ডিজিটেল ডেস্কঃ উচিত মূল্য বিচাৰি আৰু ঋণ ৰেহায় দিয়াৰ দাবী জনাই মধ্যপ্ৰদেশৰ মন্দাসুৰ জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা কৃষকলৈ আৰক্ষী আৰু চিআৰপিএফে চলোৱা গুলিবৰ্ষণত ৪ জনকৈ কৃষক নিহত হোৱাৰ লগতে ভালেকেইজন প্ৰতিবাদকাৰী আহত হয়৷

উত্তেজিত বিক্ষোভকাৰীৰ দলটোৱে গাড়ী-মটৰত অগ্নিসংযোগ কৰি আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ কৰাৰ ফলতেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ এনেদৰে গুলিচালনা কৰিবলৈ বাধ্য হোৱা বুলি ৰাজ্যখনৰ গৃহ মন্ত্ৰী ভূপেন্দ্ৰ সিঙে জনায়৷ পৰিস্থিতি বিপদসংকূল হৈ পৰা দেখি আৰক্ষীয়ে সহায়ৰ বাবে মোতায়েন কৰা চিআৰপিএফে হে গুলিচালনা কৰা বুলি গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷ 

বিক্ষোভকাৰীৰ ভীৰৰ মাজত উদ্দেশ্য প্ৰণোদিতভাৱে হিংসা বিয়পোৱা লোক সোমাই পাঁচখনকৈ বাছ জলাই দিয়াৰ ফলতে এনেদৰে কঠোৰ পদক্ষেপ চিআৰপিএফে ল’বলগা হয় বুলি গৃহমন্ত্ৰীগৰাকীয়ে বিষয়টো স্পষ্ট কৰে৷ উল্লেখ্য যে দেওবাৰে আৰএছএছৰ মৈত্ৰী সংগঠন ভাৰতীয় কিষাণ সংঘই মুখ্যমন্ত্ৰী পৃথ্বীৰাজ সিং চৌহানৰ সৈতে আলোচনাত বহাৰ পিছতেই কিষাণ সংঘই বিক্ষোভ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল৷ 

কিন্তু আজি কিছুমান লোকে উদ্দেশ্যপ্ৰণোদিত ভাৱে কৃষকক পথভ্ৰষ্ট কৰা বুলি মুখ্যমন্ত্ৰী চৌহানে মন্তব্য কৰে৷ কৃষকৰ উৎপাদিত সামগ্ৰীৰ মূল্য স্থিৰ অৱস্থালৈ অনাৰ বাবে ১০০০ কোটি টকাৰ সুস্থিৰকৰণ পুঁজি মোকলোৱা হ’ব বুলিও সদৰী কৰে চৌহানে৷পৰিস্থিৰ অৱনতি ঘটা হেতুকে উক্ত অঞ্চলটোত সান্ধ্য আইন জাৰী কৰা হৈছেমৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ ক্ষতিপুৰণ দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।।