁহ ,কুকুৰা, জাপানীজ কুৱেল নামৰ চৰাই যোগান ধৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে। যাৰ দ্বাৰা অৰ্থনৈতিক বিপ্লৱ গঢ়ি তোলাৰ চিন্তা চৰ্চা কৰিছে।  

ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত কুমাৰপাৰা গাঁৱৰ শিক্ষিত যুৱক কুশল ডেকাই নিজৰ লগতে আন চাৰিটা পৰিয়ালৰ সংস্থাপন মুকলি কৰাৰ লক্ষ্যৰে এই কাম কৰি গৈছে।বিজ্ঞান সন্মতভাৱে নিজে গঢ় দিয়া ফাৰ্মৰ হাঁহ, মূৰ্গী অনলাইন যোগে বিক্ৰী কৰিছে। উন্নত প্ৰজাতিৰ ৭০০ৰো অধিক হাঁহ, বিভিন্ন প্ৰজাতিৰ কুকুৰা আছে তেওঁৰ ফাৰ্মত। জাপানীজ কুৱেল চৰাইৰ পোৱালি উৎপাদন কৰি গুৱাহাটীৰ লগতে দেশৰ ভিন্ন প্ৰান্তত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। চাহিদাও ভাল বুলি জানিবলৈ দিয়ে কুশল ডেকাই। 

চৰকাৰী কোনো সাহায্য লাভ নকৰাকৈ ত্ৰিপুৰা চৰকাৰৰ অনুৰোধত শেহতীয়াকৈ চান এগ্ৰি অৰ্চাদ নামৰ ফাৰ্মখনে হাঁহ যোগান ধৰিবলৈ সাজু হৈছে বুলি জানিবলৈ দিয়ে।