ইৰাম হবীব নামৰ এগৰাকী মুছলিম সম্প্ৰদায়ৰ মহিলা প্ৰথমবাৰৰ বাবে পায়লট বনিবলৈ সক্ষম হ’ল৷ ৩০ বছৰীয়া ইৰামে প্ৰাইভেট এয়াৰলাইনত উৰা মাৰিবলৈ সাঁজু হৈছে৷ ইয়াৰ আগেয়েও তনবী ৰেনা নামৰ এগৰাকী কাশ্মীৰী যুৱতী পাইলেট হৈছিল৷ ২০১৬ বৰ্ষত পাইলেট হোৱা তনবী কাশ্মীৰৰ প্ৰথম গৰাকী মহিলা পাইলেট আছিল৷ আনহাতে যোৱা বছৰৰ এপ্ৰিল মাহত ২১ বছৰীয়া আয়শা অজীজ দেশৰ যুৱ ছাত্ৰৰ পাইলেট হৈছিল বুলি জানিব পৰা গৈছে৷

পাইলেট হ’বলৈ ইমান সহজ কাম নহয় বুলি কয় ইৰামে৷ কিয়নো সংৰ্কীৰ্ণ ভাৱধাৰাৰ কাশ্মীৰ মুছলিম লোকৰ লগত সম্বন্ধিত লোক আছিল ইৰাম৷ ইকামৰ দেউতাকৰ বৃত্তি হিচাপে চৰকাৰী হাস্পতালৰ চাৰ্জিকেলত ব্যৱহাৰ হোৱা উপকৰণসমূহক সৰবৰাহ কৰা এজন লোক আছিল৷ সৰুকালৰ সপোন পূৰা কৰিবলৈ ইৰামে পিএইচডিৰ পঢ়া এৰি দিছিল৷ 

বৰ্তমানে ব্যৱসায়িক পাইলেটৰ লাইচেঞ্চৰ বাবে ইৰামে দিল্লীত ক্লাছ কৰি আছে৷ টাইমছ অৱ ইণ্ডিয়াই দিয়া খবৰৰ মতে ইৰামে ২০১৬ বৰ্ষত আমেৰিকাৰ মিয়ামীৰ পৰা নিজৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰে৷ 

কাশ্মীৰী মুছলিম তথা সকলোৰে কৰ্কথনাৰ পাছতো সকলোবোৰক আওকাণ কৰি ইৰামে পাইলেটৰ পঢ়া সাং কৰে৷ নিজৰ বাল্যকালৰ সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হোৱা ইৰামে এইবোৰ বিষয়ে সংবাদত প্ৰকাশ কৰে৷