গুৱাহাটীঃ সততে ৰাজ্যৰ সাংবাদিকসকলৰ সমস্যাৰ হৈ মাত মাতি অহা সাংবাদিক সংগঠন সাংবাদিক সুৰক্ষা সঞ্চ, অসমে বৃহস্পতিবাৰে ৰাজ্যৰ ৫গৰাকী মহিলা সাংবাদিকক সম্বৰ্ধনা যাচে৷ গুৱাহাটী মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাৱত বিশ্ব নাৰী দিৱস উপলক্ষে অনুষ্ঠিত কৰা বিশেষ অনুষ্ঠানত ৰাজ্যৰ ৫গৰাকী মহিলা সাংবাদিকক বিশেষ ভাৱে সন্মান যাচে৷ 

দৈনিক অগ্ৰদূত কাকতৰ কোকৰাঝাৰৰ সাংবাদিক মনালিছা শৰ্মা, ইউ এ টিভিৰ ডিব্ৰুগড়ৰ সাংবাদিক পৰিণীতা বৰুৱা, প্ৰাগ নিউজৰ সাংবাদিক ববিতা গগৈ, দৈনিক জনমভূমি কাকতৰ গোলাঘাটৰ সাংবাদিক ববিতা বৰা আৰু দৈনিক গণ অধিকাৰ কাকতৰ মুকালমুৱাৰ সাংবাদিক সংগীতা মেধিক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ, এপাহ ফুল, ফুলাম জাপি আৰু সাংবাদিক সুৰক্ষা সঞ্চৰ মুখপত্ৰ স্বাধীন কন্ঠৰে সম্বৰ্ধনা জনায়।

সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ছিৰাজুল ইছলাম আৰু কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত লেখিকা শশীপ্ৰভা দাসে মুখ্য অতিথি হিচাপে উপস্থিত থাকি নাৰীক সমাজৰ অসীম শক্তিৰ আধাৰ বুলি কয়। নাৰীক সৱলীকৰণ কৰাৰ প্ৰয়োজন নাই, নাৰী নিজে নিজেই সৱলীকৰণ হৈ আছে।

নাৰীৰ কিছুমান বিশেষ গুণৰ বাবে পুৰুষতান্ত্ৰিক দেশত নাৰীক বিশেষভাৱে সন্মানিত কৰা হয়। পৃথিৱীত নাৰীয়ে নোৱাৰা কাম একো নাই। মহিলা সাংবাদিকসকলে মহিলাসকলৰ সমস্যাসমূহক লৈ সংবাদ-মাধ্যমত সুস্থ সৱল যুক্তিৰে উপস্থাপন কৰিলে নাৰী নিৰ্যাতনৰ ঘটনা বহু গুণে কমি আহিব বুলি কয় লেখিকা শশীপ্ৰভা দাসে৷ 

দাসে আৰু কয়, মিডিয়াত যদি সংবাদৰ নামত প্ৰতিযোগীতা চলে তেতিয়া এটা সংবাদ ধংস হৈ যায়। ঋণাত্মক চিন্তাধাৰাৰ বাবেই ঋণাত্মক সংবাদ স্থান পায়। আজি সংবাদ মাধ্যমত ঋণাত্মক দিশটো বেছিকৈ প্ৰভাৱ পৰিছে। 

সুস্থ সমাজ গঠন কৰাত মহিলা সাংবাদিকসকলে যোগাত্মক দিশেৰে আগবাঢ়ি যাব লাগিব। বিশিষ্ট লেখিকা গৰাকীয়ে নাৰী দিৱসৰ দিনাটোত মহিলা সাংবাদিকসকলক সন্মান জনোৱা কাৰ্যক ভূয়সী প্ৰশংসা কৰি মহৎ কাম কৰা বুলি কয় সাংবাদিক সুৰক্ষা মঞ্চক। বুদ্ধিদীপ্ত চিন্তা ধাৰেৰে বহুত ডাঙৰ কাম কৰিছে।

যোগাত্মক চিন্তাধাৰাৰে আগবাঢ়ি গ’লে এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব। অনুষ্ঠানৰ আৰম্ভণিতে মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে মফচলীয়া অঞ্চলত কৰ্মৰত মহিলা সাংবাদিকসকলৰ লুকাই থকা প্ৰতিভাসমূহ সমাজত উলিয়াই অনাৰ উদ্দেশ্যে মঞ্চই এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা বুলি উল্লেখ কৰে। 

সৰ্বভাৰতীয় কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম হাঞ্চেই অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকসকলক নিৰপেক্ষ ভূমিকা পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে নিৰপেক্ষ সাংবাদিকতাৰ দ্বাৰাই গণতন্ত্ৰক ৰক্ষা কৰিব বুলি মন্তব্য কৰে।

অসম জাতীয়বাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে নিজৰ ভাষণত কয় যে, ইতিহাসৰ পৰা শিক্ষা লৈ সঠিক দিশত আগবাঢ়ি যোৱাসকল হৈছে নাৰী সমাজ। তেওঁলোকৰ বাটেৰে যি আগবাঢ়ি যাব ভৱিষ্যত প্ৰজন্মৰ বাবে সুন্দৰ বাৰ্তা বহন কৰিব। নাৰীৰ অধিকাৰ ৰক্ষা মানেই মানৱ অধিকাৰ ৰক্ষা কৰা।

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহ সচিৱ লৱন চুতিয়াই সাংবাদিকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। 

সভাপতিৰ ভাষণত কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মাই কয়-ফুল আৰু নাৰীৰ বাবেই পৃথিৱীখন আটাইতকৈ ধুনীয়া। আনহাতে প্ৰেম আৰু নাৰীৰ বাবেই সমাজত মানৱীয়তা বাহাল আছে। 

সম্বৰ্ধনা অনুষ্ঠানত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মানসজ্যোতি বৰুৱা, সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ কেন্দ্ৰীয় উপদেষ্টা জীপেন দলে, বিশ্বদেৱ মহন্ত, সাংগঠনিক সম্পাদক ইমদাদ আলি, সহকাৰী সম্পাদক ৰিতুপল্লৱ শইকীয়া, কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য দীপামনি ডেকা, ধুবুৰী জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ছায়েদ আলী খানকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে৷