newsnextone.com। নগাঁওঃ পুৰুষ নহয়, এইবাৰ মহিলাই বহুৱাইছে এখন বজাৰ৷ সম্পূৰ্ণ থলুৱা তথা ঘৰুৱা উৎপাদিত সামগ্ৰীৰে নগাঁও জিলাৰ ৰহাৰ ফুলগুৰিত বহিছে এইখন মহিলা বজাৰ৷ ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত নীলকন্ঠ মণ্ডল সংগঠনৰ উদ্যোগত আৰু গ্ৰামীন জীৱিকা অভিযান আচঁনিৰ অধিনত ৩১ টা মহিলা আত্ম সহায়ক গোটৰ সহযোগত ফুলগুৰিত আৰম্ভ হৈছে এইখন সপ্তাহিক বজাৰ৷

প্ৰতি মঙ্গলবাৰে বহিবলগা এই বজাৰখন মঙলবাৰে শুভাৰম্ভ কৰা হয়৷ যাৰবাবে ফুলগুৰিত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ বিভিন্ন অঞ্চলৰ মহিলা আত্ম সহায়ক গোটবোৰে নিজৰ নিজৰ উৎপাদিত সামগ্ৰী বজাৰলৈ আনি বজাৰখন শুৱনি কৰি তুলিছে৷

কি নাই বজাৰ খনত, আলু ,কচু , বেঙেনা, লাও, পিঠা-পনাৰ পৰা চাদৰ-মেখেলা গামোচালৈকে, মাছ-মাংস পৰা চাহ দোকানলৈকে সকলো সামগ্ৰীকে বিক্ৰী কৰিছে উদ্যমী মহিলা সকলে৷

মহিলা সকলেই হাতত দগা-পাল্লা লৈ বিক্ৰী কৰিছে মাছ-মাংস৷ বিক্ৰী কৰিছে ঢেকীয়া, কলমৌ, কচুলতি,কলাডিল ইত্যাদি৷ মুঠৰ ওপৰত সকলো থলুৱা সামগ্ৰী উপলব্ধ হৈছে এই মহিলা বজাৰ খনত৷ প্ৰতি মঙ্গলবাৰে অনুষ্ঠিত হ’ব লগীয়া এই বজাৰখন উদ্বোধন কৰে ৰহা উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া ভাস্কৰ বৰবৰাই৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গ্ৰামীন জীৱিকা অভিযান আঁচনিৰ নগাঁও জিলাৰ বিষয়া সকল৷ প্ৰথম দিনাই বজাৰত দেখা গ'ল হাজাৰ হাজাৰ লোকৰ সমাগম৷ গ্ৰাহকে ক্ৰয় কৰিছে প্ৰয়োজনীয় সামগ্ৰী৷ উৎসাহিত হৈছে মহিলা সকল আৰু স্বাৱলম্বীতা আশা দেখিছে প্ৰতিগৰাকী মহিলাই৷

মহিলা সকলে যে পুৰুষৰ সমানেই জীৱিকা নিৰ্বাহ কৰিব পাৰে তাৰ এক উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে৷ মহিলা সকলৰ এই প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে৷