newsnextone.com | তামুলপুৰঃ ফুটবল খেলক তামুলপুৰ অঞ্চলত আৰু অধিক জনপ্ৰিয় কৰাৰ প্ৰয়াস কৰিছে কেইবাটাও অনুষ্ঠানে। শৰণীয়া কছাৰী উন্নয়ন পৰিষদ, গোর্খা উন্নয়ন পৰিষদ, হাজং উন্নয়ন পৰিষদ, আদিবাসী উন্নয়ন পৰিষদ, নাথ যোগী উন্নয়ন পৰিষদ আৰু মদাহী উন্নয়ন পৰিষদে ১৩ জুলাইৰ তামূলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত অনুষ্ঠিত কৰে ফুটবল প্ৰশিক্ষণ কৰ্মশালাৰ ১ আগষ্টত সামৰণি পৰে। 

শুকুৰবাৰে কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সামৰণি অনুষ্ঠানত শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ সমৰ অধ্যক্ষ দীপক ডেকা, গোর্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ লোকনাথ উপাধ্যায়, আদিবাসী উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰাফেল কুজুৰ, হাজং উন্নয়ন পৰিষদৰ অধ্যক্ষ সঞ্জীৱ হাজং, মদাহী উন্নয়ন পৰিষদৰ অধ্যক্ষ মকুণ্ড মদাহী, বিটিচিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰী, তামূলপুৰ ৰাজহ চক্ৰ বিষয়া আদিত্য গগৈ ,সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাস উপস্থিত থাকে। 

১৪-১৯ বছৰ অনুৰ্ধৰ দুটা শাখাৰ প্ৰশিক্ষণ কৰ্মশালাত ছয়টা জনগোষ্ঠীৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। প্ৰশিক্ষক দেবেন দাস, গুলজাৰী লাল পাঠক, মহাবীৰ এক্কা, কমলেশ্বৰ কলিতা, চন্দ্ৰ মোছাহাৰী, বাবুল খাখলাৰী আৰু এলেন নাৰ্জাৰীয়ে প্ৰশিক্ষণ দিয়ে। ছয়টা জনগোষ্ঠীৰ মাজত দুটা শাখাত অনুষ্ঠিত ফুটবল লীগ প্ৰতিযোগিতাৰ চূড়ান্ত খেল দুখনো অনুষ্ঠিত হয়।