newsnextone.com | কাকপথাৰঃ দীৰ্ঘ সময় জীৱন সংগ্ৰামৰ ফল লাভ কৰি আগুৱাই যাব নোৱাৰি বাৰ বাৰে হাহাকাৰ কৰি উঠা অন্তৰক শান্তি দিবলৈ পিতৃক কাগজত লিখি মাধুৰ্য বুঢ়াগোহাঁয়ে জনাইছিল মই আৰু জীয়াই থাকিব নোখোজো। জীৱন যাত্ৰাৰ একাবেকা পথ আগুৱাই যাব নোৱাৰি মাধুৰ্যই বাৰে বাৰে অসমৰ মন্ত্ৰী-বিধায়ক, জাতীয় দল-সংগঠনৰ পৰা সহায় বিচাৰি হায়ৰাণ হৈ মনোকষ্ট লাভ কৰি অৱশেষত যেন মাধুৰ্যই ভাগৰি পৰিছিল৷ 

ক্লিক কৰি মাধুৰ্য সন্দৰ্ভত এইটো বাতৰি পঢ়ক এটেনশ্যন-টু-সোণোৱাল, ভাৰতীয় ক্ৰিকেট দলত স্থানপ্ৰাপ্ত মুকবধিৰ মাধুৰ্যই কান্দিছে

মাধুৰ্য বুঢ়াগোহাঁইৰ ওচৰত আছিল মটক জনগোষ্ঠীক নেতা যুগল বৰুৱা আৰু এজন সাংবাদিক। সাংবাদিক জনে ৱেব পৰ্টেলত মাধুৰ্য বুঢ়াগোহাঁইৰ জীৱন সংগ্ৰাম সন্দৰ্ভত বাতৰি পৰিৱেশন কৰিছিল। তেওঁক সহায় কৰাৰ বাবে আহ্বান জনাইছিল অসমৰ ৰাইজক। কিন্তু বৰ বৰ সংবাদ গোষ্ঠীৰ সৈতে জড়িত একাংশ লোকে সাংবাদিকজনক ঠাট্টা কৰি কৈছিল ফেচবুকত বাতৰি কৰি একো কৰিব নোৱাৰি। ৱেব পৰ্টেলত সাংবাদিক জনে এটাৰ পিছত এটা বাতৰি পৰিৱেশন কৰাৰ অন্তত মাধুৰ্য বুঢ়াগোহাঁইৰ ওচৰত থিয় দিলে কেইবাগৰাকী বিধায়ক,.জাতীয় সংগঠনে। ইতিমধ্যে মাধুৰ্য বুঢ়াগোহাঁইক বিভিন্নজনে আৰ্থিক সাহায্যও আগবঢ়াইছে। মাৰ্ঘেৰিটাৰ বিধায়ক ভাষ্কৰ শৰ্মা, শদিয়াৰ বিধান সভা সমষ্টিৰ বিধায়ক বলীন চেতিয়া, মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম সহ বিভিন্ন জনে সহায় কৰাৰ লগতে মাধুৰ্যক সম্বৰ্ধনা যাচিছে।

ক্লিক কৰি মাধুৰ্য সন্দৰ্ভত এইটো বাতৰি পঢ়ক দেউতা যদি গ্ৰীচৰ আইজলেণ্ডত খেলাৰ পৰা বঞ্চিত হও তেন্তে জীয়াই থকাৰ আশাই এৰিম

অসম অৰুণাচলৰ সীমান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক সোণজান গাঁৱৰ ৰূপেশ্বৰ বৰগোঁহাই আৰু স্বৰ্ণলতা বুঢ়াগোহাঁইৰ মুকবধিৰ পুত্ৰ মাধুৰ্য বুঢ়াগোহাঁই। তেওঁ স্থান লাভ কৰিছে ভাৰতীয় (বধিৰ) ক্ৰিকেট দলত৷ এই খবৰ ৰাজ্যখনৰ বাবে এক আশাৰ বতৰা৷ দেশৰ হাজাৰ হাজাৰ বধৰি লৰাৰ মাজৰ পৰা অসম সন্তান মাধুৰ্য নিৰ্বাচিত হৈছে ভৰতীয় দলৰ বাবে৷ গ্ৰীচৰ কোফা অাইচলেণ্ডত অহা ৩০ চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অান্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোত স্থান লাভ কৰি এতিয়া চকুলো টুকি সময় পাৰ কৰিছিল মাধুৰ্যই৷

তাৰ কাৰণ হ’ল গ্ৰীচলৈ যোৱাৰ দুৰৰ তথা পাৰপত্ৰ-ভিছা বনাবৰ বাবে হাতত এটা টকা নাই তেওঁৰ৷ যাৰ বাবে মুখেৰে কেৱল ক্ষোভেৰে অংগী-ভংগী কৰি সময় পাৰ কৰিছে চকুলো টুকি৷ পিতৃ-মাতৃয়ে পাৰপত্ৰ, ভিছা আৰু আন আন খৰছ বহন কৰিব নোৱাৰাত অনিশ্চয়তাত তেওঁৰ গ্ৰীচ যাত্ৰা৷

তেওঁৰ যাত্ৰাত কলীয়া ডাৱৰ হৈ থিয় দিছে টকা আৰু তেওঁক সহায় কৰা মানুহৰ অভাৱে৷ মুখেৰে কব নোৱাৰা, কাণেৰে নুশুনা যুৱকেজনে কোনটো কাৰ্যালয়ত গৈ কি কৰিব উৱাদিহ নোপোৱা হৈছে৷ ভাৰতীয় ক্ৰিকেট দলৰ বাবে নিৰ্বাচিত হৈও অাৰ্থিক অনাটনৰ বাবে মাজপথত থমকি ৰব লগা হৈছে৷

ইতিমধ্যে পিতৃয়ে শিক্ষকতা কৰে যদিও তেওঁক সহায় কৰিবলৈ সক্ষন নাছিল। ফলত পাৰপত্ৰ আৰু ভিছাৰ বাবে ঋণত কিছু টকা লৈছে পিতৃয়ে৷ কিছু টকা জমা দি কাম কৰিছে যদিও প্ৰাক-প্ৰশিক্ষণ অাৰু যাৱতীয় সা-সঁজুলিৰ বাবেও লাগে বৃহৎ পৰিমাণৰ ধন৷ বৃহৎ অংকৰ ধন কৰ পৰা খৰছ কৰিব সাধাৰণ পৰিয়ালটোৱে৷ যাৰ বাবে মাধুৰ্য আৰু পৰিয়ালটোৱে হতাশাত ভুগিছিল৷ মাধুৰ্যৰ কলেজৰ নামভৰ্তি, কিতাপ ক্ৰয়, হোষ্টেলৰ খৰচৰ সম্পূৰ্ণ বোজা পৰিয়ালে বহন কৰিব লগা হৈছে৷ উল্লেখ্য যে, ২০১৬ বৰ্ষত চিংগাপুৰত অান্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযেগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিল যদিও অাৰ্থিক অনাটনৰ বাবেই অংশ গ্ৰহণ কৰিব নোৱাৰিলে মাধুৰ্যই৷

সেয়েহে দ্বিতীয়বাৰ সুযোগ হেৰুৱাব খোজা নাই মাধুৰ্য বৰগেহাঁয়ে৷ মাধুৰ্য বৰগোহাঁয়ে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ক্ৰীড়া প্ৰেমী ৰাইজ, চৰকাৰ, দল-সংগঠনৰ পৰা সহায় বিচাৰে৷ ইয়াৰ পূৰ্বে চিংগাপুৰত অান্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেটত স্থান লাভ কৰাত তেওঁ সহায় বিচাৰি আহ্বান জনাইছিল।কিন্তু সহায় লাভ কৰিবলৈ সক্ষম নহ'ল। এইবেলি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই টকা দহ হাজাৰ দি দায়িত্ব সামৰিছে৷

কিন্তু পূৰ্বৰ দৰেই এইবাৰো তেওঁ ক্ৰিকেট প্ৰতিযোগিতাত অংশ লব নোৱাৰিব বুলি আশংকা কৰি চকুলো টুকি সময় পাৰ কৰাৰৰ সময়তে তেওঁৰ ওচৰত থিয় দিছে বিভিন্নজনে৷ মুক-বধিৰ যুৱকজনে জীৱনত যুদ্ধ কৰিবলৈ কেতিয়াও এৰা নাই৷ প্ৰতিবছৰে বিশ্ব জিনাৰ সুবিধা লাভ কৰে যদিও আৰ্থিক অনাটনৰ বাবে সেই সপোন পুৰণ হোৱা নাই মাধুৰ্যৰ৷ ইপিনে মাৰ্ঘেৰিটাৰ বিধায়ক ভাষ্কৰ শৰ্মাই দিয়া ১০ হাজাৰ টকাৰ চেক খনত স্বাক্ষৰৰ খেলি-মেলিৰ বাবে টকাখিনি মোকলাব নোৱাৰিলে মাধুৰ্যই৷ ফলত বিধায়ক ভাষ্কৰ শৰ্মাই দিয়া চেক খন বাউন্স হ'ল বুলি জানিব পৰা গৈছে। এগৰাকী বিধায়কে দিয়া চেক বাউন্স হোৱা ঘটনাই বিধায়কৰ সচেতনতাক লৈয়ো প্ৰশ্ন উত্থাপন হয়।

 আনহাতে মাধুৰ্যই দেউতাৰলৈ লিখা এখন চিঠিত কয় যে যদি মই কেৱল টকাৰ অভাৱৰ বাবেই গ্ৰীচ দেশৰ আইজলেণ্ডত খেলাৰ পৰা বঞ্চিত হওঁ, তেন্তে জীয়াই থকাৰ আশাই এৰিম। দীৰ্ঘ জীৱন সংগ্ৰামৰ ফল লাভ কৰি আগুৱাই যাব নোৱাৰি বাৰ বাৰে হাহাকাৰ কৰি উঠা অন্তৰক শান্তি দিবলৈ পিতৃক এই কথা এখন কাগজত লিখি জনালে মাধুৰ্য বুঢ়াগোহাঁয়ে৷ জীৱন যাত্ৰাৰ একাবেকা পথ আগুৱাই যাব নোৱাৰি মাধুৰ্যই বাৰে বাৰে অসমৰ মন্ত্ৰী-বিধায়ক, জাতীয় দল-সংগঠনৰ পৰা সহায় বিচাৰি হায়ৰাণ হৈ মনোকষ্ট লাভ কৰি অৱশেষত যেন মাধুৰ্যই ভাগৰি পৰিছিল৷

জাতিৰ মাটিৰ কথা কৈ বৰ বৰ কথা কোৱা লোকসকলে মাধুৰ্যৰ ওচৰত যেনেদৰে থিয় দিব লাগিছিল তেনেদৰে আজিও থিয় দেখা নাযায়৷ অসমীয়া জাতিৰ নামত অসমীয়া যুৱক-যুৱতীৰ নামত ৰাজনীতি কৰা লোকসকলে এগৰাকী সাধাৰণ পৰিয়ালৰ সন্তানক সহায় কৰিবলৈ যেনেদৰে উঠিপৰি লাগিব লাগিছিল তেনেদৰে ওলাই নাহিল৷ সেয়া তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল, প্ৰফুল্ল কুমাৰ মহন্ত, বদৰুদ্দিন আজমল, হিমন্ত বিশ্ব শৰ্মা, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অখিল গগৈ, লুৰিণ জ্যোতি গগৈ, হাগ্ৰামা মহিলাৰী, পুতুল দত্ত যিয়ে নহওক কিয় কোনেও এবাৰলৈ সহায় কৰিবলৈ ওলাই নাহিল সাধাৰণ ঘৰৰ যুৱকজনক৷ এইসকল নেতাই কাৰ বাবে ৰাজনীতি কৰে তাকেই লৈ উত্থাপন হৈছে প্ৰশ্নৰ৷ জাতীয় সংগঠনে তেওঁক আৰ্থিক ভাৱে সহায় কৰিব নোৱাৰিলেও তেওঁক সহায় কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিব পাৰিলে হেতেন৷ এইখিনি কৰাৰ প্ৰয়োজন আছিল জাতীয় সংগঠন সমূহৰ৷

শাসকীয় দলৰ ১২৬নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াই মাধুৰ্যৰ ঘৰলৈ আহি কিছু আৰ্থিক সাহায্য আগবঢ়াই অভিনন্দন জনোৱাৰ লগতে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই কাকপথাৰ ৰাজহুৱা পুথিভাঁৰাল প্ৰাংগনত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰি মাধুৰ্যক এটা মবাইল ফোন উপহাৰ দিয়ে।

মুক-বধিৰ মাধুৰ্য বৰগোহাঁই গৰাকী আগৰণুৱা যুৱক৷ মেধা ছাত্ৰ হোৱাৰ লগতে সমানে সমানে ক্ৰীড়া-সাংস্কৃতিক দিশত আগৰণুৱা৷ ক্ৰিকেট, ফুটবল, ডবা, জেভলিন, ভলীবল, দৌৰ অাদি খেলৰ লগতে অভিনয়-নৃত্যতো দখল অাছে ছাত্রজনৰ৷

চলিত বৰ্ষৰ গুৱাহাটীৰ কাহিলীপাৰাস্থিত ভাওৰীদেৱী চেৰাওগী মুক-বধিৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত দুটা বিষয়ত লেটাৰসহ ৰাজ্যৰ ভিতৰত অসমীয়াত সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়৷ মুক-বধিৰ যুৱকজনে সকলো দিশতে পাৰ্গত বুলি কলে বঢ়াই কোৱা নহ’ব৷ 

চলিত বৰ্ষৰ এপ্ৰিল মাহত বাংলাদেশত বিহুনৃত্য প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে মাধুৰ্যই৷ তেওঁৰ প্ৰিয় খেল হৈছে ক্ৰিকেট৷ অসম বধিৰ ক্ৰিকেট দলৰ এগৰাকী ভাল খেলুৱৈ তেওঁ৷ হায়দৰাবাদ, ঝাৰখণ্ড, তেলেংগানা, প্ৰঞ্জাৱ, উওৰ প্ৰদেশ অাদি ৰাজ্যত বহুবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত দক্ষতাৰে ক্ৰিকেট খেল প্ৰদৰ্শন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷