ভাৰতীয় দাৰ্শনিক তথা ধৰ্মগুৰু ওশ্ব’ৱে কৈছিল- ''বিবাহ প্ৰক্ৰিয়া জটিল হ’ব লাগে, কিন্তু বিবাহ বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া সহজ হোৱা উচিত। প্ৰতিগৰাকী নাৰী আৰু পুৰুষেই নিজৰ ইচ্ছা অনুসৰি বিবাহ নামৰ সামাজিক বান্ধোনৰ পৰা মুক্ত হোৱাৰ অধিকাৰ লাভ কৰা উচিত।’’

কিন্তু ভাৰত হৈছে এনে এখন দেশ, য’ত বিবাহ সম্পন্ন কৰাটো সহজ, কিন্তু বিবাহ বিচ্ছেদ সদায় এক কঠিন বিষয়। যিকোনো পুৰুষ অথবা মহিলাই নিজৰ ইচ্ছা অনুসৰি যেতিয়াই বিচাৰে বিবাহ পাশত আৱদ্ধ হ’ব পাৰে। কিন্তু বিবাহ বিচ্ছেদৰ সময়ত সন্মুখত থিয় দিয়ে অলেখ প্ৰত্যাহ্বান। ভাৰতীয় ন্যায় ব্যৱস্থাতো বিবাহ বিচ্ছেদ এক জটিল প্ৰক্ৰিয়া। তদুপৰি এগৰাকী মহিলাই বিবাহ বিচ্ছেদ বিচৰাৰ সময়ত প্ৰায়ে সমাজ আৰু পৰিয়ালৰ পৰা নানাক কথা শুনিবলগীয়া হয়। বুজাই-বঢ়াই তেওঁক আমৃত্যু স্বামীগৃহত পাৰ কৰিবলৈ বাধ্য কৰোৱা হয়। বহু সময়ত বিবাহ বিচ্ছেদ বিচৰা মহিলাৰ চৰিত্ৰক লৈও উত্থাপন হয় প্ৰশ্নৰ। 

কিন্তু বিবাহ বিচ্ছেদক লৈ থকা এনে জটিলতাৰ মাজতে কিছুদিন পূৰ্বে হঠাতে বাতৰিৰ শিৰোনাম দখল কৰিছিল ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ নিৱাসী প্ৰেম গুপ্তা। সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত ভাইৰেল হৈ পৰিছিল তেওঁৰ ফটো আৰু ভিডিঅ’। সমাজৰ সোঁতৰ বিপৰীতে গৈ প্ৰেম গুপ্তাই সমৰ্থন জনাইছিল তেওঁৰ কন্যাৰ বিবাহ বিচ্ছেদৰ সিদ্ধান্তক। সেয়াই আছিল সাধাৰণ ব্যৱসায়ীগৰাকী চৰ্চিত হোৱাৰ কাৰণ।

কেইমাহমান পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল প্ৰেম গুপ্তাৰ একমাত্ৰ জীয়াৰী সাক্ষী গুপ্তা। কিন্তু বিয়াৰ কিছুদিন পিছতে বিভিন্ন কাৰণত মতানৈক্য বৃদ্ধি পায় সাক্ষী আৰু তেওঁৰ স্বামীৰ মাজত। যাৰ বাবে সাক্ষীয়ে বিবাহ বিচ্ছেদৰ দৰে কঠিন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয়।

সাক্ষী গুপ্তাই পিতৃ প্ৰেম গুপ্তাক বিবাহ বিচ্ছেদৰ সিদ্ধান্তৰ বিষয়ে জনোৱাৰ পিছতে কন্যাৰ সিদ্ধান্তক আদৰণি জনাই কন্যা সাক্ষীক ঘূৰাই আনে ঘৰলৈ। যিদৰে কন্যাক উলহ মালহেৰে বিয়া দি ঘৰৰ পৰা এদিন উলিয়াই দিছিল, সেই একেদৰেই অতি ধুমধামেৰে পুনৰ সাক্ষীক ঘৰলৈ ঘূৰাই আনি চৰ্চিত হৈ পৰে প্ৰেম গুপ্তা।
 
কি ভাবি এই সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰেম গুপ্তাই?

ৰাঁচীৰ কিশোৰগঞ্জ অঞ্চলত পৰিয়ালসহ বাস কৰে এটা ইটা ভাটাৰ মালিক প্ৰেম গুপ্তাই। মাত্ৰ কিছুমাহ পূৰ্বে তেওঁ অতি আড়ম্বৰপূৰ্ণভাৱে বিয়া দি ঘৰৰ পৰা উলিয়াই দিছিল একমাত্ৰ কন্যা সাক্ষীক। কিন্তু সেই বিয়া বেছিদিন নিটিকিল। স্বামী আৰু স্বামীগৃহৰ আন সদস্যৰ সৈতে বাঢ়ি অহা সংঘাতৰ বাবে কিছুদিনৰ পিছতে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয় সাক্ষীয়ে।

ভাৰতীয় সমাজত বিবাহ বিচ্ছেদ বুলিলে সাধাৰণতে নাক কোচায় সকলোৱে। বিশেষকৈ মহিলাই বিবাহ বিচ্ছেদ বিচাৰিলে সমাজৰ নানান ককৰ্থনাৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়। প্ৰশ্ন উত্থাপন কৰা হয় মহিলাগৰাকীৰ চৰিত্ৰৰ ওপৰতো। আনকি মহিলাৰ এই সিদ্ধান্তৰ প্ৰতি অনাস্থা প্ৰদৰ্শন কৰে পৰিয়ালেও। পিতৃ-মাতৃ বা পৰিয়ালৰ আন সদস্যই বুজাই-বঢ়াই ছোৱালীজনীক শহুৰৰ ঘৰতে থাকিবলৈ সৈমান কৰায়। কোৱা হয়- বিয়াৰ পিছত নমৰালৈকে স্বামীৰ ঘৰখনেই ছোৱালীৰ বাবে আচল ঘৰ। 

কিন্তু সমাজৰ এই সোঁতৰ বিপৰীতে যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে সাক্ষীৰ পিতৃ প্ৰেম গুপ্তাই। কন্যাই তেওঁৰ আগত বিবাহ বিচ্ছেদৰ কাৰণ আৰু সিদ্ধান্তৰ বিষয়ে অৱগত কৰাৰ পিছতে সাক্ষীক ঘৰলৈ ওভতাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেঁৱো। তাৰ পিছতে নৱৰাত্ৰিৰ দিনা বেণ্ড পাৰ্টীসহ সাক্ষীৰ স্বামীগৃহত উপস্থিত হৈ কন্যাক নিজৰ সৈতে ঘৰলৈ ঘূৰাই আনে প্ৰেম গুপ্তাই।


বেণ্ডপাৰ্টীৰ তালে তালে স্বামীগৃহৰ পৰা হাঁহি হাঁহি ঘৰলৈ উভতিছে সাক্ষী

প্ৰেম গুপ্তাই এই সন্দৰ্ভত কয়, “সাক্ষীক বিয়া দিয়াৰ সময়ত আমি যথেষ্ট টকা খৰছ কৰিছিলো। মহা ধুমধামেৰে বিয়াখন আমি সম্পন্ন কৰিছিলো। কিন্তু যেতিয়া মই তাইৰ পৰা বিবাহ বিচ্ছেদৰ কাৰণ সম্পৰ্কে জানিব পাৰিলো, তেতিয়া তাইক ঘৰলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লও। বিবাহ বিচ্ছেদৰ বাবে মোৰ ছোৱালীজনীৰ কোনো ভুল নাই, সেয়ে তাইৰ স-সন্মানে ঘৰলৈ ঘূৰি অহাৰ অধিকাৰ আছে। সমাজে যাতে মোৰ ছোৱালীজনী ভুল বুলি ক’ব নোৱাৰে, তাৰ বাবেই মই ধুমধামেৰে তাইক ঘৰলৈ ঘূৰাই আনো।''

বিবাহ বিচ্ছেদৰ পিছত পিতৃৰ সৈতে ঘৰলৈ ঘূৰি অহা দিনটোৰ বিষয়ে সাক্ষীয়ে কয়, “সেইদিনা আছিল প্ৰথম নৱৰাত্ৰি। দেউতাই ক’লে যে তেওঁ সেইদিনা লক্ষ্মীক ঘৰলৈ আনিব। মই মোৰ বস্তুবোৰ বেগত ভৰাই থাকোঁতে বাহিৰত ঢোলৰ শব্দ শুনিবলৈ পাও। প্ৰথমে মই ভাবিছিলো যে কোনোবা বিয়াৰ শোভাযাত্ৰা চলি আছে। কিন্তু ওলাই আহি দেখিলোঁ বাহিৰত মোৰ দেউতা আৰু পৰিয়ালৰ বাকীসকল সদস্য বেণ্ড পাৰ্টী লৈ মোৰ বাবেই ৰৈ আছে। সেই দৃশ্য দেখি মই আচৰিত হৈ পৰিছিলো।''

সাক্ষীয়ে আৰু কয়, "বাহিৰলৈ যোৱাৰ আগতে মই বিয়াৰ ফটোবোৰ চাই আছিলো। ফটোবোৰ চাই চাই বহু দুখ লাগিছিল। বিয়া এক সামাজিক বান্ধোন। এই বান্ধোন চিঙি পেলোৱাটো কাৰো বাবে সহজ নহয়। কিন্তু মোৰ বাবে সেই বান্ধোন চিঙি পেলোৱাটো নিতান্তই আৱশ্যক হৈ পৰিছিল। বাহিৰলৈ ওলাই অহাৰ আগতে মই মোৰ বিয়াৰ ফটোবোৰ ফালি পেলালো। মই ওলাই অহাৰ পিছত দেউতাই মোৰ কান্ধত হাত থৈ মোৰ ফালে চাই মিচিকিয়াই হঁহা দেখিলো। সেই হাঁহি দেখি মই অনুভৱ কৰিলো যে দেউতা দুখী নহয়, বৰঞ্চ সুখীহে।’’

সাক্ষীয়ে কয় যে তেওঁৰ দেউতাকে ছোৱালীক সদায় লক্ষ্মী বুলি গণ্য কৰি আহিছে। তেওঁৰ লগতে পৰিয়ালৰ আন ছোৱালীসকলকো তেওঁ যথেষ্ট মৰম আৰু প্ৰয়োজনত সমৰ্থন জনাই আহিছে। সাক্ষীয়ে কয়, "মোৰ দেউতাই যি সিদ্ধান্ত লৈছে সেয়া প্ৰতিজন পিতৃয়ে নিজৰ ছোৱালীৰ বাবে লোৱা সিদ্ধান্ত।"

'কান্দি কান্দি বিদায় দিছিল, হাঁহি হাঁহি ঘৰলৈ ঘূৰাই লৈ আহিল’

সাক্ষীয়ে কয়, “দেউতাই মোক কান্দি কান্দি বিদায় দিছিল, কিন্তু হাঁহি হাঁহি ঘৰলৈ ঘূৰাই লৈ আহিল। দেউতাৰ মুখৰ হাঁহিটোৱে মোৰ বিবাহ বিচ্ছেদৰ দুখ বহুখিনি দূৰ কৰিছে। লগতে বিবাহ বিচ্ছেদৰ যিটো টেগ মোৰ ওপৰত লাগিছে, তাৰ বোজাও বহু কমি গৈছে।’’

"আজি যেতিয়াই মই যিকোনো ঠাইলৈ যাওঁ তেতিয়াই মোৰ বৰ গৌৰৱ অনুভৱ হয়। মোৰ মা-দেউতাই মোক আগৰ দৰে এটা স্বাভাৱিক জীৱন দিছে। সেই সম্পৰ্কত মোৰ কোনো ভুল নাছিল। মই অতীতৰ কথা পাহৰিব নোৱাৰিম, কিন্তু অতীতক ৰোমন্থন কৰি পোৱা কষ্ট এতিয়া লাঘৱ হ’ব।’’ -সাক্ষীয়ে কয়।

ভৱিষ্যত জীৱনৰ প্ৰশ্নত সাক্ষীয়ে কয় যে তেওঁ আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ দিশত কাম কৰিব বিচাৰে। তেওঁ কয়, “মই ফেশ্বন ডিজাইনিঙত স্নাতক ডিগ্ৰী লাভ কৰিছো। এতিয়া মই আকৌ পঢ়া-শুনা আৰম্ভ কৰিবলৈ ওলাইছো। মোৰ এটা সৰু সপোন আছে নিজাকৈ বুটিক খুলিবলৈ। কাপোৰৰ প্ৰতি মোৰ বৰ আগ্ৰহ।’’


পিতৃ-মাতৃৰ সৈতে সাক্ষী

সাক্ষীয়ে পুনৰ কয়, "মোৰ দৰে বহু ছোৱালীৰ পৰা ফেচবুক আৰু ইনষ্টাগ্ৰামত এতিয়া মই মেছেজ পাইছো। বহু ছোৱালীক বাট দেখুৱাইছো। ভৱিষ্যতেও মই তেনেকৈয়ে কৰি যাম।’’

প্ৰেম গুপ্তাই কয়, "বিয়াৰ পিছত মানসিক দ্বন্দ্বত ভোগা ছোৱালীসকলক মই এইটোৱেই পৰামৰ্শ দিব বিচাৰো যে তেওঁলোকে পৰিয়াল আৰু পিতৃ-মাতৃৰ সৈতে নিজৰ কথাবোৰ শ্বেয়াৰ কৰা উচিত। অন্যহাতে পিতৃ-মাতৃয়েও ছোৱালীজনীৰ সমস্যাবোৰ ভালদৰে বুজি সহায় কৰা উচিত।’’