newsnextone.com | ওৰাংঃ ওদালগুৰি জিলাৰ মাজবাটত ৰাজহ চক্ৰৰ অন্তৰ্গত বহু কেইখন গাঁও বানৰ পানীত ডুব যোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ডুব যোৱাৰ লগতে পথৰ ওপৰেৰেৰ পানী বাগৰি থকাত ৰাইজে যাতায়াতত ব্যাপক সমস্যাত পৰিছে।

 ইপিনে মাজবাট চহৰ সম্পূৰ্ণ ৰূপে প্লাবিত হৈ পৰিছে। অৰুণাচল প্ৰদেশৰ পাহাৰীয়া নৈ সমূহ পানী বাঢ়ি অহাত আতংকময় পৰিবেশৰ সৃষ্টি হয়। মাজবাট অঞ্চল নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা বানৰ ফলত ৰাইজ বিপাঙত পৰিছে ৰাইজ। মাজবাট চহৰ, খৰামখা, বামুনী গাঁও, খুচুৰাবাৰী আদি গাঁও সমূহ বানৰ কৱলত পৰে। আনহাতে ৰেল পথৰ ওপৰেৰে পানী বৈ থকাৰ বাবে ৰেল চলাচল স্তব্ধ হৈ পৰে কেইবা ঘণ্টা ধৰি। যাত্ৰী বাহী ৰেল মাজবাট চহৰৰ সমীপত ৰৈ থাকিব লগা হয়।