ডিজিটেল ৰিপ'ৰ্টঃ অসমত কিতাপ, আলোচনীৰ পঢ়ুৱৈৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে। বৰ্তমান এই আক্ষেপ বহুতৰে। কিন্তু এনে আক্ষেপক এক প্ৰকাৰ অসত্য প্ৰমাণিত কৰাৰ দিশে অগ্ৰসৰ হৈছে এজন লেখক-সাংবাদিক। এইগৰাকী অভিজ্ঞতাপুষ্ট লেখক-সাংবাদিকে শেহতীয়াকৈ হাতত লৈছে এক অভিনৱ পদক্ষেপ। সাংবাদিকগৰাকীৰ এই অভিনৱ পদক্ষেপে ৰাজ্যখনৰ গ্ৰন্থ আৰু আলোচনী প্ৰেমীসকলৰ পৰা লাভ কৰিছে ব্যাপক সঁহাৰি।

এই লেখক-সাংবাদিকগৰাকী আন কোনো নহয়। তেওঁ হৈছে কেবাখনো জনপ্ৰিয় গ্ৰন্থৰ লেখক মৃদুল কুমাৰ সন্দিকৈ। কিছুদিন পূৰ্বে কেইজনমান ব্যতিক্ৰমী মনৰ তৰুণ-তৰুণীক লৈ তেওঁ পৰিকল্পনা কৰিছিল এখন বিশেষ আৰু ব্যতিক্ৰমী আলোচনীৰ। সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰা ছ’চিয়েল মিডিয়া 'ফেচবুক’ৰ অসমীয়া ব্যৱহাৰকাৰীসকলৰ প্ৰতিটো ইতিবাচক পোষ্ট-আপডেট তথা আলাপ-আলোচনাক ছপা ৰূপ দি ধৰি ৰখাটোৱেই আছিল তেওঁৰ উদ্দেশ্য।

পৰিকল্পনা অনুযায়ী কাম আগবাঢ়িল। সম্প্ৰতি সন্দিকৈৰ পৰিকল্পনা বাস্তৱ ৰূপ পোৱাৰ পথত। 'fবিয়ান’ নামেৰে অহা ১ আগষ্টৰ পূৰ্বে অসমবাসীৰ হাতত পৰিব লেখক সাংবাদিকগৰাকীৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ ফচল৷ 

‘ফেচবুকক লৈ এতিয়া প্ৰায় প্ৰতি দিনেই খবৰ ওলায়। বেছি ভাগেই নেতিবাচক। যেন সামাজিক অৱক্ষয়ৰ এক মাধ্যম হৈ পৰিছে ফেচবুক। কিন্তু সেয়াইনে ফেচবুক? নিশ্চয় নহয়৷ ফেচবুকত বহু ভাল কথা বতৰা চৰ্চা হয়। যি বোৰ কাৰোবাৰ টাইমলাইনত কেইঘন্টামান থকাৰ পাছত এক প্ৰকাৰ অতীতৰ গৰ্ভত লুকাই যায়। ভাল আৰু ইতিবাচক মত বিনিময় কৰে ইয়াত। আনন্দ-স্ফূৰ্তিও থাকে। মনলৈ ভাব আহিল৷ ইয়াৰ পৰা আমি ভালবোৰ বিচাৰি উলিয়াব পাৰোচোন...৷ কথা মতেই পৰিকল্পনা হ'ল। সিদ্ধান্ত চূড়ান্ত কৰিলো। মই নিমিত্ত হে৷’-এয়া এক অন্য যাত্ৰা বুলি উল্লেখ কৰি এইদৰে কয় 'fবিয়ান’ৰ মুখ্য প্ৰশাসক মৃদুল কুমাৰ সন্দিকৈয়ে৷

উল্লেখ্য যে এতিয়ালৈকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় অসংখ্যা লোকে সন্দিকৈৰ এই অভিনৱ পদক্ষেপলৈ সহাৰি আগবঢ়াইছে৷ ফেচবুকৰ সৈতে যুক্ত হৈ থকাসকলৰ উপৰিও ফেচবুক কি ভালদৰে নজনা লোকেও  'fবিয়ান’ৰ পঢ়ুৱৈ হ’বলৈ আগবাঢ়ি আহিছে৷ ইমানেই নহয়, ফেচবুক বুলিলে এতিয়াও এক হাত আঁতৰি যোৱা লোকেও 'fবিয়ান’ৰ গ্ৰাহক হ’বলৈ স্ব-ইচ্ছাই আগ্ৰহ ব্যক্ত কৰিছে৷ এনে আগ্ৰহ আৰু মৰমে অধিক উৎসাহিত কৰি তুলিছে মুখ্য প্ৰশাসক সন্দিকৈৰ লগতে টীম-'fবিয়ান’ক।

টীম-'fবিয়ান’-এ জনোৱা মতে, 'fবিয়ান’ৰ বছৰত ৪টাকৈ সংখ্যা প্ৰকাশ পাব। ৰাজ্যৰ ভিন্ন স্থানত থকা প্ৰতিনিধিসকলৰ জৰিয়তে আগতীয়া গ্ৰাহক ভৰ্তি প্ৰ-পত্ৰ পূৰ্ণ কৰি আগ্ৰহীসকলে 'fবিয়ান’ৰ প্ৰতিটো সংখ্যা পাব পাৰিব। ইতিমধ্যে অভিলেখ সংখ্যাক আগ্ৰহী পঢ়ুৱৈয়ে 'fবিয়ান’ৰ আগতীয়াকৈ গ্ৰাহক হোৱা বুলি জানিবলৈ দিছে 'fবিয়ান’ৰ মুখ্য প্ৰশাসক সন্দিকৈয়ে।

'সকলোৰে পৰা আমি যথেষ্ট সহাঁৰি লাভ কৰিছো। এনে সহাঁৰি লাভ কৰিম বুলি প্ৰথমে ভবা নাছিলো। সকলোৱে কয় কিতাপ-আলোচনীৰ পঢ়ুৱৈৰ সংখ্যা কমিছে। কিন্তু সেয়া সত্য নহয় যেন অনুমান হৈছে। আনকি নতুন প্ৰজন্মৰ কিতাপ-আলোচনী পঢ়াৰ প্ৰতি কোনো ধাউতি নাই বুলি কোৱা কথাষাৰো মিছা যেন লাগিছে। কিয়নো বয়োজ্যেষ্ঠসকলৰ লগতে নৱ প্ৰজন্মৰ অধিকাংশই আমাৰ এই প্ৰচেষ্টাক আকোৱালি ল’বলৈ স্ব-ইচ্ছাই আগবাঢ়ি আহিছে।’- যিমানখিনি সম্ভৱ সিমানখিনি নতুনত্বৰ সন্ধান দিবলৈ 'fবিয়ান’-এ চেষ্টা চলাব বুলি উল্লেখ কৰি এইদৰে কয় সন্দিকৈয়ে।

তেওঁ আৰু কয় যে 'fবিয়ান’ৰ মূলধন হৈছে আত্মবিশ্বাস আৰু ইতিবাচক কিবা এটা কৰাৰ দুৰ্বাৰ হাবিয়াস। 'fবিয়ান’ত তৰলতাৰ বিপৰীতে গভীৰতাৰ সন্ধান দিবলৈ যৎপৰোনাস্তি প্ৰয়াস চলোৱা হৈছে বুলিও সন্দিকৈয়ে সদৰী কৰে।

ইতিমধ্যে ফেচবুকতো লেখক-সাংবাদিক সন্দিকৈৰ এই অভিনৱ পদক্ষেপে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে। কেবাগৰাকী প্ৰতিষ্ঠিত লেখক তথা চিন্তাবিদৰ লগতে নতুন প্ৰজন্মৰ ভালেসংখ্যাকেই আদৰণি জনাইছে এই পদক্ষেপক। সন্দিকৈৰ লগতে টীম-'fবিয়ান’ৰ ব্যতিক্ৰমী প্ৰচেষ্টাত প্ৰকাশ পাবলগীয়া 'fবিয়ান’-এ অসমীয়া সাহিত্যক এক নতুন মাত্ৰা দিবলৈ সমৰ্থ হ’ব বুলিও সকলোৱে আশা প্ৰকাশ কৰিছে।