লিডুঃ ‘‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’’ ৰ বাতিলৰ বিৰুদ্ধে শেহতীয়াকৈ ৭০টা সংগঠনে একত্ৰিত হৈ  লোৱা ‘সংকল্প শিখা যাত্ৰা’ ৰ প্ৰতিবাদ ৰাজ্যৰ ভিন্ন প্ৰান্তৰলৈ সম্প্ৰসাৰিত হোৱা পৰিলক্ষিত হৈছে ৷ 

আজি মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ ৰাষ্ট্ৰীয় ঘাই পথত ৭০টা সংগঠনৰ আহবান মৰ্মে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ  শতাধিক প্ৰতিবাদকাৰীয়ে বাহিৰ কৰে এক বৃহৎ  জোৰ সমদল । বিধেয়ক খন বাতিলৰ দাবীত সংগঠন দুটাই যৌথ প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক, বিজেপি মুৰ্দাবাদ আদি ধ্বনি দি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। 

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পাপু দত্তই  নেতৃত্ব দিয়া উক্ত প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰে আনহাতে বিধেয়কখন বাতিল নকৰিলে ইয়াৰ পৰিণাম অতি ভয়াৱহ হ’ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে৷ 

ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত  কৰিব  বিছাৰি  জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰখনে অসমৰ খিলঞ্জীয়াক প্ৰতাৰণা কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰি দল-সংগঠনসমূহে আগন্তক দিনত  বিজেপিয়ে ইয়াৰ উচিত পৰিনাম ভুগিব লগা হব বুলি গুৰুত্বপূৰ্ন মন্তব্য  আগবঢ়ায়৷

উজ্জ্বল চৌধুৰী,লিডু