প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ওদালগুৰিঃ সুন্দৰী যুৱতী-মহিলাই মিঠা মাতেৰে অপোনাক ফোন কৰিলে সাৱধান৷ কিয়নো মৌ-বৰষা সেই মাত আপোনাৰ প্ৰতি থকা আগ্ৰহ আৰু আকৰ্ষণৰ বাবে নহয়। মৌ-বৰষা তেনে মাতৰ আঁৰত নিহিত হৈ আছে আপোনাৰ বেংকৰ একাউণ্টৰ টকাকেইটাত।

মিঠা মাতেৰে মোহিত কৰি মাতি নি তেনে যুৱতী-মহিলাই আপোনাক লুটি নিব পাৰে। হিন্দী কথাছবিৰ দৰে এক কাহিনী সংঘটিত হ'ব ধৰিছে অসমত। মৌ-বৰষা মাতেৰে ফোনকল কৰি আপোনাৰ মাটিত যদি টাৱাৰ বহুওৱাৰ কথা কয় তেন্তে সেই ফোনকল কাটি দিয়াই ভাল। কিয়নো এনে ফোনকল সমূহৰ দ্বাৰা অসমত জাল পেলাই সাধাৰণ লোকক লুটি নিয়াৰ চেষ্টা কৰাৰ খবৰ আহিছে। দীৰ্ঘ সময় ধৰি একাংশ মহিলাই মিঠা মাত দি বিভিন্ন কথাৰে আপোনাৰ পৰা টকা বিচাৰিব পাৰে। বিনিময়ত আপোনাৰ মাটিত টাৱাৰ বহুৱাই মাহেকত শকত ধন দিয়াৰ প্ৰলোভন দিব পাৰে। কিন্তু এয়া গোকাট মিছা কথা।

এতিয়া এনে ফোন কল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। দুষ্টচক্ৰৰ ভুৱা ফোন কল তথা ফেচবুকৰ ভুৱা একাউণ্টৰ মেছেজ দিয়া কাৰ্য বৃদ্ধি পাব ধৰিছে ওদালগুৰিত। এনেবোৰ কাৰ্যকলাপৰ দাৰা প্ৰতিদিনে সাধাৰণ জনতাক জালত পেলোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে এটা চক্ৰই। 

উল্লেখ্য যে, কিছুদিনৰ পৰা ওদালগুৰি চহৰখনৰ প্ৰায় সকলো লোকৰ ফোনলৈ এটি বিশেষ নম্বৰৰ পৰা ফোনকল অহা আৰম্ভ কৰিছে। ৭৮৯০২৬০৫৬৩ নম্বৰৰ পৰা অহা ফোন কলসমূহ ৰিছিভ কৰাৰ লগে লগে অচিনাক্ত যুৱতীয়ে প্ৰথমে হিন্দী ভাষাৰে কথা পাতিবলৈ আৰম্ভ কৰে গ্ৰাহকজনৰ সৈতে। ইয়াৰ পাছত গ্ৰাহকজনক ৰিলায়েন্স জিঅ'ৰ টাৱাৰ বহুৱাবৰ বাবে মাটি বিচাৰি বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে। 

টাৱাৰৰ বাবে ভূমি দিয়াৰ নামত প্ৰতিগৰাকী ভূমিৰ গৰাকীক মাহত ৫০-৭০ হাজাৰ টকা দিয়াৰ প্ৰলোভন দিয়াৰ লগতে গৃহস্থৰ দুগৰাকী সদস্যক প্ৰতিষ্ঠানত চাকৰি দিয়াৰ প্ৰলোভন দিয়ে। কিন্তু ইয়াৰ বাবদ ভূমিৰ গৰাকীয়ে প্ৰথমে ভূমিখিনিৰ বীমাৰ নামত প্ৰায় বিশ হাজাৰৰ পৰা ত্ৰিশ হাজাৰ টকা আদায় দিব লাগিব বুলি উল্লেখ কৰে। 

এই ধন দিবলৈ অমান্তি হোৱাৰ পাছত ফোনকল কাটি দিয়ে অচিনাক্ত ভাষ্যৰ যুৱতীগৰাকীয়ে। এই সন্দৰ্ভত ৰিলায়েন্স জিঅ'ৰ কাৰ্যালয়ৰ সৈতে সাংবাদিকে যোগাযোগ কৰাৰ অন্তত তেওঁলোকে এয়া দুষ্ট চক্ৰৰ ফোনকল বুলি জানিবলৈ দিয়ে। কিয়নো কোনো প্ৰতিষ্ঠানৰ টাৱাৰৰ নামত ভূমি প্ৰদান কৰিবলৈ হ'লে ভূমিৰ গৰাকীয়ে প্ৰথমে টেলিকম প্ৰতিষ্ঠানৰ ৱেবছাইটত গৈ ভূমিৰ বিৱৰণ আপলোড কৰিব লাগে।

 তাৰ পৰৱৰ্তী সময়তহে প্ৰতিষ্ঠানটোৰ পৰা ভূমিৰ স্বত্বাধিকাৰীজনলৈ ফোনকল আহে। কিন্তু ওদালগুৰিত ক্ৰমাৎ এনেধৰণৰ ফোনকল বৃদ্ধি পাবলৈ ধৰাত মোবাইল গ্ৰাহকসকল একপ্ৰকাৰ অতিষ্ঠ হৈ পৰিছে। তেওঁলোকৰ টাৱাৰ বহুৱাবৰ নামত কোনো অতিৰিক্ত ভূমি নাই বা তেওঁলোকে ইয়াৰ বাবে কোধো প্ৰতিষ্ঠানক আৱেদনও কৰা নাছিল। 

এনেধৰণৰ ভূৱা ফোনকলৰ বাবে যে একাংশ সাধাৰণ লোক প্ৰৱঞ্চনাৰ বলি নহব তাক নুই কৰিব নোৱাৰি। ইফালে চহৰখনত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ছ'চিয়েল মিডিয়া বিশেষকৈ ভুৱা ফেচবুক একাউণ্ট তথা ফেচবুক একাউণ্ট হেকৰ ঘটনা। কলেজীয়া শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি বিভিন্নজন লোক এতিয়া হেকাৰৰ জালত পৰা দেখিবলৈ পোৱা গৈছে। 

বহুতেই আকৌ নিজৰ একাউণ্ট হেক তথা নিজৰ ভুৱা একাউণ্ট দেখি ছ'চিয়েল মিডিয়াত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যিসময়ত ছ'চিয়েল মিডিয়াক নিয়ন্ত্ৰণ তথা তীক্ষ্ন দৃষ্টি নিক্ষেপৰ বাবে অসম আৰক্ষীত প্ৰশিক্ষণপ্ৰাপ্ত বিশেষ চাইবাৰডোমৰ ব্যৱস্থা কৰিছে তেনে সময়তে এনেবোৰ ঘটনা বৃদ্ধিয়ে অভিভাৱক তথা সচেতন জনসাধাৰণৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।