ডিজিটেল ডেস্কঃ বৰ্তমানৰ অভিভাৱকৰ মুৰৰ কামোৰণি হৈ পৰিছে ফাষ্ট ফুড৷ খাদ্যাভাস বেয়া কৰি পেলোৱা ফাষ্টফুডৰ বাবে এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুতৰ সমস্যাৰ সৃষ্টি হোৱাৰ সময়তে ফাষ্টফুড সংক্ৰান্তত এক গুৰুত্বপুৰ্ণ সিদ্ধান্ত লৈছে চৰকাৰে। 

বিদ্যালয়সমুহত নিষিদ্ধ কৰা হৈছে এই খাদ্য৷ অৱেশ্য মহাৰাষ্ট্ৰৰ বিদ্যালয়ৰ কেন্টিনতহে নিষিদ্ধ কৰা হৈছে ফাষ্ট ফুড৷ দুবছৰ আগতেই কেন্দ্ৰীয় চৰকাৰে দিয়া এই নিৰ্দেশৰ আধাৰত মহাৰাষ্ট্ৰ চৰকাৰে নিৰ্দেশ দিছে বিদ্যালয়সমুহত৷ 

যিবোৰ খাদ্যত অতিৰিক্ত পৰিমানৰ চৰ্বি থাকে সেই খাদ্যসমুহ বন্ধ কৰাৰ নিৰ্দেশ দিছে বিদ্যালয়ৰ কেন্টিনসমুহত৷ প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক বিষয়টোৰ ওপৰত চোকা দৃষ্টি দিবলৈ নিৰ্দেশ দিছে চৰকাৰে৷  

ফাষ্টফুডৰ সলনি ৰুটি, কেঁচা শাক-পাচলি, পায়সৰ দৰে পুষ্টিকৰ খাদ্য ৰাখিবলৈ নিৰ্দেশ দিছে কেন্টিনসমুহক৷ আনহাতে মহাৰাষ্ট্ৰ চৰকাৰৰ এই নিৰ্দেশক আদৰণি জনাইছে বিশেষজ্ঞসকলে৷