বহৰিঃ বাল্য বিবাহৰ দৰে কুসংস্কাৰক ৰোধ কৰি এখন সৰ্বাংগ সুন্দৰ অসম গঢ়াৰ প্ৰয়াসেৰে বিভিন্ন দল-সংগঠনে সজাগতা সভা, বিভিন্ন অভিযানমূলক কাৰ্যসূচী হাতত লৈছে যদিও পূৱ বৰপেটাৰ বিভিন্ন সংখ্যালঘু জনবসতি দুৰ্গম অঞ্চলত তাৰ প্ৰভাৱ বিশেষভাবে পৰা নাই। যাৰ ফলত নিতৌ সংঘটিত হৈ আহিছে বিভিন্ন অনৈতিক কুসংস্কাৰমূলক কাৰ্য।

অন্ধবিশ্বাস কুসংস্কাৰৰ কৰাল গ্ৰাসত পূৱ বৰপেটাৰ ভৈৰাগুৰি, কাহিকুছি, বাইসা, বাগোদী, ফুলবাৰী, গহিয়া, বৈঠামাৰী, আগদিয়া আদি বিভিন্ন অঞ্চল। বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি আঁতৰোৱাৰ লক্ষ্যৰে সমগ্ৰ অসমতে বাল্য বিবাহ বিৰোধী সজাগতা অভিযান চলি থকাৰ সময়তে বৰপেটাত বাল্য বিবাহৰ বিৰোধীতা কৰিবলৈ গৈ শাৰীৰিক ভাবে আক্ৰমণৰ বলি হ’বলগীয়া হ’ল যুৱ লেখক-সমাজ কৰ্মী আশ্ৰাফুল হুছেইন আৰু ছাইল্ড লাইনৰ কৰ্মকৰ্তা নুৰমহম্মদ খান।

ঘটনা বিৱৰণী মতে ১৩ মাৰ্চ তাৰিখে বৰপেটা জিলাৰ কাহিকুছি গাঁৱত কাজিম উদ্দীন দেৱানৰ পুত্ৰ সঞ্জিবুল দেৱানৰ সৈতে একেখন বৰপেটা জিলাৰে ভেড়াভিটাৰ নিকটৱৰ্তী বালাপাৰা গাঁৱৰ এজনী কমবয়সীয়া ছোৱালীৰে সৈতে বাল্য বিবাহৰ প্ৰস্তুতি চলি আছিল।

এইখবৰ সমগ্ৰ অঞ্চলটোত বিয়পি পৰাত যুৱ লেখক-সমাজ কৰ্মী আশ্ৰাফুল হুছেইন আৰু ছাইল্ড লাইনৰ কৰ্মকৰ্তা নুৰমহম্মদ খান আৰু স্থানীয় আমছুৰ কেইবাজনো কর্মীৰে গঠিত এটি সঁজাতি দলে বাল্য বিবাহ সম্পন্ন কৰিবলৈ উলিওৱা দুয়োটা পক্ষকে এই বিবাহ বেআইনী বুলি বুজাই কোৱাৰ লগতে এনে বিবাহৰ ফলত বাল্য কন্যা-দৰা আৰু সমাজত হোৱা ক্ষতি আদিও বুজাই কোৱা হয়। ইয়াৰ ওপৰিও এই সম্পৰ্কে বৰপেটা সদৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া, ছাইল্ড লাইনৰ শীৰ্ষ কর্মকৰ্তা আৰু বিভিন্ন মহলক অৱগত কৰোৱায়।

বাল্য বিবাহ বিৰোধীতা কৰাৰ অপৰাধত ল’ৰা পক্ষৰ পৰিয়ালৰ সদস্যৰ লগতে স্থানীয় একাংশ দেৱানী আৰু স্থানীয় লোকেৰে গঠিত এটি দলে পৰিকল্পিতভাবে অক্ৰমণ চলায়। সন্ধিয়া ১০.৩০ মান বজাত আশ্ৰাফুল হুছেইন আৰু নুৰমহম্মদ খানে কাহিকুচি গাঁওৰ মাজেৰে বাইকেৰে পাৰ হৈ আহি থাকোঁতে দুটা বাইকত অহা চাৰিজন অচিনাক্ত ব্যক্তিয়ে আগচি ধৰে। খুব কম সময়ৰ ভিতৰত এটা সুসজ্জিত প্ৰায় ৪০ জন লোকৰে গঠিত এটা দলে সমাজকৰ্মী দুজনক ঘেৰি ধৰে আৰু তেওঁলোকৰ পৰা বাইকৰ চাবি, মোবাইল আদি কাঢ়ি লৈ যোৱাৰ লগতে শাৰীৰিকভাবে অত্যাচাৰ কৰে। ইপিনে আশ্ৰাফুল হুছেইনক মাৰধৰ কৰি মোবাইল ফোন কাঢ়ি লৈ যায়।

এই সমগ্ৰ ঘটনাটোত আটাইতকৈ বেছি উগ্ৰ ভূমিকা লৈ প্ৰাণে মৰাৰ ভাবুকি দিয়া ব্যক্তি কেইগৰাকীৰ একাংশক চিনাক্ত কৰিব পাৰিছে আক্ৰমণৰ বলি হোৱা সমাজকৰ্মী দুজনে। কাহিকুছি গাৱঁৰ মইনুল দেৱান, মোকাদ্দেছ আলী দেৱান (ভি ডি পি কর্মকৰ্তা), হাসেম খান, আবুল কাশেম আদিৰ লগতে প্ৰায় ৪০ জনীয়া দলটোৱে মোবাইল আৰু বাইকৰ চাবি কাঢ়ি লৈ লোকদুজনক অপহৰণ কৰি আনি প্ৰায় ডেৰ কিলমোটাৰ দূৰৈৰ কাহিকুচি বজাৰলৈ আনে, তাতে তেওঁলোকক বান্ধি ৰখাৰ বাবে ৰচিও অনা হৈছিল।

এনেদৰে অপহৰণ কৰি আনি তেওঁলোকক আটক কৰি ৰাখে যদিও কোনোবা এজন ব্যক্তিৰ প্ৰচেষ্টাত তেওঁলোকৰ মোবাইল ভগ্ন অৱস্থাত ঘূৰাই পাই বৰপেটা সদৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াক যোগাযোগ কৰি ঘটনা সম্পৰ্কে হয়। আৰক্ষী অধীক্ষক, আমছুৰ কেন্দ্ৰীয় নেতৃত্ব, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতৃত্বৰ বিভিন্নজনকো বিষয়টো অৱগত কৰোৱা হয়।

আৰক্ষীক অৱগত কৰোৱাত নিশা ১২.২০ মান বজাত উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত যোৱা আৰক্ষী দলটোৱে আক্ৰমণৰ বলি হোৱা যুৱক দুজনক কাহিকুছি বজাৰৰ পৰা উদ্বাৰ কৰি আনে আৰু নগাঁও প্ৰাথমিক চিকিৎসা কেন্দ্ৰত চিকিৎসা কৰোৱায়। ইপিনে আৰক্ষীয়ে ঘটনাস্থলীলৈ অহাৰ খবৰ লাভ কৰি আক্ৰমণকাৰী দলটোৰ আটাইকেইজন লোকেই পলায় সাৰে ।

ইতিমধ্যে এই ঘটনা সম্পৰ্কে বৰপেটা সদৰ আৰক্ষী থানাত আজি এক এজাহাৰ দাখিল কৰিছে যদিও বাতৰি লিখা পৰলৈকে কোনো এজন অপৰাধীকে আটক কৰা হোৱা নাই। উল্লেখ্য যে সংখ্যালঘু বসতি প্ৰধান ভৈৰাগুৰি এলেকাত বিভিন্ন ব্যক্তি আৰু সংগঠনৰ উদ্যোগত বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা মূলক প্ৰচাৰ পোষ্টাৰিং আদি চলাই থকা হৈছিল যদিও তাৰ মাজতে এনে ঘটনা সংঘটিত হোৱাটো তাৎপৰ্যপূৰ্ণ।