চৰাইদেউঃ উজনিৰ কেইবাখনো জিলাত উগ্ৰপন্থীৰ ধনদাবী, আক্ৰমণকে ধৰি বিভিন্ন কূটাঘাটমূলক ঘটনা সংঘটিত হৈ অহাৰ সময়তে পুনৰ চাহ বাগিচাত আক্ৰমণ কৰে অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত দলে৷

সেনা, অৰ্ধসামৰিক বাহিনী, আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো অস্ত্ৰধাৰীয়ে মুকলি বিচৰণ কৰি অহা বুলি অভিযোগ উত্থাপন কৰাৰ সময়তে ৩১ জানুৱাৰীত অস্ত্ৰধাৰী দল এটাই চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত কানু চাহ বাগিচাত ভয়াবহ আক্ৰমণ সংঘটিত কৰিছিল৷

প্ৰায় ৫ জনীয়া সন্দেহ জনক আলফা স্বাধীনৰ দলে বাগিচা খনত প্ৰৱেশ কৰি গুলীচালনা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ জিলা খনত সংঘটিত কৰে ভয়াবহ আক্ৰমণ৷ জানিব পৰা মতে, সোমবাৰে নিশা অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত দল এটাই বৰহাট চাহ বাগিচাৰ গেটেৰে প্ৰৱেশ কৰে৷ অস্ত্ৰধাৰীৰ দলটোৱে নিশা প্ৰায় ১১ বজাত বাগিচা খনত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰে৷

বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ত লক্ষ্য কৰি বহু জাই গুলী বৰ্ষণ কৰাৰ ফলত বাগিচা খনত আতংকৰ সৃষ্টি হয়৷ প্ৰায় ১০ মিনিট সময় গুলীচলনা কৰাৰ পিছত অস্ত্ৰধাৰী দলটোৱে অহা বাটে নিৰ্বিঘ্নে আতৰি হৈ ৰয়৷ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত বাগিচা কাৰ্যালয়লৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে চৰাইদেউত উত্তেজনাৰ সৃষ্টি হয়৷

একাংশ লোকে জীৱন আৰু সম্পত্তিৰ নিৰাপ্তত্তাৰ আশংকাত পৰা বুলি মত পোষণ কৰে৷ আৰক্ষীয়ে কূটাঘাট নিয়ন্ত্ৰণ কৰাত বিফল হৈছে বুলি অভিযোগ উত্থাপন হয়৷ কোনো লোক হতাহত হোৱা নাই যদিও কাৰ্যালয়টোৰ দুৱাৰ-খিড়িকীৰ গ্লাছ ভাঙি চুচুৰ্মৈ হয়৷