নগাঁওঃ ছ’নী টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব ইণ্ডিয়ান আইডল জুনিয়ৰৰ বিজেতা তথা অসম গৌৰৱ জনপ্ৰিয় কন্ঠশিল্পী নাহিদ আফ্ৰিনক ৪২ টা ইছলাম ধৰ্মীয় সংগঠনে ফতোৱা জাৰি কৰা বুলি ৰাজ্যজুৰি হৈ-চৈ হৈ আৰু ছ’চিয়েল মিডিয়াতো ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে নগাঁও জিলাৰ ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে এক সংবাদ মেল অনুষ্ঠিত কৰি নাহিদ আফ্ৰিনৰ বিৰুদ্ধে ফতোৱা জাৰি কৰা বুলি কৰা প্ৰচাৰক সম্পূ্ৰ্ণ ভুৱা আৰু মনে সজা আখ্যা দিয়ে৷

দিছপুৰ প্ৰেছ ক্লাবত সংবাদ মেল অনুষ্ঠিত কৰি ধিঙৰ বিধায়ক আমিনুল ইছলামে ৰাজহুৱা প্ৰচাৰ পত্ৰখনত নাহিদৰ নামেই উল্লেখ নাই বুলি উল্লেখ কৰে৷ সংবাদ মেলত বিধায়কগৰাকীয়ে আৰু কয়, উদালী অঞ্চলত থকা মছজিদ,  মাদ্ৰাছা,  মাৰ্কজ,  ঈদগাহ,  কবৰস্থান আদিৰ পবিত্ৰতা আৰু মৰ্যাদা ৰক্ষাৰ স্বাৰ্থত পশ্চিমীয়া অপসংস্কৃতিৰ ধাৰক-বাহক ‘‘কালচাৰেল নাইট’’ অনুষ্ঠিত নকৰিবলৈহে প্ৰচাৰ পত্ৰখনত কোৱা আছিল৷ এয়া কোনো কাৰণতে ফতোৱা নাছিল৷

ইছলাম ধৰ্মত ফতোৱা প্ৰদানৰ গুৰুত্ব কেৱল বিদগ্ধ পণ্ডিত নাইবা মুফতিৰহে থাকে৷ ৰাজহুৱা আবেদনখনক ফতোৱা বুলি প্ৰচাৰ কৰা কাৰ্যৰ অন্তৰালত ষড়যন্ত্ৰ থকা বুলি বিধায়কগৰাকীয়ে কয়৷ আনহাতে বিধায়কগৰাকীয়ে উক্ত ঘটনাৰ সৈতে চিলাপথাৰ কাণ্ডৰ সৈতে সাঙুৰি তাৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি আৰু হিন্দু বাংলাদেশী সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে বাধা পোৱাৰ বাবেই অসমৰ ৰাইজৰ দৃষ্টি বেলেগ দিশে নিবৰ চেষ্টা কৰিয়েই এখন প্ৰচাৰ-পত্ৰক লৈ অযথা হৈ-চৈ কৰা হৈছে৷

মুখ্যমন্ত্ৰীয়ে নাহিদক ফোন কৰি খবৰ লোৱাৰ আঁৰতো ষড়যন্ত্ৰ লুকাই আছে বুলি কৈ বিধায়কগৰাকীয়ে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে সাম্প্ৰদায়িক বাতাৱৰণ সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ উদ্দেশ্যে বুলিও অভিযোগ কৰে চৰকাৰ বিৰুদ্ধে৷

একেটা দিনতে হোজাই অঞ্চলত মন্দিৰ-মছজিদত গৰু-গাহৰিৰ মাংস উদ্ধাৰ হোৱা কাৰ্যৰ আঁৰতো ষড়যন্ত্ৰ লুকাই থকা বুলি বিধায়কগৰাকীয়ে কয়৷ লামডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত উদালীৰ বিতৰ্কিত প্ৰচাৰ পত্ৰিকা সন্দৰ্ভত ধিং সমষ্টিৰ বিধায়কে কিহৰ স্বাৰ্থত সংবাদ মেল অনুষ্ঠিত কৰিলে সেয়াই এক সাঁথৰ হৈ থাকিল৷ ইউ ডি এফৰ বিধায়কগৰাকীয়ে সংখ্যালঘু ভোটাৰৰ সহানুভূতি আদায় কৰাৰ চেষ্টা চলোৱা বুলি চৰ্চা আৰম্ভ হৈছে৷