newsnextone.com | কাজিৰঙাঃ চকুৰ সন্মুখতে একো একোটা পৰিয়ালৰ সকলো শেষ কৰি পেলাইছে ধনশিৰিৰ বাঢ়নী পানীয়ে। ঘৰৰ সামগ্ৰী, সন্তানৰ কিতাপ পত্ৰ, সকলো নৈৰ বুকুত জাহ গৈছে। অনাহাৰে কটাবলগীয়া হৈছে পুৰুষ-মহিলা, শিশুৱে। আশ্ৰয় শিবিৰত তীব্ৰ খাদ্য সংকটে দেখা দিছে। নীপকোৱে এৰি দিয়া পানীৰ ফলত এতিয়া মহা প্ৰলয় আৰম্ভ হৈছে।

গোলাঘাট জিলাৰ নুমলীগড়ত বান পৰিস্থিতিয়ে এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে। যোৱা তিনিটা দিনত ৰাইজে হাহাকাৰ কৰি দিন পাৰ কৰিব লগা হৈছে। ওখ ঠাই বিচাৰি, অন্ন-বস্ত্ৰ বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। যোৱা দুটা দিনত সম্পূৰ্ণ যাতায়ত ব্যৱস্থা বন্ধ কৰি ৰখা হৈছে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে তীব্ৰ গতিত পানী বাগৰি থকাত গাড়ী-মটৰৰ চলাচল বন্ধ ৰখা হৈছে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ এফালৰ পৰা খহিব ধৰাত আতংকিত হৈ পৰিছে। সম্পূৰ্ণ ঘাই পথ খহাই নিলে শ-শ লোকৰ ঘৰ-দুৱাৰ উটি প্ৰলয়ৰ সৃষ্টি হ'ব। যাৰ বাবে আতংকিত হৈ পৰিছে ৰাইজ। 

নুমলীগড়ৰ পশ্ছিম ধোদাঙৰ মথাউৰি খহাই নিয়াৰ ফলত এটা চুবুৰিৰ নৈৰ বুকুত জাহ যোৱাৰ দৰেই হয়। ধনশিৰি নৈৰ পানী সম্পূৰ্ণ চুবুৰীটোৰ ওপৰেৰে ববলৈ আৰম্ভ কৰে। ফলত হাহাকাৰ সদৃশ পৰিবেশত এছডিআৰএফ আৰু এনডিআৰএফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

 গোলাঘাট জিলাত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে আতংকৰ কৰি সৃষ্টি কৰিছে। ধনশিৰি নৈ ফেনে ফোটাকাৰে বাঢ়ি অহাত গোলাঘাট জিলাত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বৃহস্পতিবাৰে নুমলীগড়ৰ বাউৰী গাঁৱৰ খৰ্গেশ্বৰ গোৱলা নামৰ এজন লোকৰ ধনশিৰিৰ বানত মৃত্যু হয়। শুকুৰবাৰে আন এজন লোকৰ মৃত্যু হয়। ঘৰৰ ভিতৰত পানী সোমাই অহাৰ ঘৰৰ পৰা ওলাবলৈ চেষ্টা কৰাৰ সময়তে লোক জনে ডুব যায় আৰু মৃত্যুক আকোৱালি লয়। আনহাতে, ধনশিৰি নৈৰ বানে ভোলাগুৰিত এখন কাঠৰ দলঙৰ এটা অংশ উটুৱাই নিয়ে। বিধায়ক মৃণাল শইকীয়াই মুকলি কৰিছিল দলংখন। 

 নীপকোৱে পানী এৰি দিয়াৰ ফলত ফেনে ফোটোকাৰে ধনশিৰিৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত ঘৰ-দুৱাৰ এৰি শ-শ লোকে ৰাজপথত আশ্ৰয় ল'বলগীয়া হৈছে। গোলাঘাট জিলাৰ নগৰৰ পৰা কিছু নিলগৰ লুৰুকিহাত, দুখুটিমুখ, ঢুলীয়া গাঁও, চেঁচামুখ, মিঠাআম, ৰংদৈ অঞ্চলৰ ৰাইজ বানৰ কৱলত পৰিছে যদিও প্ৰশাসনে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। জলবন্দী ৰাইজে ওখ ঠাই বিচাৰি হাহাকাৰ কৰিব লগা হৈছে।

বৃহস্পতিবাৰে পুৱাৰে পৰা নতুন বিপদে দেখা দিয়ে। কিয়নো ধনশিৰি নৈৰ প্ৰলংয়কাৰী বানত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ বুৰ যোৱাত চৌদিশে হাহাকাৰ লাগে ৰাইজৰ। ফলত প্ৰশাসনে যান-বাহনৰ যাতায়াত বন্ধ কৰি দিয়ে। ঘাইপথৰ পকী দলং উটুৱাই নিয়াৰ আশংকা কৰাৰ ফলতেই এই পদক্ষেপ গ্ৰহণ কৰে প্ৰশাসনে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ উজনি নামনিৰ গধুৰ যান-বাহনৰ চলাচল ইতিমধ্যে প্ৰশাসনে বন্ধ কৰিছে।