বেংগালুৰুঃ বেংগালুৰুত আয়োজিত এইবাৰৰ এৰ’ শ্ব’ বৰ সুকলমে পাৰ হোৱা নায়৷ ২০ ফেব্ৰুৱাৰীৰপৰা বায়ুসেনা বাহিনীয়ে আয়োজন কৰা এই শ্ব’ দেওবাৰে অন্ত পৰিব যদিও এই আয়োজনৰ এদি পূৰ্বে আখৰা কৰি থকা দুখন জেট বিমান মাজ আকাশতে সংঘৰ্ষ লগাত দুইখন বিমান ভূপতিত হৈছিল৷  বিমান দুখনত তিনিওজন পাইলটৰ দুজনে পেৰাচুটেৰে বিমানৰপৰা বাহিৰলৈ ওলাই প্ৰাণ ৰক্ষা কৰিছিল যদিও তৃতীয়জন পাইলট এই দুৰ্ঘটনাত দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোঁৱালি লৈছিল৷

এই শ্ব’ৰ বাবে নিৰ্মাণ কৰা অস্থায়ী পাৰ্কিং স্থানত শনিবাৰে পুনৰ সংঘটিত হয় আন এক দুৰ্ঘটনা৷

সেই স্থানত পাৰ্কিং কৰি থোৱা গাড়ীসমূহত হঠাতে জুই লাগে৷ এই অগ্নিকাণ্ডৰ কবলত পৰে তিনি শতাধিক গাড়ী৷ ১০ খনতকৈও অধিক জুই নিৰ্বাপক বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰে৷

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই যদিও প্ৰাথমিক তদন্তত প্ৰকাশ যে জলন্ত চিগাৰেটৰ টুকুৰাৰপৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়৷ গাড়ীত বহি থকা এজন লোকে খিৰিকিৰে চুৰটৰ জলন্ত টুকুৰা বাহিৰলৈ দলিয়াই দিছিল আৰু এই ফিৰিঙতিয়েই অৱশেষত খাণ্ডৱ দাহ সদৃশ হৈ তিনি শতাধিক গাড়ী ভস্মীভূত কৰে৷